লকডাউনৰ সময়ছোৱাত অসমৰ চাহ উদ্যোগে ৬০০ কোটি টকা লোকচান কৰিলে বুলি আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰি উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বীকাৰ কৰে।
‘চাহৰ উৎপাদন বহু পৰিমাণে কমি গৈছে এই বৰ্ষত। চাহৰ এটা চিজন খেতিয়কসকলে নষ্ট কৰিলে। এইবাৰ ১হাজাৰ কোটি টকা লোকচান হৈছে। লকডাউনৰ সময়ছোৱাত অসমত ৬০০ কোটি টকা লোকচান হয়।‘ তেওঁ কয়।
মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ‘২০১৯ চনত ভাৰতত চাহ উৎপাদন হৈছিল ৭১৫.৪৯ মিলিয়ন কিঃ গ্ৰাঃ চাহ উৎপাদন হৈছিল। ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫১.৫১ মিলিয়ন কিঃ গ্ৰাঃ অসমে অকলে উৎপাদন কৰে।‘
ইপিনে, চাহ উদ্যোগৰ মালিকক উদ্যোগ চলোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক দিবলগীয়া ফিক্সড চাৰ্জৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে বুলি তেওঁ কয়।
আন এক প্ৰসংগ উত্থাপন কৰি পাটোৱাৰীয়ে কয় ‘আমেৰিকা, জাপান আৰু কোৰিয়াৰ বহু প্ৰতিষ্ঠানে চীনৰ পৰা তেওঁলোকৰ উৎপাদন কেন্দ্ৰ ভাৰতলৈ স্থানান্তৰ কৰিব বিচাৰিছে বুলি চৰ্চিত হৈছে’।
এই প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ উৎপাদন কেন্দ্ৰ অসমলৈ স্থানান্তৰ কৰিবলৈ উদগনি দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দপ্তৰৰ উপৰি বিভিন্ন সংস্থাৰ সৈতে আলোচনা চলাই আছে বুলি মন্ত্ৰী পাটোৱাৰীয়ে কয়।
আলোচনা চলাই বিভাগসমূহ হৈছে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য প্ৰসাৰ বিভাগ, ইনভেষ্ট ইণ্ডিয়া, জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যন, ইউ এছ ইণ্ডিয়া বিজনেছ কাউন্সিল আৰু ইউ এছ চেম্বাৰ অৱ কমাৰ্চ।
‘উদ্যোগ আৰু বাণিজ্য বিভাগে জাপানৰ উদ্যোগৰ বিনিয়োগ আকৰ্ষণ কৰিব বাবে অসমত এখন জাপানী ঔদ্যোগিক নগৰ স্থাপনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেন্ট ফৰ প্ৰমোচন অৱ ইণ্ডাষ্ট্ৰী এণ্ড ইন্টাৰ্নেল ট্ৰেড আৰু জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যনৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা কৰিছে।‘ মন্ত্ৰীগৰাকীয়ে কয়।
ইপিনে লকডাউনৰ মাজতে বহিঃৰাজ্যৰ পৰা ৪৫২ খন ট্ৰেইনত অসমলৈ খাদ্য সামগ্ৰী অনা হ’ল বুলি চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।
তেওঁ কয় ‘৫ লাখ মেট্ৰিকটন চাউল ইতিমধ্যে এই ট্ৰেইনৰে আহিছে। অসমৰ বাবে এইটো অল টাইম ৰেকৰ্ড। পৰিবহণ বিভাগে মুঠ ৩৯ হাজাৰ শ্ৰমিক চাউল-দালিকে ধৰি অন্যান্য খাদ্য সামগ্ৰী ৰেইলসমূহৰ পৰা নমাবলৈ ব্যৱহাৰ কৰিছে। অসমৰ বিভিন্ন ঠাইলৈ এই সামগ্ৰীসমূহ ৫৩ হাজাৰ ট্ৰাকৰে কঢ়িয়াই নিয়াৰ ব্যৱস্থা কৰা হৈছে।’
ইয়াৰোপৰি, লকডাউনৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যতে স্বাস্থ্য কৰ্মী আৰু আৰক্ষীৰ লোকক কঢ়িয়াবৰ বাবে ২৮৩ খন বাছ অসম পৰিবহন নিগমে যোগান ধৰিছে বুলিও তেওঁ সংবাদমেলত কয়।