• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মূল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটা অটল বিহাৰী বাজপেয়ীৰ ড’নাৰ মন্ত্ৰালয়কে ধৰি উত্তৰ-পূবৰ বাবে আছিল বহুতো অৱদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 16, 2018 9:20 pm
Atal Vajpayee
163
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ এগৰাকী যুগস্ৰষ্টা তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আছিল অগাধ ভালপোৱা। সেয়েহে তেওঁ উত্তৰ-পূবৰ প্ৰতি বহুকেইটা লেখত ল’বলগীয়া কাম কৰি থৈ গৈছে।

উল্লেখ্য যে তিনিবাৰকৈ প্ৰধান মন্ত্ৰী হোৱা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে তেখেতৰ কাৰ্যকালত ড’নাৰ মন্ত্ৰালয় সৃষ্টি কৰাৰ লগতে উত্তৰ-পূবৰ সামগ্ৰিক বিকাশৰ দিশটোও ত্বৰাম্বিত কৰিছিল।

তদুপৰি, তেওঁৰ কাৰ্য্যকালতে অসমকে ধৰি উত্তৰ-পূবৰ অন্য ৬ খন ৰাজ্যই (চিকিমক বাদ কৰি) বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। তেওঁৰ শাসনকালতে প্ৰথমবাৰৰ বাবে কেন্দ্ৰৰ পৰা ৯০ শতাংশ অনুদান লাভ কৰিছিল উত্তৰ-পূবৰ ৰাজ্যসমূহে।

আনহাতে, অসম আন্দোলনৰ প্ৰতিও প্ৰয়াত নেতাগৰাকীয়ে পূৰ্ণ সঁহাৰি জনাইছিল। তেওঁ লগতে বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধানৰ পোষকতা কৰিছিল।

তাৎপৰ্য্যপূৰ্ণ কথা যে তেওঁ নুমলীগড় তেল শোধানাগাৰ, ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিছিল। ১৯৯৮ চনত সেইসময়ৰ অসমৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ শাসন কালত অটল বিহাৰী বাজপেয়ীয়ে নৰনাৰায়ণ সেঁতুৰো শুভ উদ্বোধন কৰিছিল। ইয়াৰোপৰি ২০০২ চনত বগিবীল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল বাজপেয়ীয়ে।

উল্লেখ্য যে, উত্তৰ-পূবৰ বাবে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শুভাৰম্ভ কৰিছিল বাজপেয়ীয়ে। তদুপৰি ২০০৩ চনৰ ২৯ মে’ৰ দিনা শদিয়া সমষ্টিৰ সেইসময়ৰ বিধায়ক জগদীশ ভূঞাই প্ৰধান মন্ত্ৰীলৈ ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেঁতুখন বিচাৰি আবেদন কৰিছিল বুলি বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত দলংখনৰ শুভ উদ্বোধনী অনুষ্ঠানত জানিবলৈ দিছিল।

মোডীয়ে লগতে কৈছিল, ‘জগদীশ ভূঞাৰ আবেদনখন পায়েই বাজপেয়ীয়ে এখন সম্ভাৱনাপূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। যদি ২০০৪ চনত বিজেপি চৰকাৰ শাসনলৈ আহিলেহেঁতেন তেন্তে অসমবাসীয়ে ১০ বছৰ পূৰ্বেই এই দলংখন লাভ কৰিলেহেঁতেন।‘

উল্লেখ্য যে অসমবাসীৰ হিয়াৰ আমঠু সুধাকন্ঠ ড০ ভূপেন হাজৰিকা তেখেতৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছিল।

উত্তৰ-পূবৰ সকলোৰে প্ৰিয়ৰ পাত্ৰ অটল বিহাৰী বাজপেয়ীয়ে নাগালেণ্ডৰ নগা লোকসকলৰো হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০০৩ চনৰ ২৮ অক্টোবৰত কহিমাত এখন জনসভাত উপস্থিত হৈ নগা ভাষাত কৈছিল,  ‘আমি নগা ভাই আৰু ভইনীখন, আমি নাগালেণ্ডতে মাতিছে কাৰণে বেছি খুচি পাইচি দেই।‘ তেওঁৰ এই কথাষাৰত নগা লোকসকল বিশেষকৈ এনএছচিএম(আইএম) অত্যন্ত সুখী হৈছিল।

উক্ত সভাতে তেওঁ নগাসকলৰ সুকীয়া বুৰঞ্জীৰ চমু আভাস দাঙি ধৰি নগাসকলৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল।

উত্তৰ-পূবৰ বাবে যোগাই যোৱা অভূতপূৰ্ব অৱদানৰ কথা সুঁৱৰি তেওঁৰ মৃত্যুত উত্তৰ-পূববাসী শোকত ম্ৰিয়মান হৈ পৰাৰ লগতে তেওঁলৈ সকলোৱে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd