ইন্টাৰনেশ্যনেল চাইল্ড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘শগুন’

7ee8da47-8927-4ae3-99cc-cea914568aa9-640x375

তুৰ্কীৰ ইজমিৰ চহৰত অনুষ্ঠিত হ’বলগীয়া ইন্টাৰনেশ্যনেল চাইল্ড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে উৎপল বৰপূজাৰী পৰিচালিত অসমীয়া চুটি ছবি শগুন।

জনপ্ৰিয় গল্পকাৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ এটা বহু প্ৰশংসিত চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা এই ছৱিখন আইএফটি ইণ্ডিয়াই প্ৰযোজনা কৰিছে।

উক্ত মহোৎসৱখনি বছৰি চাইল্ড্ৰেনছ ৰাইটছ কালচাৰেল ফাউণ্ডেশ্যনে শিশুৰ অধিকাৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰি আহিছে।

অহা ১২ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে এই মহোৎসৱখনি তুৰ্কীৰ ঐতিহাসিক উপকূলীয় চহৰখনত অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে ‘শগুন’ কেইবাখনো সন্মানীয় চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে।  

২১সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলতো ‘শগুন’ প্ৰদৰ্শিত হৈছিল।

ছৱিখনে গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ১৩সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চুটি ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

তদুপৰি, ভাৰতৰ চুটি ছবি আৰু ডকুমেণ্টেৰী চিনেমা মহোৎসৱৰ ভিতৰত অন্যতম থিৰুৱন্তপুৰমৰ ১৩সংখ্যক ছাইনছ ফেষ্টিভেলত ‘শগুন’ প্ৰদৰ্শিত হৈছিল।

বাডুংডুপ্পা কলা কেন্দ্ৰৰ সহযোগত গোৱালপাৰাৰ আগিয়া অঞ্চলত ‘শগুন’ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।

ছবিখনত আধুনিক যুগৰ সাংবাদিকতাৰ কিছু কঠিন দিশ শক্তিশালীভাৱে উপস্থাপন কৰা হৈছে। সাংবাদিকতাৰ ক্ষেত্ৰখনত দেখা দিয়া দুৰ্নীতিসমূহ, যেনে- পেইড নিউজ, ফেক নিউজ, ৰাজনৈতিক আৰু কৰ্প’ৰেট হাউচসমূহৰ প্ৰভাৱ- ইত্যাদিকো উপস্থাপন কৰা হৈছে।

প্ৰতিষ্ঠিত অভিনেতা সঞ্জীৱ হাজৰিকা আৰু ধনঞ্জয় নাথৰ উপৰিও নৱাগত প্ৰতিভা ৰিমঝিম ডেকা, অংকিত শাণ্ডিল্যই ছবিখনত অভিনয় কৰিছে।

ইয়াৰ উপৰি শিশু অভিনেতা কপিল গাৰো, অনুৰাগ ৰাভা, ফণীভূষণ ৰাভা আৰু আশীষ ৰাভাই ছৱিখনত ভুমুকি মাৰিছে।