কৃষি প্ৰধান দেশ ভাৰতত কৃষকৰ এইয়া কেনে দুৰৱস্থা? আলুৰ উচিত মূল্য আৰু এখন উপযুক্ত বজাৰ বিচাৰি হাবাথুৰি খাইছে অসমৰ কৃষক ৰাইজে। বিশেষকৈ তিনিচুকীয়া জিলাৰ শদিয়াৰ আলু খেতিয়কসকলৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে। উচিত মূল্যৰ অভাৱত এতিয়া সংকটত পৰিছে কৃষিৰে আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা হাজাৰ হাজাৰ শিক্ষিত যুৱক।
শদিয়া অঞ্চলৰ বিস্তীৰ্ণ নৈ-পৰীয়া চাপৰিত আলু খেতি কৰি বহুত উদ্যমী যুৱক স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছিল। কিন্তু চলিত বৰ্ষত আলুৰ নূন্যতম বজাৰ মূল্য নোপোৱাৰ ফলত সেই আশা এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে। খেতিয়কসকলৰ অভিযোগ অনুসৰি, তেওঁলোকে কঠিয়া আলু প্রতি কিলো ৬০ টকাকৈ ক্ৰয় কৰি খেতি আৰম্ভ কৰিছিল। কিন্তু উৎপাদনৰ পাছত বজাৰত উচিত মূল্য নোপোৱাৰ ফলত তেওঁলোক ব্যাপক লোকচানৰ মুখামুখি হৈছে। এই ভয়ংকৰ মূল্য ব্যৱধানৰ আঁৰত থকা মধ্যভোগীসকলৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে কৃষকসকলে।
আন এক অভিযোগ অনুসৰি, বহিঃৰাজ্যৰ পৰা অহা নিম্ন মানদণ্ডৰ আলুৰে অসমৰ বজাৰ ভৰি পৰাৰ ফলত স্থানীয় খেতিয়কসকল উচিত মূল্যৰ পৰা বঞ্চিত হৈছে। ঋণ লৈ খেতি আৰম্ভ কৰা যুৱকসকল এতিয়া ঋণৰ বোজাত পোত খাই পৰিছে, যাৰ বাবে বহু কৃষক আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে।
জানিব পৰা মতে শদিয়াৰ প্ৰায় ২৫০০ হেক্টৰতকৈও অধিক মাটিত আলু উৎপাদন কৰি পূৰ্বতে বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হৈছিল। কিন্তু চলিত বৰ্ষত বজাৰৰ মন্দাৱস্থাৰ বাবে মাত্ৰ ৩০ শতাংশ আলুহে বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে। বাকী ৭০ শতাংশ আলু উপযুক্ত মূল্যৰ অভাৱত এতিয়াও কৃষিভূমিতেই আৱদ্ধ হৈ আছে। যদিহে শীঘ্ৰে ইয়াৰ সমাধান নহয়, তেন্তে এই ৭০ শতাংশ আলু সম্পূর্ণৰূপে নষ্ট হৈ পৰিব।
এই সংকটপূৰ্ণ পৰিস্থিতিত খেতিয়কসকলে চৰকাৰৰ ওচৰত দুটা মুখ্য দাবী উত্থাপন কৰিছে:
১/ আলুৰ উচিত নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা।
২/ শদিয়াত এটি অত্যাধুনিক শীতলীকৃত ভঁৰালৰ ব্যৱস্থা কৰা।
কৃষকসকলে সকীয়াই দিছে যে, যদিহে চৰকাৰে এই সময়মতে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা নতুন প্ৰজন্ম পুনৰ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিবলৈ বাধ্য হ’ব। অন্নদাতা কৃষকসকলে যদি এনেদৰে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হয়, তেন্তে কৃষিকৰ্মৰ প্ৰতি যুৱ প্ৰজন্মৰ আস্থা হেৰাই যোৱাটো নিশ্চিত। শদিয়াৰ এই হাহাকাৰ কেৱল এটা অঞ্চলৰ নহয়, এয়া সমগ্ৰ অসমৰ কৃষি অৰ্থনীতিৰ বাবেই এক অশনি সংকেত।





