উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত দর্জিজান গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে বাঘজান আৰক্ষী থানাৰ চৌহদ।
আৰক্ষীৰ গাফিলতিৰ বাবে এগৰাকী কিশোৰীক চাৰিদিন পূৰ্বে দলবদ্ধ ধৰ্ষণ কৰা অপৰাধীক আৰক্ষীয়ে আটক নকৰি মুক্ত বিচৰণ কৰাত সুবিধা কৰি দিয়াৰ অভিযোগ তুলি আজি থানাৰ চৌহদ উত্তাল কৰি তোলে ‘আটছা’ আৰু ‘আছা’ৰ নেতৃত্বত এদল প্ৰতিবাদকাৰীয়ে।
প্ৰাপ্ত তথ্য মতে বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত দর্জিজান গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক যোৱা ৮ অক্টোবৰৰ দিনা পুৱা প্ৰায় ৬.৩০ মান বজাত বাঘজান চাহ বাগিচাৰ ২৮ নং চেকশ্যনত দুজন অচিনাকী যুৱকে ধর্ষণ কৰিছিল।
উল্লেখ্য যে দুৰ্গা পূজা উপলক্ষে বাঘজান চাহ বাগিচাৰ খেলপথাৰত প্রদৰ্শন হোৱা চিনেমা চাই পুৱা ৬.৩০ বজাত গৃহ অভিমূখে সমনীয়া কেইগৰাকীমানৰ সৈতে আহি থকা অৱস্থাত একে দিশৰ পৰা মটৰ চাইকেলত অহা দুজন যুৱকে কিশোৰী কেইজনীক আগুচি ধৰে।
হঠাৎ এনেদৰে বাট আগুচি ধৰাত দুৰ্ভগীয়া কিশোৰী গৰাকীৰ বাদে বাকী সমনীয়া কিশোৰী কেইজনী পলাই যাবলৈ সক্ষম হয় যদিও ভুক্তভোগি কিশোৰী গৰাকীক যুৱক দুজনে ধৰি বাগিচাৰ ভিতৰলৈ লৈ যায় আৰু ধর্ষণ কৰি পলায়ন কৰে।
এই ঘটনা সংঘটিত হোৱাৰ পাছত যোৱা ৯ অক্টোবৰত ধর্ষিতাৰ অভিভাৱকে বাঘজান থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আজি চাৰি দিন পাৰ হৈ যোৱাৰ পিছতো বাঘজান আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ক্ষুভিত হৈ পৰা সংগঠন দুটাৰ নেতৃত্বই তীব্ৰ প্ৰতিবাদেৰে শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
এই সংক্ৰান্তত সংগঠন দুটাই বাঘজান থানাক এক স্মাৰক পত্ৰ প্ৰদান কৰি হুংকাৰ দিয়ে যে আৰক্ষীয়ে যদি শীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে সংগঠন দুটাই অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে।
উল্লেখনীয় বিষয় যে ধর্ষিতা কিশোৰী গৰাকীৰ ভাষ্য মতে এজন ধর্ষণকাৰীৰ মুখমণ্ডলত অগ্নিদগ্ধৰ চিন স্পষ্ট ৰূপত দেখা পাইছিল আৰু সেই বিষয়ে আৰক্ষীক অৱগত কৰা হৈছিল। কিন্তু বাঘজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ভুক্তভোগিয়ে অভিযুক্তৰ পৰিচয় নিদিয়াৰ বাবেই আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বুলি প্ৰকাশ কৰি নিজৰ ব্যৰ্থতা ধাকিবলৈ চেষ্টা কৰিছে বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰিছে।