অসম সাহিত্য সভাই প্ৰতিবছৰৰ দৰে আজি শিৱসাগৰত অৰুণোদই দিৱস পালন কৰে।
শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলা সাহিত্য সভা উদ্যোগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান ১৭৫ সংখ্যক অৰুণোদই দিৱস উদযাপন কৰে।
অসম সাহিত্য সভাই প্ৰতিবছৰে ১ জানুৱাৰীত অৰুণোদই দিৱস পালন কৰি আহিছে। অৰুণোদই দিৱসে আজি ১৭৫ সংখ্যক বছৰ অতিক্ৰম কৰিলে।
উল্লেখ যোগ্য যে, ঊনবিংশ শতিকাৰ ১৮৪৬ চনৰ আজিৰ দিনটোতে অসমত আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া বাৰ্তালোচনী অৰুণোদই প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যৰ উত্তৰণত এক যুগান্তকাৰী অধ্যায়ৰ সূচনা কৰিছিল।
অৰুণেদয় প্ৰকাশৰ ১৭৫ সংখ্যক জয়ন্তী আজি শিৱসাগৰত অসম সাহিত্য সভাই উলহ মালহেৰে উদযাপন কৰে।
ইপিনে, ১৭৫ সংখ্যক অৰুণোদয় দিৱসৰ লগত সংগতি ৰাখি বৰ্ডিং খেল পথাৰত ১৭৫ খন পতাকা উত্তোলন কৰা হয়।
অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
সাংস্কৃতিক অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হোৱা মুকলি সভাত অংশ গ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাচা, সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুন, ড০ নিৰুপমা মহন্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ভূপেন শইকীয়া, ড০ তপন কলিতা, লক্ষীনন্দন শইকীয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি।