• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰেই ছবিগৃ্হলৈ নতুন অসমীয়া ছবি সত্য দ্য ট্ৰুথঃ গীত আৰু পোষ্টাৰ মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2024 8:33 pm
Assamese Film Satya: The Truth
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিনৰ পিছতে ৰাজ্যৰ ছবিগৃহলৈ আহিব সত্য দ্য ট্ৰুথ নামৰ এখন নতুন অসমীয়া বোলছবি। যোৱা সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বোলছবিখনৰ গীত আৰু পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছবিখনৰ গীতসমূহ মুকলি কৰে ক্ৰমে- বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জী, বিশিষ্ট গায়িকা নমিতা ভট্টাচাৰ্য আৰু মালবিকা বৰাই।

আনহাতে এই অনুষ্ঠানতে মুক্তিৰ অপেক্ষাত থকা ছবিখনৰ পোষ্টাৰসমূহ উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী মঞ্জুলা বৰুৱা আৰু খানাপাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শইকীয়াই। সমাজৰ এটা অতি স্পৰ্শকাতৰ বিষয় সমকামিতাক মূল বিষয় বস্তু হিচাপে লৈ চিটী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘সত্য দ্য ট্ৰুথ’ৰ প্ৰযোজনা কৰিছে তিলোত্তমা তালুকদাৰে। ছবিখনৰ পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰ (বাবা)ৰ।

Apply Now

এই বছৰতে জুন মাহত কাশিষ: মুম্বাই আন্তৰাষ্ট্ৰীয় কুয়েৰ চলচ্চিত্র মহোৎসৱত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায়। বিশ্বৰ ৪১ খন দেশৰ ১১০ খন বোলছবি প্ৰদৰ্শিত হোৱা এই মহোৎসৱত ‘সত্য দ্য ট্ৰুথ’ক ইন্ডিয়ান নেৰেটিভ চেন্টাৰপিচ বোলছবি হিচাপে প্ৰদৰ্শিত কৰা হৈছে। মুম্বাইতে এই বছৰ আগষ্ট মাহত অনুষ্ঠিত ১১ সংখ্যক ভাৰতীয় চিনে চলচিত্র মহোৎসৱত এই ছবিখনে জুৰীৰ বিশেষ উল্লেখ লাভ কৰিবলৈ সক্ষম হয়।

তদুপৰি চিকাগো দক্ষিণ এচিয়ান চলচিত্র মহোৎসৱত যোৱা চেপ্তেম্বৰত চিকাগো চহৰত এই ছবিখন প্ৰদৰ্শিত হৈছে। ইতিমধ্যে ভাৰতীয় পেনোৰামাৰ জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱলৈ প্ৰতিযোগিতামূলক বোলছবি শিতানত মনোনীত হৈছে ছবিখন। ছবিখনে ২০২৪ চনৰ ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব।

বোলছবিখনত এক অগতানুগতিক চৰিত্ৰত সুদৰ্শন অভিনেতা উৎপল দাসক দেখা যাব। ছবিখনত উদয়ন দুৱৰা, মোহময়ী অভিনেত্রী ডৰথী ভৰদ্বাজ ,মহেশ বৰাৰ লগতে বহুতো ন-পুৰনি শিল্পীয়ে অভিনয় কৰিছে। ছবিখনত দুগৰাকী নৱাগত অভিনেতা দৰ্শকে বিশেষ চৰিত্ৰত দেখিবলৈ পাব। তেখেত সকল হ’ল ৰাকেশ বৰুৱা আৰু সুমন দাস। ছবিখনৰ সামগ্রিক পৰিকল্পনা চন্দন তালুকদাৰৰ আৰু কাহিনী উৎপল উপমান্যৰ।

সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই। গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনাকংকন ভূঞাৰ। জুবিন গাৰ্গ,অৰুন্ধতি ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই গীতসমূহত কণ্ঠদান কৰিছে। নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই। হিতেন ঠাকুৰীয়াই চিত্রগ্ৰহণ কৰা এই বোলছবিখনৰ সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে। শব্দ সংযোজন আৰু সংমিশ্রণ অমৃত প্ৰীতমৰ। ডি:আই শ্যামল দাস।

ছবিখনৰ সাজসজ্জা আৰু ৰূপসজ্জাৰ দ্বায়িত্বত আছে ক্ৰমে ৰানী দত্ত বৰুৱা আৰু পূজা দত্ত। ছবিখনৰ চিত্রনাট্য চন্দন তালুকদাৰৰ। পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে জানিবলৈ দিয়া মতে, সমাজত নাক কোচোৱা স্পৰ্শকাতৰ বিষয় সমকামিতাক যাতে সমাজে লাহে লাহে গ্রহণ কৰিবলৈ চেষ্টা কৰে তাৰেই এক বাৰ্তা প্ৰেৰণৰ চেষ্টাৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে।

উক্ত অনুষ্ঠানত ছবিখনৰ কলা-কুশলীৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটি সুন্দৰভাৱে আঁত ধৰে অশোক কুমাৰ দাসে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd