• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱা। আগন্তুক বৰ্ষৰ আৰম্ভণিতে এই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু নিৰ্বাচন আয়োগে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া কিছু সময় আগুৱাই আনিব পাৰে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনকি নিৰ্বাচন আগুৱাই অহাৰ সম্ভাৱনাৰ কথা চিন্তা কৰিয়েই বিজেপিয়ে নিজৰ প্ৰস্তুতিও জোৰদাৰ কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 8:47 pm
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱা। আগন্তুক বৰ্ষৰ আৰম্ভণিতে এই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু নিৰ্বাচন আয়োগে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া কিছু সময় আগুৱাই আনিব পাৰে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনকি নিৰ্বাচন আগুৱাই অহাৰ সম্ভাৱনাৰ কথা চিন্তা কৰিয়েই বিজেপিয়ে নিজৰ প্ৰস্তুতিও জোৰদাৰ কৰি তুলিছে।

সাধাৰণতে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচন অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল। কাৰণ মাৰ্চ মাহত এই ৰাজ্যসমূহৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব। নিয়ম অনুসৰি কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। সাধাৰণতে এই ভোটগ্ৰহণ ফেব্ৰুৱাৰী মাহতে হয় যদিও এইবাৰ নিৰ্বাচন আয়োগে কেইসপ্তাহমান পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে।

Apply Now

প্ৰকৃততে সেই সময়ছোৱাত এই ৰাজ্যসমূহত ব্যাপক হাৰত দেশৰ লোকপিয়ল অৰ্থাৎ জনসংখ্যা গণনাৰ কাম চলিব। সমস্যাটো হ’ল যিসকল চৰকাৰী কৰ্মচাৰীয়ে লোকপিয়লৰ কাম কৰে, তেওঁলোকেই নিৰ্বাচনৰ কামো কৰিব লগা হয়। গতিকে একেটা সময়তে দুয়োটা কাম হ’লে কৰ্মীৰ তীব্ৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি এই সন্দৰ্ভত প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা চলিছে যদিও কোনো চৰকাৰী প্ৰস্তাৱ বা আনুষ্ঠানিক আলোচনা এতিয়ালৈকে আৰম্ভ হোৱা নাই। কিন্তু আয়োগৰ এই চিন্তাৰ খবৰ ইতিমধ্যে শাসকীয় দলটোৱে লাভ কৰিছে আৰু সেইবাবেই তেওঁলোকে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে। বিজেপিৰ সভাপতি নীতিন নবীনে ইতিমধ্যে ৰাজ্যিক গোটসমূহক নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিছে। খবৰ অনুসৰি ডিচেম্বৰৰ শেষৰ ফালে বা জানুৱাৰী মাহৰ আৰম্ভণিতেই এই পাঁচখন ৰাজ্যৰ নিৰ্বাচন ঘোষণা হ’ব পাৰে।

এই পাঁচখন ৰাজ্যৰ ভিতৰত উত্তৰাখণ্ড, গোৱা আৰু উত্তৰ প্ৰদেশত বিগত দহ বছৰ ধৰি বিজেপি ক্ষমতাত আছে। মণিপুৰতো বিজেপিৰ চৰকাৰ আছে, যদিও শেহতীয়াকৈ হোৱা জাতিগত হিংসাৰ বাবে তাত কিছু দিনৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। আনহাতে পঞ্জাৱত বৰ্তমান আম আদমি পাৰ্টীৰ চৰকাৰ চলি আছে। উত্তৰ প্ৰদেশৰ বাহিৰে বাকী চাৰিখন ৰাজ্যতে শাসকীয় দলৰ মূল প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছ দল। গতিকে সকলোৰে চকু এতিয়া এই পাঁচখন ৰাজ্যৰ আগন্তুক ৰাজনৈতিক ফলাফলৰ ওপৰত নিবদ্ধ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd