• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এ আই সন্মিলনত  ‘অৰ্ধ উলংগ’ প্ৰতিবাদ, কংগ্ৰেছীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দিল্লী আৰক্ষীক আটক হিমাচল আৰক্ষীৰ! অপহৰণৰ গোচৰ ৰুজু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2026 10:40 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এ আই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যুৱ কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰা অৰ্ধনগ্ন প্ৰতিবাদে এতিয়া তীব্ৰ ৰাজনৈতিক আৰু আইনী উত্তেজনাৰ সৃষ্টি কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি দিল্লী আৰক্ষী আৰু হিমাচল প্ৰদেশ আৰক্ষীৰ মাজত এক অভূতপূৰ্ব সংঘাত দেখিবলৈ পোৱা গৈছে। শেহতীয়া খবৰ অনুসৰি, দিল্লী আৰক্ষীয়ে এই গোচৰৰ সন্দৰ্ভত তিনিজন যুৱ কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে হিমাচল আৰক্ষীৰ বাধাৰ সন্মুখীন হয়। কেৱল সিমানেই নহয়, শিমলা আৰক্ষীয়ে ওলোটাই দিল্লী আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰি ২০ জন আৰক্ষী বিষয়া তথা কৰ্মীক গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ সূত্ৰপাত হৈছিল যোৱা শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা এ আই সন্মিলনৰ সময়ত। সেই অনুষ্ঠানত একাংশ যুৱকে ভাৰত আৰু আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিৰোধিতা কৰি অৰ্ধনগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকে পিন্ধি থকা টি-চাৰ্টত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান লিখা আছিল। আৰক্ষীৰ মতে, এই প্ৰতিবাদকাৰীসকলে বিশেষ পাছৰ জৰিয়তে সন্মিলন কক্ষত প্ৰৱেশ কৰিছিল আৰু হঠাতে অৰ্ধনগ্ন হৈ চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰিছিল। দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে আৰু ই নেপালৰ জেন জি আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত।

Apply Now

এই ঘটনাৰ তদন্ত কৰি বুধবাৰে দিল্লী আৰক্ষীৰ এটা বিশেষ দলে হিমাচল প্ৰদেশৰ ৰোহৰুৰ পৰা সৌৰভ, সিদ্ধাৰ্থ আৰু অৰবাজ নামৰ তিনিজন অভিযুক্ত কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰে। কিন্তু তেওঁলোকক দিল্লীলৈ লৈ আহি থকাৰ সময়তে শ্বোগী সীমান্তত শিমলা আৰক্ষীয়ে দিল্লী আৰক্ষীৰ বাহনসমূহ ৰখাই দিয়ে। হিমাচল আৰক্ষীৰ অভিযোগ যে দিল্লী আৰক্ষীয়ে কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ আৰু ট্ৰেনজিট ৰিমাণ্ড অবিহনেই অভিযুক্তক ৰাজ্যৰ বাহিৰলৈ নিবলৈ চেষ্টা কৰিছিল। এই কাৰ্য্যক বেআইনী বুলি অভিহিত কৰি হিমাচল আৰক্ষীয়ে দিল্লী আৰক্ষীৰ তিনিখন বাহন জব্দ কৰাৰ লগতে ২০ জন কৰ্মীক আটক কৰে।

আনহাতে দিল্লী আৰক্ষীয়ে এই ঘটনাক এক সাংবিধানিক সংকট বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, হিমাচল আৰক্ষীয়ে ইচ্ছাকৃতভাৱে তদন্তত বাধা দি অপৰাধীক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ দিল্লী আৰক্ষী আৰু কংগ্ৰেছ শাসিত হিমাচল চৰকাৰৰ আৰক্ষীৰ মাজত হোৱা এই অৱস্থানে এতিয়া এক নতুন বিতৰ্কৰ জন্ম দিছে। সন্মিলনৰ নিৰাপত্তা বেহু ফালি কেনেকৈ প্ৰতিবাদকাৰী সোমাবলৈ পালে আৰু তাৰ পাছত দুই ৰাজ্যৰ আৰক্ষীৰ মাজত কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ’ল, তাক লৈ বৰ্তমান সৰ্বত্ৰে চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd