DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বৰপেটা এক্সপ্ৰেছ’ কৃষ্ণ দাসৰ আক্ৰমণত তচনচ অসমৰ বেটিং লাইন আপ

অসম দলত স্থান নাপাই গোৱাৰ হৈ চমক দেখুৱালে কৃষ্ণই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2018 9:40 pm
Krishna Das

ইণ্টাৰনেটৰ পৰা সংগৃহীত কৃষ্ণ দাসৰ ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

২২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম আৰু গোৱা দলৰ মাজত ৰঞ্জি ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হৈ আছে। মেচখন সংবাদ মাধ্যম তথা অসম ক্ৰিকেটপ্ৰেমীৰ বাবে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অসমৰ পেচবলাৰ কৃষ্ণ দাস।

২০১৬ৰ ৰঞ্জি আৰু ইৰাণী ট্ৰফীত ৫৩ টাকৈ উইকেট দখল কৰি দেশৰ ভিতৰতে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱা তথা উক্ত বৰ্ষতে ‘ইণ্ডিয়া এ’ দলৰ হৈ খেলা অসমৰ পেচ বলাৰ কৃষ্ণ দাসে চলিত ছিজনত অসমৰ পৰিৱৰ্তে গোৱাৰ হৈ খেলাৰ সিদ্ধান্তই এতিয়া বিপাঙত পেলাইছে অসমক।

উল্লেখ্য যে ২২ ডিচেম্বৰৰ পৰা চলা মেচখনত ঘৰুৱা দল অসমে প্ৰথমে বেট ধৰি ১৭৫ ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হৈছিল। অসমৰ এই বিপৰ্যয়ৰ মূলতে আছিল গোৱাৰ পেচবলাৰ লক্ষ্য গাৰ্গ। লক্ষ্যই গোৱাৰ হৈ ৫টা উইকেট দখল কৰে। তদুপৰি কৃষ্ণ দাসে ২টা, ফেলিক্স এলেমাওে ২টা আৰু অমিত বাৰ্মাই এটা উইকেট দখল কৰে।

অসমৰ ১৭৫ ৰানৰ প্ৰত্যুত্তৰত বেট ধৰিবলৈ অহা গোৱাও অসমৰ বলাৰৰ আগত তিষ্ঠিব নোৱাৰি ১৯৩ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে। বেটছমেন সকলে আশাপ্ৰদ প্ৰদৰ্শন কৰিব নোৱাৰিলে যদিও প্ৰথম ইনিংছত গোৱাই ১৮ ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। অসমৰ হৈ অৰূপ আৰু মুখতাৰ হুছেইনে তিনিটাকৈ তথা ৰঞ্জিত মালী আৰু পল্লৱকুমাৰ দাসে দুটাকৈ উইকেট লাভ কৰে।

ইফালে আজি অসমে খেলৰ দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহিহে শলঠেকত পৰা দেখা যায়। প্ৰথম ইনিংছত বিশেষ চাপ পেলাবলৈ সক্ষম নোহোৱা ‘বৰপেটা এক্সপ্ৰেছ’ খ্যাত কৃষ্ণ দাসে দ্বিতীয় ইনিংছত তচনচ কৰি দিয়ে অসমৰ বেটিং লাইন আপ। দ্বিতীয় দিনাৰ খেলৰ অন্তলৈকে অসমে চাৰিটা উইকেটৰ বিনিময়ত ১১৯ ৰান কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে চলিত ছিজনত অসম দল ত্যাগ কৰি গোৱাৰ হৈ খেলাৰ সিদ্ধান্ত লোৱা কৃষ্ণই দ্বিতীয় ইনিংছত প্ৰতিশোধমূলক মনোভাৱেৰে বলিং কৰি অসমৰ আটাইকেইটা উইকেটে দখল কৰিবলৈ সক্ষম হয়।

এইখিনিতে মন কৰিবলগীয়া কথা যে ২০১৬ বৰ্ষলৈকে অসমৰ ৰঞ্জি দলৰ মূল বলিং যুটী আছিল বৰপেটাৰ দুই বলাৰ কৃষ্ণ আৰু অৰূপ। কিন্তু অসম ক্ৰিকেট সন্থা আৰু ৰে’লৱেৰ মইমতালিৰ বাবে যোৱা বছৰ অসম দলৰ পৰা আঁতৰি থাকিব লগীয়া হয় অভিজ্ঞ তথা প্ৰতিভাৱান বলাৰ কৃষ্ণ দাস। সেয়ে কৃষ্ণই চলিত ছিজনত ৰে’লৱেৰ পৰা আপত্তিহীন প্ৰমাণ-পত্ৰ লৈ গোৱাৰ হৈ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কৃষ্ণ দাসে লোৱা এই সিদ্ধান্তৰ বাবেই এতিয়া অসম দল বেকফুটত পৰা পৰিলক্ষিত হৈছে। অসম ক্ৰিকেট সন্থাৰ অমনযোগিতাৰ বাবে অসম ক্ৰিকেটত এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি একাংশ প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd