অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত চন্দ্ৰবাবু নাইডুৰ ‘ৰোড শ্ব’ত অঘটন; পদপিষ্ট হৈ কমেও নিহত ৮ জন

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ‘ৰোড শ্ব’ৰ সময়ত সংঘটিত পদপিষ্টৰ ঘটনাত কমেও ৮ জন লোক নিহত হৈছে। এই ঘটনাত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। বুধবাৰে নিশা দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাত সংঘটিত হৈছে দুৰ্ঘটনাটো।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কান্দুকুৰ অঞ্চলৰ ঠেক ৰাস্তাত ‘ৰোড শ্ব’ চাবলৈ যথেষ্ট ভিৰ হৈছিল। চন্দ্ৰবাবুৰ কনভয় আহি পোৱাৰ লগে লগে টিডিপি কৰ্মী আৰু সমৰ্থকৰ মাজত হুলস্থূল আৰম্ভ হয়। ফলস্বৰূপে, বহুতো লোক পদপিষ্ট হয়। টিডিপিৰ কেইবাজনো কৰ্মী নলাত পৰি যোৱাৰ ফলত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

মৃতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। আহতসকলৰ কিছুমানৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

বিৰোধী দলৰ নেতা চন্দ্ৰবাবু নাইডুৱে শেহতীয়াকৈ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ চৰকাৰক জনবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তুলি সমগ্ৰ অন্ধ্ৰ প্ৰদেশত ‘ৰোড শ্ব’ আৰম্ভ কৰিছে। যাৰ বাবে বিভিন্ন অঞ্চলত শাসনাধিষ্ঠিত ৱাইএছআৰ কংগ্ৰেছৰ সৈতে টিডিপি নেতা আৰু কৰ্মীসকলৰ মাজত কেইবাটাও সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।

যোৱা ১৭ ডিচেম্বৰত পালাণ্ডু জিলাৰ মাৰ্চেলা জিলাত কংগ্ৰেছ কৰ্মী আৰু টিডিপি আৰু ৱাইএছএৰ সমৰ্থকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল।