• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত “ভাষা ২০২০ শৃংখলাৰ” অসমীয়া ভাষা, ক’লা, সংস্কৃতিৰ বাৰেৰহনীয়া উৎসৱ উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2020 11:08 am
Bhasha_2020
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে, দিল্লীৰ প্ৰখ্যাত এছিয়ান লিটাৰেৰি চছাইটিয়ে,জাৰ্ণাল অফ এছিয়ান আৰ্ট,কালচাৰ এণ্ড লিটাৰেচাৰৰ সহযোগত ,(ভাষা শৃংখলাৰ ২০২০ )দিনটোযোৰা কাৰ্যসূচীৰে অসমীয়া, ভাষা,ক’লা সংস্কৃতিৰ উৎসৱ উদযাপন কৰে।

দিনটোৰ কাৰ্যসূচী আৰম্ভণি হয় সংস্থাৰ প্ৰতিষ্ঠাতা তথা প্ৰখ‍্যাত কবি, লিখক, চিত্ৰশিল্পী মনোজ কৃষ্ণনৰ আদৰণি ভাষণেৰে।

Apply Now

অসমৰ বহুতো গুণী মানি প্ৰসিদ্ধ সাহিত্যিক তথা শিল্পীয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

সভা আৰম্ভ হয় বিশিষ্ট লেখিকা তথা অতি আদৰৰ সাহিত্য অকাডেমি বিজেতা অৰুপা পটঙ্গীয়া কলিতাৰ লগত হোৱা লাইভ বৈঠকেৰে।

প্ৰিয় সাহিত্যিক গৰাকীয়ে অসমীয়া সাহিত্যৰ গৌৰৱময় ইতিহাসৰ বিষয়ে অতি সাৱলীলভাৱে আলোচনা কৰে। এই বৈঠকৰ পৰিচালনা কৰে এছিয়ান লিটাৰেৰি চছাটিৰ সন্মানীয় প্ৰশাসক  ডঃ বিশাখা শৰ্মাই।

ইয়াৰ পিছৰ কাৰ্যসূচী আলোচনা চক্ৰত  ভাগ লয় অসম সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমি বিজেতা  ডঃ কুলধৰ শইকীয়া, বিশিষ্ট লেখিকা তথা বুৰঞ্জীবিদ মৌচুমী কন্দলি আৰু বিশিষ্ট লেখক তথা সাহিত্য অকাডেমি যুব বঁটা বিজেতা অৰিন্দম বৰকটকীয়ে। আলোচনা চক্ৰত ঐশ্বৰ্য‍্যপূৰ্ণতাৰে ভৰা অসমীয়া সাহিত্যৰ বিষয়ে অতি সুন্দৰ কৈ আলোচনা কৰে আৰু শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰে।

দ্বিতীয় লাইভ বৈঠকত অংশগ্ৰহণ কৰে  বিশিষ্ট বঁটা বিজয়ী লেখিকা মণিকুন্তলা ভট্টাচাৰ্য আৰু বিশিষ্ট লেখক তথা সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক ডঃ বিজয় শংকৰ বৰ্মনে। বৈঠকৰ পৰিচালনা কৰে এছিয়ান লিটাৰেৰি চছাটিৰ প্ৰশাসক প্ৰসিদ্ধ লেখিকা ডঃ বিশাখা শৰ্মা আৰু অনীতা চান্দে।

ইয়াৰ পিছতে জাকজমকীয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় অসমৰ বাৰেৰহনীয়া সংস্কৃতি  জিলিকি উঠে। অংশগ্ৰহণকাৰী সকলে দৰ্শকক মুগ্ধ কৰে।

অংশগ্ৰহণকাৰী সকল হৈছে শ্ৰীমতী অনুৰেখা বৰকাকতি, শ্ৰীমতী অনীতা চান্দ, অৰ্পণা বাগৰে্,  দীপাঞ্জু বুঢ়াগোহাঁই, শ্ৰীমতী দীপীমা, শ্ৰীমতী কবিতা ভাৰ্মা, শ্ৰীমতী মণি চাক্সেনা, শ্ৰীমতী মৌচুমী ফুকন গুপ্তা, ডঃ নিপম কুমাৰ শইকীয়া, কণমানি প্ৰতিজ্ঞা চেতিয়া, শ্ৰীমতী সংগীতা গুপ্তা আৰু শ্ৰীমতী শিৱপ্ৰিয়া।

ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আছিল অসম বিষয়ক অনলাইন আৰ্ট প্ৰদৰ্শনী। ইয়াত ভাগ লয় শ্ৰীযুত অগ্নিভ দত্ত, শ্ৰীমতী আইডা জি ৰোক, ডঃ অৰ্পণা বাগৰে, ডঃ অৰ্পণা প্ৰধান, শ্ৰীমতী অনীতা চান্দ, শ্ৰীমতী দীপীকা সিং, শ্ৰী যুত মনোজ কৃষ্ণন, শ্ৰীমতী নীতি পৰ্তী আৰু শ্ৰীমতী শিৱপ্ৰিয়াই।

ইয়াৰ পাছৰ কাৰ্যসূচী আছিল কবিতা আবৃত্তি আৰু গল্প পাঠ। ইয়াৰ অংশগ্ৰহণকাৰী সকল আছিল শ্ৰীযুত অমৃতজ্যোতি মহন্ত, শ্ৰীমতী অনুৰাণী দেৱী, শ্ৰীমতী অনুৰেখা বৰকাকতি, ডঃ অৰ্পণা বাগৰে, ডঃ অৰ্পণা প্ৰধান, শ্ৰীমতী বিমলা ডেকা, ডঃ বিশাখা শৰ্মা, শ্ৰীমতী বন্দনা দত্ত, শ্ৰীমতী ডালিমী দেৱী, শ্ৰীমতী দেস্না মহন্ত, শ্ৰীযুত দীপাঞ্জন কাশ্যপ, শ্ৰীমতী দীপাঞ্জূ বুঢ়াগোহাঁই, শ্ৰীযুত গুণ মৰাণ, শ্ৰীমতী জুৰিমনি মহন্ত, শ্ৰীমতী কাব‍্যশ্ৰী মহন্ত, শ্ৰীমতী কিৰণ বাবল, শ্ৰীমতী মণী চাক্সেনা, শ্ৰীমতী মন্দিৰা ঘোষ, শ্ৰীমতী মুঞ্জমালা দাস, শ্ৰীমতী মণিদ্বীপা, শ্ৰীমতী মৌচুমী বৰুৱা, শ্ৰীমতী পম্পী হাঁজোগ, শ্ৰীতী মাইনী মহন্ত, শ্ৰীমতী নৱমালতি নেওক চক্ৰৱৰ্তী, শ্ৰীমতী নীতি পৰ্তী, শ্ৰীমতী প্ৰীতি বৰা, ডঃ ৰুণা গগৈ, শ্ৰীযুত ৰতন ভট্টাচাৰ্য, ডঃ ৰমনীকান্ত ঠাকুৰীয়া, ডঃ ৰমেন শৰ্মা, শ্ৰীমতী চুৰেখা চাৰু, ডঃ শ্ৰুতীমালা দুৱাৰা, শ্ৰীযুত তাৰিণী শইকীয়া আৰু ডঃ বৰষা দাস।

দিনটোযোৰা কাৰ্যসূচীৰ সামৰণি পৰে সকলো অংশগ্ৰহণকাৰী, বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা আৰু অভিনন্দননেৰে। শলাগৰ শৰাই আগবঢ়ায় এছিয়ান লিটাৰেৰি চছাইটিৰ তৰফৰ পৰা প্ৰতিষ্ঠাতা শ্ৰী যুত মনোজ কৃষ্ণন ডাঙৰীয়াই।

এছিয়ান লিটাৰেৰি চছাইটিৰ এই  প্ৰচেষ্টাক সকলোৱে  অভিনন্দন জনায় আৰু শলাগ লয়। অংশগ্ৰহণকাৰী, বিশিষ্ট অতিথি, শ্ৰোতা বৃন্দ সকলোৱে এছিয়ান লিটাৰেৰি চছাইটিৰ দীৰ্ঘায়ু কামনা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd