অযোধ্যাৰ পুৰা কালান্দাৰ থানাৰ অন্তৰ্গত পাগলা ভাৰী গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত বিস্ফোৰণত এটা ঘৰ ভাঙি পৰে। এই ঘটনাত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জ্যেষ্ঠ বিষয়াৰ সৈতে বাৰ্তালাপ কৰে। উদ্ধাৰ অভিযান সন্দৰ্ভত তেওঁ কেইবাটাও নিৰ্দেশনা দিয়ে।
অযোধ্যাৰ এছ এছ পি গৌৰৱ গ্ৰ’ভাৰে কয় যে বিস্ফোৰণত ধ্বংস হোৱা ঘৰটোৰ মালিক স্থানীয় বাসিন্দা পাপ্পু গুপ্তা। তেওঁ কয়, “বিস্ফোৰণৰ পিছত পাকঘৰৰ বাচন-বৰ্তন সিঁচৰতি হৈ পৰিছিল। আমি সেই স্থানৰ পৰা প্ৰমাণ সংগ্ৰহ কৰি আছো।”
তেওঁ লগতে কয় যে চাৰিওফালৰ গাঁও আৰু মুকলি পথাৰত তালাচী অভিযান চলি আছে। অভিযানৰ অংশ হিচাপে আৰক্ষীৰ দলে কাষৰ শস্য পথাৰতো তালাচী চলাইছে।
ইফালে, ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ অনা হৈছে এখন ‘আৰ্থ মুভিং ভেহিকল’। সেই মেচিনৰ সহায়ত নিশা ভাঙি যোৱা ঘৰটোৰ ধ্বংসাৱশেষবোৰ ঘটনাস্থলীৰ পৰা আঁতৰাই পেলোৱা হয়। এই উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত পৃথক লাইট জ্বলোৱা হৈছে।
এই বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাই জিলা দণ্ডাধীশ নিখিল টিকাৰম ফাণ্ডে। অৱশ্যে এই ঘটনাত ৫জন লোকৰ মৃত্যু হোৱা বুলি তেওঁ নিশ্চিত কৰে। ফাণ্ডে কয় যে ফৰেনছিক দল এটা ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত কৰি আছে। তেওঁ কয় যে মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই আৰু আহতসকলৰ বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই।
চক্ৰ বিষয়া (চি অ’) শৈলেন্দ্ৰ সিঙে কয় যে বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে। তেওঁ লগতে জনায় যে বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে বিস্ফোৰণস্থলী ঘেৰাও কৰি চাৰিওফালৰ ঘৰবোৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
ইপিনে, স্থানীয় বিষয়াসকলে দাবী কৰে যে এই ভয়াবহ বিস্ফোৰণটো ফটকা বা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হ’ব পাৰে। অৱশ্যে কাৰণ নিশ্চিত কৰিবলৈ ফৰেনছিক পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰা বুলি জানিবলৈ দিয়ে।





