• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমৰ শিপিনীয়ে প্ৰস্তুত কৰা গামোচা’, আৰ’নাই আদি চৰকাৰে ক্ৰয় কৰক’, অসম সংগ্ৰামী মঞ্চ

‘অসমৰ শিল্পী আৰু কলাকুশলীসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে আৰ্থিক সাহায্য প্ৰদান কৰক’, অদীপ কুমাৰ ফুকন

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 8, 2020 8:13 pm
index.jpgnnf
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্তব্ধ হৈ পৰা বস্ত্ৰ নগৰী শুৱালকুছিৰ হস্ততাঁত শিল্পৰ ক্ষেত্ৰখনৰ লগতে সমগ্ৰ অসমৰ শিপিনী তথা বোৱনীসকলৰ বাবে চৰকাৰে বিশেষ আৰ্থিক সহযোগ আগবঢ়াৱৰ বাবে এক বিবৃতি যোগে দাবী জনাইছে অসম সংগ্ৰামী মঞ্চই।

আঞ্চলিক দলটোৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে প্ৰেৰণ কৰা বিবৃতিত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰণজিৎ দত্তক উদ্দ্যেশি কয়, ‘ব’হাগ বিহুক লক্ষ্য কৰি অসমৰ শিপিনী-বোৱনীসকলে প্ৰস্তুত কৰা গামোচা, আৰ’নাই আদিক চৰকাৰে নিজস্বভাৱে ক্ৰয় কৰি এই আৰ্থিক সংকটৰ সময়ত তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়ক। লকডাউন চলি থকাৰ মাজতে ব’হাগ বিহুৰ উদ্দেশ্যে চৰকাৰে নিজস্ব বিপনীৰ জৰিয়তে সেয়া বিক্ৰী কৰিব পাৰিব।’

Apply Now

আনহাতে ব’হাগ বিহু আৰু ব’হাগ মাহৰ ওপৰত ভিত্তি কৰি চলি থকা অসমৰ বস্ত্ৰ উদ্যোগটোক জীয়াই থকাৰ স্বাৰ্থত চৰকাৰে পৃষ্ঠপোষকতা কৰিব লাগে বুলি মঞ্চই দাবী জনায় ।

‘পাট সূতাৰ অত্যাধিক মূল্য বৃদ্ধি কৰিছে এচাম অসাধু ব্যৱসায়ীয়ে। শুৱালকুছিৰ প্ৰায় ১৫ হাজাৰ শিপিনী আজি সংকটত পৰিছে। চৰকাৰৰ কোনো আৰ্থিক আঁচনিত স্থান নোপোৱা এই ১৫ হাজাৰ শিপিনীৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা ২৫ লাখতকৈয়ো অধিক বোৱনীলৈকো অসম চৰকাৰে আৰ্থিক সহযোগ আগবঢ়োৱা উচিত ।’ বিবৃতিত নেতাদ্বয়ে এনেদৰে কয় ।

আনহাতে অসমৰ শিল্পী আৰু কলাকুশলীসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য কাৰ্যকৰী কৰাৰ বাবে মঞ্চই দাবী জনায়।

ইয়াৰোপৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ব’হাগ মাহটোত কোনো বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা শিল্পীসকলৰ বছৰটোৰ বাবেই আয়ৰ পথটো একপ্ৰকাৰ বন্ধ হয় বুলি নেতা দ্বয়ে বিবৃতিত উল্লেখ কৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক বিশেষভাৱে গুৰুত্ব দিবলৈ আহ্বান জনায়।

Tags: COVID-19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd