পূব জেৰুজালেমৰ এটা উপাসনা গৃহৰ বাহিৰত বন্দুকধাৰীৰ আক্ৰমণত কমেও ৭জন লোক নিহত হৈছে। মৃতসকলৰ ভিতৰত এটা ১৫ বছৰীয়া শিশুও আছে। বন্দুকধাৰীজনক ইজৰাইলী সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে। ঘটনাটোত আন ১০জন লোক আহত হৈছিল।
বাতৰি মতে, শুকুৰবাৰে সংঘটিত এই গুলীচালনাৰ ফলত ইজৰাইলী আৰু পেলেইস্তাইনীসকলৰ মাজত এক নতুন মাৰাত্মক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে।
আক্ৰমণৰ পিছত জৰুৰীকালীন সেৱা সংস্থা মাগেন ডেভিদ আদমে (এমডিএ) কয় যে ই ১০ জন আহত লোকৰ চিকিৎসা কৰি আছে। কেইজনমানৰ অৱস্থা গুৰুতৰ। আহতসকলৰ ভিতৰত এজন ৭০ বছৰীয়া বৃদ্ধ আৰু এটি ১৪ বছৰীয়া কিশোৰো আছিল।
প্ৰথমতে, খবৰ পোৱা গৈছিল যে উপাসনা গৃহৰ সন্মুখত এখন গাড়ী আহি ৰৈছিল। এজন বন্দুকধাৰী গাড়ীৰ পৰা ওলাই আহি গুলীচালনা কৰে। গাড়ীখনত আন এজন ব্যক্তি আছিল বুলি ধাৰণা কৰা হৈছে আৰু সেইজনৰ বাবে সন্ধান চলি আছে।
আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে: “জেৰুজালেমৰ উপাসনা গৃহত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছে। গুলীচালনা কৰা সন্ত্ৰাসবাদীজনক নিহত কৰা হৈছে। ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী কৰ্মী নিযুক্ত কৰা হৈছে।‘’
উল্লেখ্য যে বৃহস্পতিবাৰে ইজৰাইলে অধিকৃত পশ্চিম প্ৰান্তৰ জেনিন শৰণাৰ্থী শিবিৰত এক সামৰিক অভিযান চলায়। এগৰাকী বৃদ্ধ মহিলাসহ ৯জন পেলেইস্তানী নিহত হয়। পিছদিনাই পূব জেৰুজালেমত এই মাৰাত্মক আক্ৰমণ সংঘটিত হৈছে।
আনহাতে, বৃহস্পতিবাৰে নিশা গাজাৰ প্ৰতিৰোধী যোদ্ধাসকলে ৰকেট নিক্ষেপ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে বিমান আক্ৰমণ আৰম্ভ কৰে। অৱশ্যে এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা তুলনামূলকভাৱে সীমিত আছিল।