• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুদীৰ্ঘ কাৰাবাসৰ অন্তত আং ছান ছ্যু কীক গৃহবন্দীত্বলৈ প্ৰেৰণৰ চৰকাৰী দাবী

এন ই নাও নিউজ, অসমীয়া by এন ই নাও নিউজ, অসমীয়া
May 21, 2026 10:35 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মায়ানমাৰৰ প্ৰাক্তন নেত্ৰী তথা ন’বেল বঁটা বিজয়ী আং ছান ছ্যু কীক কাৰাগাৰৰ পৰা গৃহবন্দীলৈ স্থানান্তৰ কৰা হৈছে বুলি দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ২০২১ চনত সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতাচ্যুত কৰাৰ পিছৰে পৰা ৮০ বছৰীয়া নেত্ৰীগৰাকীক ৰাজধানী নেপিদ’ৰ এখন সামৰিক কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। সামৰিক শাসক মিন আং হ্লাইঙে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে তেওঁৰ বাকী থকা শাস্তি এতিয়া নিৰ্ধাৰিত বাসগৃহত কটোৱাৰ ব্যৱস্থা কৰা হৈছে।

চৰকাৰী টেলিভিছনত তেওঁৰ এখন ছবিও সম্প্ৰচাৰ কৰা হৈছিল। পিছে তেওঁৰ পুত্ৰ কিম এৰিছে এই ঘোষণাক লৈ সন্দেহ প্ৰকাশ কৰিছে। তেওঁ কয় যে ছবিখন ২০২২ চনতে তোলা হৈছিল আৰু তেওঁৰ মাতৃ জীৱিত থকাৰো কোনো সঠিক প্ৰমাণ তেওঁৰ ওচৰত নাই। কিম এৰিছে জানিবলৈ দিয়ে যে যেতিয়ালৈকে মাতৃৰ সৈতে তেওঁক কথা পাতিবলৈ দিয়া নহয় বা কোনো স্বতন্ত্ৰ সংস্থাই তেওঁৰ অৱস্থা পৰীক্ষা নকৰে, তেতিয়ালৈকে তেওঁ এই কথাবোৰ বিশ্বাস নকৰে। নেত্ৰীগৰাকীৰ অধিবক্তাসকলেও তেওঁক গৃহবন্দী কৰা সন্দৰ্ভত কোনো আনুষ্ঠানিক খবৰ পোৱা নাই বুলি প্ৰকাশ কৰিছে।

Apply Now

২০১৫ চনত গণতান্ত্ৰিক সংস্কাৰৰ পিছত আং ছান ছ্যু কীয়ে মায়ানমাৰৰ শাসনভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বেও তেওঁ গণতন্ত্ৰৰ হকে যুঁজ দি পোন্ধৰ বছৰতকৈও অধিক কাল গৃহবন্দী হৈ কটাবলগীয়া হৈছিল। এতিয়া হঠাতে তেওঁক লৈ চৰকাৰী সংবাদ মাধ্যমত প্ৰচাৰ হোৱা খবৰে ইংগিত দিছে যে সামৰিক কৰ্তৃপক্ষই তেওঁৰ অৱস্থাৰ কিছু পৰিৱৰ্তন কৰিব বিচাৰিছে বা তেওঁক মুকলি কৰি দিয়াৰ কথা ভাবিছে। বিশ্লেষকসকলৰ মতে, সামৰিক বাহিনীয়ে এতিয়া নিজৰ চৰকাৰখনক বিশ্বৰ আগত বৈধ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে আৰু এই খবৰো সেই ৰাজনৈতিক প্ৰচাৰৰে এক অংশ হ’ব পাৰে।

ছ্যু কীৰ প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা শ্বন টাৰ্নেলে প্ৰকাশ কৰা মতে কাৰাগাৰৰ পৰিৱেশ আছিল অতিশয় শোচনীয় আৰু খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যৱস্থালৈকে সকলো বেয়া আছিল। ৮০ বছৰ বয়সত তেনে পৰিৱেশত থকাতো তেওঁৰ বাবে অতি কষ্টকৰ। আনহাতে ২০১৭ চনত ৰোহিংগিয়া মুছলমানসকলৰ ওপৰত সামৰিক বাহিনীৰ অত্যাচাৰক লৈ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত মায়ানমাৰ চৰকাৰৰ পক্ষ লোৱাৰ বাবে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ভাৱমূৰ্তি কিছু ম্লান পৰিছিল। তথাপিও দেশবাসীৰ মাজত তেওঁৰ জনপ্ৰিয়তা আজিও অটুট আছে আৰু মায়ানমাৰৰ জনসাধাৰণে এতিয়াও তেওঁৰ মুক্তিৰ বাবে আশাৰে বাট চাই আছে।

এন ই নাও নিউজ, অসমীয়া

এন ই নাও নিউজ, অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd