• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ চনৰ লোকপিয়লত ৰাজ্যত অসমীয়া ভাষী লোকৰ সংখ্যা বৃদ্ধি পাব : পৰমানন্দ ৰাজবংশী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2019 7:01 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্য্যালয়ৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আজি সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে এখন সংবাদমেল আয়োজন কৰে।

সংবাদমেলত তেওঁ অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ভাষাৰ প্ৰচলনৰ ক্ষেত্ৰত সকলো কাম-কাজ, প্ৰয়োজনীয় নিৰ্দেশ আদি ইংৰাজীৰ লগতে চৰাকাৰী ভাষাত বাধ্যতামূলক কৰাৰ বাবে অসম সাহিত্য সভাই আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে বুলি উল্লেখ কৰে।

Apply Now

৪ জুনত ৰাজ্যৰ মুখ্য সচিব, অতিৰিক্ত সচিবৰ সৈতে অসম সাহিত্য সভাৰ প্ৰতিনিধিদলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল।

ৰাজবংশীয়ে সংবাদ মেলত মাতৃ ভাষা প্ৰয়োগৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি ব্যক্তিগত খণ্ডৰ ১২ খন বিশ্ববিদ্যালয়ে অসমীয়াত দৰকাৰী নীতি-নিৰ্দেশনা সমূহ প্ৰকাশ নকৰে বুলি উল্লেখ কৰি কয় যে য়ু জি চিয়ে কেতিয়াও অসমীয়া ভাষা ব্যৱহাৰ কৰিব নালাগে বুলি কোৱা নাই।

সভাৰ সভাপতিগৰাকীয়ে এইক্ষেত্ৰত যিবোৰ শিক্ষানুষ্ঠানে অসমীয়া ভাষা ব্যৱহাৰ নকৰে সেইবোৰ শিক্ষানুষ্ঠানলৈ য়ু জি চিৰ অনুদান কৰ্তন কৰিব লাগে আৰু নাক (NAAC) ৰ মূল্যাংকণত কম নম্বৰ দিব লাগে বুলি মত প্ৰকাশ কৰে।

আনহাতে, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ ৰাজধানীত অৱস্থিত সচিবালয়ৰ পৰা আৰম্ভ কৰিব লাগিব বুলি পৰমানন্দ ৰাজবংশীয়ে উল্লেখ কৰি এই ক্ষেত্ৰত অসম চৰকাৰৰ সচিবালয় সেৱা সন্থাৰ কৰ্মকৰ্তাৰ সৈতে হোৱা আলোচনাত সচিবালয়ৰ কৰ্ম-কৰ্তাসকলে অসমীয়া ভাষা প্ৰয়োগ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছে আৰু এমাহৰ ভিতৰত সচিবালয়ৰ নাম-ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ কথাও প্ৰকাশ কৰে বুলি কয়।

৪ জুনত সাহিত্য সভাৰ প্ৰতিনিধি দলে অগপ সভাপতি অতুল বৰাক সাক্ষাৎ কৰি ভাষা নীতি আৰু নিয়োগ নীতি সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত শীঘ্ৰে উচ্চ প্ৰাথমিক খণ্ডত ভাষা নীতি প্ৰয়োগ, অসমৰ চৰকাৰী বেচৰকাৰী খণ্ডৰ সকলোধৰণৰ চাকৰিৰ সাক্ষাৎকাৰত ৫০ শতাংশ মাতৃভাষা আৰু ৫০ শতাংশ অসমৰ চৰকাৰী ভাষা নীতি মতে প্ৰশ্নোত্তৰত মূল্যাংক নিৰ্ধাৰণ বিষয়টো শীঘ্ৰে বাধ্যতামূলক কৰা আৰু এই সন্দৰ্ভত শীঘ্ৰে অসম চৰকাৰৰ কেবিনেটক সিদ্ধান্ত লোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ বাবে বৰাক আহ্বান জনায়। বৰাই সভাৰ আহ্বানক গুৰুত্ব সহকাৰে লৈ বিষয়টো কেবিনেটত উত্থাপন কৰাৰ আশ্বাস দিয়ে।

সংবাদমেলত পৰমানন্দ ৰাজবংশীয়ে কয় যে ২০২১ চনৰ লোকপিয়লত ৰাজ্যত অসমীয়া ভাষী লোকৰ সংখ্যা বৃদ্ধি পাব। তেওঁ আগন্তুক লোকপিয়লত অসমীয়া ভাষী লোকৰ সংখ্যা ৭০ শতাংশলৈ বৃদ্ধি পোৱাটো নিশ্চিত বুলি কয়। এনেহ’লে চলো পাল্টাইৰ দৰে ভাষিক দ্বন্দ বিচৰা অপশক্তি ৰাজ্যখনৰ পৰা নিজেই নিচিহ্ন হৈ যাব বুলি মন্তব্য কৰে।

তদুপৰি, ৰাষ্ট্ৰীয় ভাষা নীতিৰ প্ৰসংগ উত্থাপন কৰি ৰাজবংশীয়ে কয় “ৰাষ্ট্ৰই হিন্দী ভাষা প্ৰচলনত যেনেদৰে গুৰুত্ব দিছে তাত কেতিয়াও আপত্তি নাই। কিন্তু ভাষা নীতিত অসমত দ্বাদশ শ্ৰেণীলৈকে অসমৰ চৰকাৰী ভাষা তথা খিলঞ্জীয়া মাতৃভাষাৰ শিক্ষা বাধ্যতামূলক কৰাটো সন্নিবিষ্ট কৰিব লাগিব। অনথ্য এই ভাষা নীতি মানি লোৱা নহ’ব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd