• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্পেইনত দুখন তীব্ৰবেগী ৰে’লৰ সংঘৰ্ষ! খাৱৈত ছিটিকি পৰিল ডবা, ২১ জনৰ মৃত্যু, ১০০ জন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 8:55 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ স্পেইনৰ আন্দালুছিয়া অঞ্চলত দুখন তীব্ৰবেগী ৰে’লৰ সংঘৰ্ষত কমেও ২১ জন লোকৰ মৃত্যু হয়। আহতৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে। সমগ্ৰ দেশখনৰ লগতে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে এই ঘটনাত শোক প্ৰকাশ কৰিছে।

দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। আন্দালুছিয়াৰ আদামুজ অঞ্চলত মালাগাৰ পৰা মাদ্ৰিদলৈ যোৱা এখন তীব্ৰবেগী ৰে’ল হঠাতে লাইনচ্যুত হয়। স্পেইনৰ ৰে’ল নেটৱৰ্ক অপাৰেটৰ আদিফে জনায় যে ৰে’লখন ৰে’লপথৰ পৰা ওলাই বিপৰীত ট্ৰেকত প্ৰৱেশ কৰে। একে সময়তে বিপৰীত দিশৰ পৰা অহা আন এখন ৰে’লৰ সৈতে মুখামুখিকৈ ​​সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ বাবে দুয়োখন ৰে’লেই লাইনচ্যুত হয়।

Apply Now

আৰক্ষী সূত্ৰই জনোৱা মতে, এই পৰ্যন্ত ২১ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। আন্দালুছিয়াৰ জৰুৰীকালীন সেৱাৰ শীৰ্ষ বিষয়া এণ্টনিঅ’ ছানজে এক সংবাদমেলত কয় যে কমেও ১০০ জন লোক আহত হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি তেওঁ স্পষ্টকৈ কয়। ‘আমাৰ সন্মুখত এটা অতি জটিল নিশা আছে’ বুলিও তেওঁ কয়।

পৰিবহণ মন্ত্ৰী অস্কাৰ পুয়েণ্টে কয় যে উদ্ধাৰকাৰীয়ে সংকটজনক অৱস্থাত কমেও ৩০ জন লোকক চিকিৎসালয়লৈ লৈ গৈছে। আহত সকলোকে উদ্ধাৰ কৰি চিকিৎসা কৰা হৈছে। শেহতীয়াকৈ সম্পূৰ্ণৰূপে সংস্কাৰ কৰা ৰে’লপথৰ এটা পোন অংশত দুৰ্ঘটনাস্থলীটো আছিল। প্ৰথম লাইনচ্যুত ৰে’লখন প্ৰায় নতুন আছিল, যাৰ বাবে এনে দুৰ্ঘটনা কেনেকৈ হ’ব পাৰিলে সেয়া বুজাটো কঠিন হৈ পৰিছে।

ৰে’ল কোম্পানী ইৰিঅ’ই জনোৱা মতে, মালাগা-মাদ্ৰিদ ৰে’লখনত প্ৰায় ৩০০ যাত্ৰী আছিল। উলটি যোৱা ডবা আৰু পেচ খোৱা ধাতৱ অংশত আবদ্ধ হৈ থকা যাত্ৰীসকলক মুক্ত কৰিবলৈ উদ্ধাৰকাৰীয়ে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। কৰ্ডোবা আঞ্চলিক অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী ফ্ৰান্সিস্কো কাৰ্মোনাই কয় যে ডবাবোৰ ইমানেই বেঁকা হৈ পৰিছে যে ভিতৰত থকা লোকসকলক উদ্ধাৰ কৰাটো অতি কঠিন হৈ পৰিছিল। “কিছুমানক বচাবলৈ আমি মৃতদেহবোৰ আঁতৰাই দিব লগা হৈছিল।”

কিছুমান ডবা চাৰি মিটাৰ দ খাৱৈত বাগৰি পৰে। আন কিছুমান সম্পূৰ্ণ পেচ খাই পৰিছিল। দ্বিতীয়খন ৰে’লৰ যাত্ৰী মণ্টছে কয় যে হঠাতে ৰে’লখন প্ৰচণ্ড জোকাৰণিৰ সৈতে ৰৈ গ’ল, আৰু আন্ধাৰ হৈ পৰিল। শিশুসকলে কান্দিছিল, আহত কৰ্মীসকলৰ তেজ, ভয়ংকৰ পৰিস্থিতি আছিল।

সোমবাৰে এই দুৰ্ঘটনাৰ বাবে মাদ্ৰিদ আৰু কৰ্ডোবা, চেভিল, মালাগা আৰু হুৱেলভাৰ মাজত তীব্ৰবেগী পৰিসেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। দুৰ্ঘটনাটোত মৃত আৰু আহতসকলৰ পৰিয়ালৰ বাবে সংশ্লিষ্ট প্ৰশাসনে বিভিন্ন ষ্টেচনত সহায়ক কেন্দ্ৰ মুকলি কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, সেনাৰ জৰুৰীকালীন ইউনিটকো উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছে।

স্পেইনৰ ৰজা ফেলিপে ষষ্ঠ আৰু ৰাণী লেটিজিয়াই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ইউৰোপীয় কমিছনৰ মুৰব্বী উৰ্চুলা ভন ডাৰ লেয়েনকে ধৰি কেইবাগৰাকীও বিশ্ব নেতাই শোক বাৰ্তা প্ৰেৰণ কৰে।

ইউৰোপৰ ভিতৰতে সৰ্ববৃহৎ তীব্ৰবেগী ৰে’ল নেটৱৰ্ক থকাৰ পিছতো এই দুৰ্ঘটনাটোৱে ২০১৩ চনৰ চেণ্টিয়াগো ডি কম্পোষ্টেলা ৰে’ল দুৰ্যোগৰ স্মৃতি ঘূৰাই আনিছে, য’ত ৮০ জন লোকৰ মৃত্যু হৈছিল। এইবাৰো সেই স্মৃতি যেন ঘুৰি আহিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd