• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বৰপেটা এক্সপ্ৰেছ’ কৃষ্ণ দাসৰ আক্ৰমণত তচনচ অসমৰ বেটিং লাইন আপ

অসম দলত স্থান নাপাই গোৱাৰ হৈ চমক দেখুৱালে কৃষ্ণই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2018 9:40 pm
Krishna Das

ইণ্টাৰনেটৰ পৰা সংগৃহীত কৃষ্ণ দাসৰ ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম আৰু গোৱা দলৰ মাজত ৰঞ্জি ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হৈ আছে। মেচখন সংবাদ মাধ্যম তথা অসম ক্ৰিকেটপ্ৰেমীৰ বাবে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অসমৰ পেচবলাৰ কৃষ্ণ দাস।

২০১৬ৰ ৰঞ্জি আৰু ইৰাণী ট্ৰফীত ৫৩ টাকৈ উইকেট দখল কৰি দেশৰ ভিতৰতে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱা তথা উক্ত বৰ্ষতে ‘ইণ্ডিয়া এ’ দলৰ হৈ খেলা অসমৰ পেচ বলাৰ কৃষ্ণ দাসে চলিত ছিজনত অসমৰ পৰিৱৰ্তে গোৱাৰ হৈ খেলাৰ সিদ্ধান্তই এতিয়া বিপাঙত পেলাইছে অসমক।

Apply Now

উল্লেখ্য যে ২২ ডিচেম্বৰৰ পৰা চলা মেচখনত ঘৰুৱা দল অসমে প্ৰথমে বেট ধৰি ১৭৫ ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হৈছিল। অসমৰ এই বিপৰ্যয়ৰ মূলতে আছিল গোৱাৰ পেচবলাৰ লক্ষ্য গাৰ্গ। লক্ষ্যই গোৱাৰ হৈ ৫টা উইকেট দখল কৰে। তদুপৰি কৃষ্ণ দাসে ২টা, ফেলিক্স এলেমাওে ২টা আৰু অমিত বাৰ্মাই এটা উইকেট দখল কৰে।

অসমৰ ১৭৫ ৰানৰ প্ৰত্যুত্তৰত বেট ধৰিবলৈ অহা গোৱাও অসমৰ বলাৰৰ আগত তিষ্ঠিব নোৱাৰি ১৯৩ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে। বেটছমেন সকলে আশাপ্ৰদ প্ৰদৰ্শন কৰিব নোৱাৰিলে যদিও প্ৰথম ইনিংছত গোৱাই ১৮ ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। অসমৰ হৈ অৰূপ আৰু মুখতাৰ হুছেইনে তিনিটাকৈ তথা ৰঞ্জিত মালী আৰু পল্লৱকুমাৰ দাসে দুটাকৈ উইকেট লাভ কৰে।

ইফালে আজি অসমে খেলৰ দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহিহে শলঠেকত পৰা দেখা যায়। প্ৰথম ইনিংছত বিশেষ চাপ পেলাবলৈ সক্ষম নোহোৱা ‘বৰপেটা এক্সপ্ৰেছ’ খ্যাত কৃষ্ণ দাসে দ্বিতীয় ইনিংছত তচনচ কৰি দিয়ে অসমৰ বেটিং লাইন আপ। দ্বিতীয় দিনাৰ খেলৰ অন্তলৈকে অসমে চাৰিটা উইকেটৰ বিনিময়ত ১১৯ ৰান কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে চলিত ছিজনত অসম দল ত্যাগ কৰি গোৱাৰ হৈ খেলাৰ সিদ্ধান্ত লোৱা কৃষ্ণই দ্বিতীয় ইনিংছত প্ৰতিশোধমূলক মনোভাৱেৰে বলিং কৰি অসমৰ আটাইকেইটা উইকেটে দখল কৰিবলৈ সক্ষম হয়।

এইখিনিতে মন কৰিবলগীয়া কথা যে ২০১৬ বৰ্ষলৈকে অসমৰ ৰঞ্জি দলৰ মূল বলিং যুটী আছিল বৰপেটাৰ দুই বলাৰ কৃষ্ণ আৰু অৰূপ। কিন্তু অসম ক্ৰিকেট সন্থা আৰু ৰে’লৱেৰ মইমতালিৰ বাবে যোৱা বছৰ অসম দলৰ পৰা আঁতৰি থাকিব লগীয়া হয় অভিজ্ঞ তথা প্ৰতিভাৱান বলাৰ কৃষ্ণ দাস। সেয়ে কৃষ্ণই চলিত ছিজনত ৰে’লৱেৰ পৰা আপত্তিহীন প্ৰমাণ-পত্ৰ লৈ গোৱাৰ হৈ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কৃষ্ণ দাসে লোৱা এই সিদ্ধান্তৰ বাবেই এতিয়া অসম দল বেকফুটত পৰা পৰিলক্ষিত হৈছে। অসম ক্ৰিকেট সন্থাৰ অমনযোগিতাৰ বাবে অসম ক্ৰিকেটত এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি একাংশ প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd