অসম সন্তান দীপন মেধিয়ে এক বিশেষ সফলতা অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ১০ মে‘ তাৰিখে ভিয়েটনামৰ ডা নাং চহৰত অনুষ্ঠিত হোৱা ২০২৬ চনৰ ভিএনজি আইৰনমেন প্ৰতিযোগিতাত তেওঁ সফলতাৰে অংশগ্ৰহণ কৰে। বিশ্বৰ অন্যতম কঠিন এই ক্ৰীড়া প্ৰতিযোগিতাত ৯১ খন দেশৰ ৫ হাজাৰতকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। দীপন মেধিৰ এই সফলতাই প্ৰমাণ কৰিলে যে উত্তৰ-পূব ভাৰতৰ খেলুৱৈসকলো এতিয়া এনেধৰণৰ অগতানুগতিক আৰু কঠোৰ ক্ৰীড়াত বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম।
আইৰনমেন প্ৰতিযোগিতাত খেলুৱৈসকলে একেৰাহে ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল চলোৱা আৰু ৪২.২ কিলোমিটাৰ মাৰাথন দৌৰ সম্পূৰ্ণ কৰিব লাগে। দীপন মেধিয়ে পুৱা ৬:৩০ বজাত এই যাত্ৰা আৰম্ভ কৰিছিল আৰু সকলো বাধা অতিক্ৰম কৰি নিশা ৭:৪৮ বজাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল। তেওঁ এই গোটেই প্ৰতিযোগিতাখন ১৩ ঘণ্টা, ১১ মিনিট আৰু ২৪ ছেকেণ্ডত সম্পূৰ্ণ কৰে। নিৰ্ধাৰিত ১৭ ঘণ্টাৰ ভিতৰতে এই যাত্ৰা শেষ কৰি তেওঁ গৌৰৱময় আইৰনমেন খিতাপ নিজৰ নামত কৰে।
এই সফলতাৰ আঁৰত আছে তেওঁৰ মাহৰ পিছত মাহ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু প্ৰস্তুতি। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা আইৰনমেন ৭০.৩ বা হাফ আইৰনমেন প্ৰতিযোগিতাও সফলতাৰে শেষ কৰিছিল। তাত তেওঁ মাত্ৰ ৫ ঘণ্টা ১১ মিনিটত নিজৰ লক্ষ্যত উপনীত হৈছিল। সেই ফিটনেছ আৰু সফলতায়েই তেওঁক এইখন বৃহৎ প্ৰতিযোগিতাৰ বাবে সাজু কৰি তুলিছিল। আধা দূৰত্বৰ পৰা সম্পূৰ্ণ ২২৬ কিলোমিটাৰৰ এই যাত্ৰালৈ নিজকে প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা অসীম শক্তি দীপনে সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে।
১১ মে‘ তাৰিখে এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনৰ পুৰুষৰ শাখাত উজবেকিস্তানৰ আন্দ্ৰে শ্বাৰিপভে আৰু মহিলাৰ শাখাত আমেৰিকাৰ হোপ হফমেনে চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে। দীপন মেধিৰ এই বিৰল প্ৰাপ্তিক এতিয়া অসমৰ ক্ৰীড়া জগতত এক উল্লেখনীয় কৃতিত্ব হিচাপে গণ্য কৰা হৈছে।





