• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শদিয়াৰ আলু খেতিয়কৰ হাহাকাৰ: উচিত মূল্যৰ অভাৱত কৃষিভূমিতে পচিছে শ্বেত বিপ্লৱৰ সপোন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 6:50 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি প্ৰধান দেশ ভাৰতত কৃষকৰ এইয়া কেনে দুৰৱস্থা? আলুৰ উচিত মূল্য আৰু এখন উপযুক্ত বজাৰ বিচাৰি হাবাথুৰি খাইছে অসমৰ কৃষক ৰাইজে। বিশেষকৈ তিনিচুকীয়া জিলাৰ শদিয়াৰ আলু খেতিয়কসকলৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে। উচিত মূল্যৰ অভাৱত এতিয়া সংকটত পৰিছে কৃষিৰে আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা হাজাৰ হাজাৰ শিক্ষিত যুৱক।

শদিয়া অঞ্চলৰ বিস্তীৰ্ণ নৈ-পৰীয়া চাপৰিত আলু খেতি কৰি বহুত উদ্যমী যুৱক স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছিল। কিন্তু চলিত বৰ্ষত আলুৰ নূন্যতম বজাৰ মূল্য নোপোৱাৰ ফলত সেই আশা এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে। খেতিয়কসকলৰ অভিযোগ অনুসৰি, তেওঁলোকে কঠিয়া আলু প্রতি কিলো ৬০ টকাকৈ ক্ৰয় কৰি খেতি আৰম্ভ কৰিছিল। কিন্তু উৎপাদনৰ পাছত বজাৰত উচিত মূল্য নোপোৱাৰ ফলত তেওঁলোক ব্যাপক লোকচানৰ মুখামুখি হৈছে। এই ভয়ংকৰ মূল্য ব্যৱধানৰ আঁৰত থকা মধ্যভোগীসকলৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে কৃষকসকলে।

Apply Now

আন এক অভিযোগ অনুসৰি, বহিঃৰাজ্যৰ পৰা অহা নিম্ন মানদণ্ডৰ আলুৰে অসমৰ বজাৰ ভৰি পৰাৰ ফলত স্থানীয় খেতিয়কসকল উচিত মূল্যৰ পৰা বঞ্চিত হৈছে। ঋণ লৈ খেতি আৰম্ভ কৰা যুৱকসকল এতিয়া ঋণৰ বোজাত পোত খাই পৰিছে, যাৰ বাবে বহু কৃষক আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে।

জানিব পৰা মতে শদিয়াৰ প্ৰায় ২৫০০ হেক্টৰতকৈও অধিক মাটিত আলু উৎপাদন কৰি পূৰ্বতে বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হৈছিল। কিন্তু চলিত বৰ্ষত বজাৰৰ মন্দাৱস্থাৰ বাবে মাত্ৰ ৩০ শতাংশ আলুহে বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে। বাকী ৭০ শতাংশ আলু উপযুক্ত মূল্যৰ অভাৱত এতিয়াও কৃষিভূমিতেই আৱদ্ধ হৈ আছে। যদিহে শীঘ্ৰে ইয়াৰ সমাধান নহয়, তেন্তে এই ৭০ শতাংশ আলু সম্পূর্ণৰূপে নষ্ট হৈ পৰিব।

এই সংকটপূৰ্ণ পৰিস্থিতিত খেতিয়কসকলে চৰকাৰৰ ওচৰত দুটা মুখ্য দাবী উত্থাপন কৰিছে:

১/ আলুৰ উচিত নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা।

২/ শদিয়াত এটি অত্যাধুনিক শীতলীকৃত ভঁৰালৰ ব্যৱস্থা কৰা।

কৃষকসকলে সকীয়াই দিছে যে, যদিহে চৰকাৰে এই সময়মতে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা নতুন প্ৰজন্ম পুনৰ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিবলৈ বাধ্য হ’ব। অন্নদাতা কৃষকসকলে যদি এনেদৰে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হয়, তেন্তে কৃষিকৰ্মৰ প্ৰতি যুৱ প্ৰজন্মৰ আস্থা হেৰাই যোৱাটো নিশ্চিত। শদিয়াৰ এই হাহাকাৰ কেৱল এটা অঞ্চলৰ নহয়, এয়া সমগ্ৰ অসমৰ কৃষি অৰ্থনীতিৰ বাবেই এক অশনি সংকেত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd