অসমত অপৰাধমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে চৰকাৰে কঠোৰ পদক্ষেপ লৈছে যদিও অপৰাধৰ হাৰ হ্ৰাস পোৱা নাই। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ‘ (এনচিআৰবি)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২৩ চনত ৰাজ্যত ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু বিশেষ-ৰাজ্যিক আইনৰ অধীনত মুঠ ৬৪,৯৫১টা অপৰাধৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত আইপিচিৰ অধীনত ৪৯,৮৮৪টা ঘটনা।
হত্যাকাণ্ড আৰু সংশ্লিষ্ট অপৰাধ
প্ৰতিবেদন অনুসৰি বছৰটোত ১,০২৫টা হত্যাকাণ্ড সংঘটিত হৈছে, য‘ত ভুক্তভোগী ১,০৪৭জন। ইয়াৰে ২৩০টা ব্যক্তিগত শত্ৰুতাৰ বাবে, ২৪টা যৌতুকৰ কাৰণত, ৩০টা প্ৰেম সম্পৰ্কীয়, ১৬টা অবৈধ সম্পৰ্কৰ ফলত আৰু ২৪৬টা সম্পত্তি বিবাদৰ বাবে। ৩১টা হত্যাৰ কোনো স্পষ্ট কাৰণ নাই। ভুক্তভোগীৰ মাজত ৩০-৪৫ বছৰ বয়সৰ ৫১৪জন (৩৬৮ পুৰুষ, ১৪৬ মহিলা), ১৮-৩০ বছৰৰ ৩৭৭জন আৰু ৫৬টা শিশু।
ইফালে হিট এণ্ড ৰাণৰ ১,২১১টা গোচৰত ১,২৭৩জন ভুক্তভোগী। যৌতুকৰ বাবে হত্যাৰ ১০১টা ঘটনাত ১০৭জন ভুক্তভোগী। আত্মহত্যাৰ ২০৪টা ঘটনাত ২১৩জন। আন অপৰাধসমূহ: হত্যাৰ অপচেষ্টা ৯০৩টা, আহত কৰা ৫,৩৮৭টা, এচিড আক্ৰমণ ১০টা, মহিলাৰ ওপৰত আক্ৰমণ ৮৯৮টা, যৌন আতিশয্য ২০৯টা, অপহৰণ ৩,৫৬৩টা, মানৱ সৰবৰাহ ৯৬টা, ধৰ্ষণ ৯৮৯টা (ভুক্তভোগী ১,০৩৩), ধৰ্ষণৰ অপচেষ্টা ১৭৩টা ঘটনা অন্তৰ্ভুক্ত।
চুৰি আৰু অৰ্থনৈতিক অপৰাধ
প্ৰতিবেন অনুসৰি চুৰিৰ ১২,৭৯৫টা চুৰিকাণ্ডৰ ঘটনা। ইয়াৰে বাহন চুৰি ২,৯২৪টা, ডকাইতি ৭৬৫টা, ধনদাবী-ব্লেকমেইলিং ৫৬৭টা, জালিয়াতিৰ ৪,০৪৮টা ঘটনা। আহাতে তীব্ৰ গতিত বাহন চলোৱা ৪,১৫৩টা। অৰ্থনৈতিক অপৰাধ ৪,৮১৭টাৰ বেছিভাগ ঠগবাজিৰ, দুৰ্নীতি ১১০টা ইয়াৰে ১২টা আয় বহিঃর্ভূত সম্পত্তিৰ, ১১৭জন গ্ৰেপ্তাৰ। চাইবাৰ অপৰাধ ৯০৯টা।
অপহৰণ আৰু নাৰীজনিত অপৰাধ
অপহৰণৰ ৩,৫৬৩টা ঘটনাত ১,৭৮৭টা শিশু ভুক্তভোগী ইয়াৰে ১৬১ নাবালক, ১,৬২৬ নাবালিকা। ১৮-৩০ বছৰৰ ১,১৮৩জনৰ ৬২ জন পুৰুষ আৰু ১,১২১ মহিলা, ৩০-৬০ বছৰৰ ৬৬৫জন (১০৫ পুৰুষ, ৫৬০ মহিলা)।
নাৰীৰ বিৰুদ্ধে অপৰাধ ১২,০৭০টা, য‘ত ধৰ্ষণ-হত্যা ১৩টা (১৪ ভুক্তভোগী), যৌতুক হত্যা ১০১টা, আত্মহত্যা ১০২টা (১১১ ভুক্তভোগী), স্বামী-পৰিয়ালৰ নিৰ্যাতন ২,৯২৩টা, নাৰী অপহৰণ ৩,১১০টা, নাৰী সৰবৰাহ ৮১টা।
নিৰুদ্দেশ আৰু আন ঘটনা
শিশু নিৰুদ্দেশ ১,৭০৫টা (পূৰ্বৰ ৫টাসহ ২,২০৫টা), য‘ত ১,৫৮৯ ছোৱালী, ৬১৬ ল‘ৰা। ১,৭৯১জনক উদ্ধাৰ, ৪১৪জনৰ সন্ধান নাই। মুঠ ৬,০৮১টা নিৰুদ্দেশৰ ঘটনা। পূৰ্বৰ ১,৭১৭সহ ৭,৭৯৮জন), ৬,৩৩৩জনক উদ্ধাৰ, ১,৪৬৫জনৰ সন্ধান নাই।
আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা ৫৭টা ইয়াৰে ১টা লকআপৰ, ৫৬টা বাহিৰৰ), ২৩জনক পুনৰ ধৰা হয়। আৰক্ষীৰ বিৰুদ্ধে গোচৰ ২৭টা। মাৰণাস্ত্ৰ-গোলা-বাৰুদ জব্দ: ১৮৫টা অবৈধ অস্ত্ৰ, ১,৩৫৭টা গোলা-বাৰুদ, ২টা অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ। জাল টকা জব্দ: ১,৮৮,১৯,৫৭০ টকা। ৰাজহুৱা সম্পত্তি ধ্বংসৰ ২০০টা গোচৰ, বেআইনী কাৰ্যকলাপ ৭৩টা।
ৰে‘ল সংশ্লিষ্ট অপৰাধ
ৰে‘ল আৰক্ষীৰ অধীনত ৮৬৯টা ঘটনা: ১২টা হত্যা, ৩টা আত্মহত্যা, ২৩টা আক্ৰমণ, ১১টা অপহৰণ, ৪৭৮টা চুৰি। ৰেল সুৰক্ষা কৰ্মীৰ অধীনত ৮,৭৯২টা গোচৰ।
আইপিচিৰ অধীনত ৫১,৮৫৮জন গ্ৰেপ্তাৰ (৫১,২৮৪ পুৰুষ, ৫৭৪ মহিলা), বিশেষ আইনৰ অধীনত ১৮,৬৫০জন। এনচিআৰবিৰ শেহতীয়া তথ্যই ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উদ্বেগৰ সৃষ্টি কৰিছে।





