• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

নিশা হাজাৰ হাজাৰ লোকে প্ৰাণ ৰক্ষাৰ বাবে বাংকাৰ আৰু মাটিৰ তলৰ মেট্ৰ’ ষ্টেচনলৈ পলায়ন কৰে। সমগ্ৰ চহৰখন ক’লা ধোঁৱাই আৱৰি ধৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 12:26 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধৰ জুই অতিক্ৰিম পশ্চিম এছিয়া শান্ত হৈছে যদিও যোৱা ৪ বছৰ ধৰি ইউৰেছিয়াত কোনো শান্তিৰ বাতাবৰণ নাই। ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশতে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

যুদ্ধ পৰিস্থিতিক অধিক তীব্ৰতা প্ৰদান কৰি ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত মাৰাত্মক আক্ৰমণ চলাইছে। বৃহস্পতিবাৰে সমগ্ৰ কিয়েভত সংঘটিত হোৱা ৰাছিয়াৰ আক্ৰমণত কমেও ২৭ জন লোক নিহত হোৱাৰ লগতে আৰু বহু লোক আহত হয়। বাতৰি অনুসৰি এই বছৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এইটোৱেই আটাইতকৈ ডাঙৰ আক্ৰমণ।

Apply Now

বৃহস্পতিবাৰে নিশাৰ পৰা সমগ্ৰ কিয়েভত ৰাছিয়াই বিধ্বংসী আক্ৰমণ চলায়। ৰাজধানীলৈ শ শ ড্ৰোন আৰু কেইবা ডজন মিছাইল নিক্ষেপ কৰা হয়। ইউক্ৰেইনে প্ৰকাশ কৰিছে যে ৰাছিয়াই কমেও ৭৪টা ক্ষেপণাস্ত্ৰ আৰু ৪৯৬টা ড্ৰোন নিক্ষেপ কৰিছে। ৰাজধানীত গোটেই নিশা বিস্ফোৰণৰ শব্দ শুনা গৈছিল।

নিশা হাজাৰ হাজাৰ লোকে প্ৰাণ ৰক্ষাৰ বাবে বাংকাৰ আৰু মাটিৰ তলৰ মেট্ৰ’ ষ্টেচনলৈ পলায়ন কৰে। সমগ্ৰ চহৰখন ক’লা ধোঁৱাই আৱৰি ধৰিছিল। ইউক্ৰেইন প্ৰশাসনে এই আক্ৰমণত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। উদ্ধাৰৰ কাম আৰম্ভ হৈছে। ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। এই আক্ৰমণৰ ফলত মহানগৰীৰ ১৩০টা অট্টালিকা ধ্বংসপ্ৰাপ্ত হয়।

ৰাছিয়াই যেতিয়া এই আক্ৰমণ সংঘটিত কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি বিদেশ ভ্ৰমণত আছিল। এই খবৰ পোৱাৰ পিছতে তেওঁ আয়াৰলেণ্ড ভ্ৰমণ সামৰি দেশলৈ উভতি আহে। এই আক্ৰমণৰ বাবে তেওঁ পশ্চিমীয়া দেশসমূহক লক্ষ্য কৰি লয়। তেওঁ কয় যে যদি তেওঁলোকে প্ৰতিশ্ৰুতি অনুসৰি সময়মতে ইউক্ৰেইনক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা প্ৰদান কৰিলেহেঁতেন তেন্তে ইমান ক্ষতি নহ’লহেঁতেন।

তেওঁ কয়, “আমাৰ বন্ধুসকলে যদি প্ৰতিশ্ৰুতি অনুসৰি সময়মতে এয়াৰ ডিফেন্স চিষ্টেম প্ৰদান কৰিলেহেঁতেন, তেন্তে হয়তো আজি আমি বহুতৰে জীৱন ৰক্ষা কৰিব পাৰিলোহেঁতেন। আমি তেওঁলোকৰ পৰা কোনো অতিৰিক্ত সহায় বিচৰা নাই, কিন্তু অন্ততঃ প্ৰতিশ্ৰুতি দিয়াখিনি যোগান ধৰা উচিত।”

ইপিনে, ৰাছিয়াই এই আক্ৰমণ ইউক্ৰেইনৰ আক্ৰমণৰ প্ৰত্যুত্তৰ বুলি দাবী কৰিছে। টেলিগ্ৰামত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ৰাছিয়াৰ সেনাই আকাশ, সাগৰ আৰু স্থলভাগৰ পৰা মিছাইল আৰু ড্ৰ’নেৰে ইউক্ৰেইনৰ সামৰিক ঘাটি, শক্তি কেন্দ্ৰ আৰু কিয়েভকে ধৰি কেইবাটাও বিমানবন্দৰক লক্ষ্য কৰি লৈছিল। শেহতীয়াকৈ ৰাছিয়াৰ তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে এই আক্ৰমণ চলোৱা বুলি ৰাছিয়াই কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd