• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

পাণবজাৰ থানাত গোচৰ ভুক্তভোগী মহিলা সাংবাদিকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 17, 2021 8:31 pm
Nipa Ba Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো এখন সংবাদমেল সম্বোধন কৰিলে উদ্যোক্তাক বিষয়টোৰ ওপৰত নজনা কথা থাকিলে প্ৰশ্ন কৰাটো একোগৰাকী সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য।

নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলৈ গৈয়ে শাৰীৰিক তথা মানসিকভাৱে অপদস্থ হ’ল এগৰাকী মহিলা সাংবাদিক।

Apply Now

ভুক্তভোগী মহিলা সংবাদিকগৰাকীয়ে পাণবজাৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি শনিবাৰে বলিউদৰ পৰিচালক উমাশংকৰ ঝাৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘ছেভেন চিষ্টাৰ্ছ ওৱান ব্ৰাদাৰ’ শীৰ্ষক চলচ্চিত্ৰখনৰ সন্দৰ্ভত আয়োজিত এক সংবাদমেলত প্ৰশ্নোত্তৰ কালত প্ৰশ্ন কৰিছিল নিপা কাকতি নামৰ ‘আমাৰ অসম’ কাকতৰ সাংবাদিকগৰাকীয়ে।

সাংবাদিকগৰাকীয়ে চলচ্চিত্ৰখনৰ বিষয়বস্তু বা কাহিনী কেনেধৰণৰ হ’ব সেই সন্দৰ্ভত প্রশ্ন সোধাত পৰিচালকগৰাকীয়ে কয় ‘আমি ছবিখনৰ কাহিনী ৰিভিল কৰিব নোৱাৰো। আমাৰ কিছুমান নিজস্ব ৰোল আছে।‘

তাৰ পাছত সাংবাদিকগৰাকীয়ে পুনৰ প্ৰশ্ন কৰি কয় ‘উত্তৰ-পূৰ্বাঞ্চলক এখন ছবিত উপস্থাপন কৰিব যিহেতু বিচৰা হৈছে, সেয়েহে নিশ্চিতভাৱে পৰিচালক ঝা উত্তৰ-পূবৰ সমস্যা তথা অন্যান্য আনুষংগিক বিষয়বোৰৰ বিষয়ে জানে বা অধ্যয়ন কৰিছে নে?’

এই প্ৰশ্ন শুনিয়েই সহ্য নহ’ল ছবিখনৰ পৰিচালকৰ। নিপা কাকতিৰ ওপৰত খৰ্গহস্ত হৈ পৰিচালকগৰাকীয়েহে ওলোটাই সাংবাদিকগৰাকীক প্ৰশ্ন কৰিবলৈ লয়।

‘আপুনি উত্তৰ পূৰ্বাঞ্চলৰ সকলো কথা জানে নেকি?’ পৰিচালকগৰাকীয়ে খঙত এই কথা কয় নিপা কাকতিক।

তাৰোপৰি, এজাহাৰত কাকতিয়ে উল্লেখ কৰা অনুসৰি অসমীয়া গামোচাখনেৰে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ বাবে অনা অসমীয়াৰ স্বাভিমান গামোচাখন অসমৰ হয় নে বুলি প্ৰশ্ন কৰাত সাংবাদিকগৰাকীকহে ওলোটাই উপস্থিত সকলোৱে ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰে।

ইমানতে ক্ষান্ত নাথাকি চলচ্চিত্ৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰা সকলোৱে বিভিন্ন প্ৰশ্ন সুধি ইতিকিং কৰাৰ লগতে প্ৰশ্ন কৰাৰ বাবে ক’ত সাহস পালে বুলিও প্ৰশ্ন কৰে।

Ejahar 2(1)

‘এই অনুষ্ঠানত এজন শকত-আৱত লোকে নিপা কাকতিক এইবোৰ প্ৰশ্ন কৰিবলৈ সাহস ক’ত পালে, আপুনি কোন আদি প্রশ্ন কৰে তেওঁ প্ৰশ্ন কৰাৰ পাছতে তেওঁক সমৰ্থন জনাই সকলোৱে হাঁহিৰে কিৰিলি পাৰি উঠে। আৰু প্ৰেক্ষাগৃহৰ বাহিৰলৈ ওলাই অহাৰ পাছত মই প্ৰেছ ক্লাৱৰ কৰ্তৃপক্ষক এই এই সন্দৰ্ভত অৱগত কৰাৰ পাছত সেই মানুহজনে পুনৰ মোক চোঁচা মাৰি আহি বাহুত ধৰি বাহিৰলৈ ঠেলি মাৰি বাহিৰলৈ উলিয়াই লৈ যায়।‘ শাৰীৰিকভাৱে অপদস্থ কৰা এজাহাৰত এইদৰে উল্লেখ কৰে কাকতিয়ে।

নিপা কাকতিক এইদৰে শাৰীৰিকভাৱে অপদষ্ট কৰা লোকজন প্ৰাঞ্জল কুমাৰ গগৈ বুলি চিনাক্ত কৰা হৈছে।

সাংবাদিক নিপা কাকতিয়ে কৰ্তব্যৰ সময়ত তেওঁক শাৰীৰিকভাৱে অপদষ্ট কৰা লোকজন সন্দৰ্ভত বিহিত ব্যৱস্থা ল’বলৈ পাণবজাৰ মহিলা আৰক্ষীক দাবী জনাইছে।

পাণবজাৰ মহিলা আৰক্ষীয়ে আজি প্ৰাঞ্জলৰ লগতে উদ্যোক্তাসকলক থানালৈ মাতি আনি বৰ্তমানো সোধা-পোছা অৱ্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইপিনে, মহিলা সাংবাদিকক শাৰীৰিকভাৱে অপদষ্ট কৰা ঘটনাৰ পাছতে ক্ষোভ প্ৰকাশ কৰি এই ঘটনাৰ গৰিহণা দিছে যুৱ সাংবাদিক মঞ্চ, অসমে।

মঞ্চৰ সম্পাদক নীতিশ শৰ্মা আৰু যুটীয়া সম্পাদক ক্ৰমে দিব্যজ্যোতি দাস আৰু দেৱাশীষ কাঠকটীয়াই এক বিজ্ঞপ্তিৰ জৰিয়তে এই কাৰ্যৰ গৰিহণা দি লগতে কয় ‘দোষীক যাতে শীঘ্ৰে আৰক্ষীয়ে শাস্তি প্ৰদান কৰে লগতে প্ৰেছ ক্লাৱৰ দৰে স্থানত এগৰাকী মহিলা সাংবাদিকক অপদস্থ কৰা ঘটনাৰ গৃহ বিভাগে তদন্ত কৰক।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd