• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

T20 World Cup: পুনৰুজ্জীৱিত অষ্ট্ৰেলিয়া, বিধ্বংসী ৱেড; পাকিস্তানক পৰাস্ত কৰি ফাইনেললৈ কেংগাৰু বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 7:37 am
WhatsApp Image 2021-11-12 at 6.54.36 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

T20 World Cup অৱশেষত থমকিল পাকিস্তান। টী-২০ বিশ্বকাপৰ ফাইনেললৈ গ’ল পুনৰুজ্জীৱিত অষ্ট্ৰেলিয়া। দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব চিৰ প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়া।

বৃহস্পতিবাৰে মেথিউ ৱেড আৰু ষ্টইনিছে যেন পাকিস্তানৰ পৰা মুখৰ ভাত গৰাহহে কাঢ়ি নিলে। শাহিন আফ্ৰিডীৰ দৰে দুৰ্ধৰ্ষ বলাৰক একেৰাহে তিনিটা ছয় মাৰি মেচ কাঢ়ি নিলে মেথিউ ৱেডে।

মেথিউ ৱেডৰ বিস্ফোৰণৰ বাবেই এক অভাৰ খেল বাকী থাকোতেই অষ্ট্ৰেলিয়াই নিজৰ লক্ষ্য অতিক্ৰম কৰি ৫ উইকেটত বিজয় সাৱ্যস্ত কৰে।

Apply Now

মেথিউ ৱেডে ৪১ আৰু ষ্টইনিছে ৪০ ৰাণত অপৰাজিত হৈ থাকি প্ৰায় অসম্ভৱ যেন লগা মেচখন অষ্ট্ৰেলিয়াৰ হাতলৈ লৈ যায়।

টছত জিকি অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চে প্ৰথমতে পাকিস্তানক বেটিং কৰিবলৈ পঠায়।

পাকিস্তানৰ অধিনায়ক বাবৰ আজম আৰু ৰিজৱান যুটীয়ে প্ৰথম উইকেটত ৭১ ৰাণ কৰে। জাম্পাৰ বলত ৩৯ৰাণত বাবৰে বিদায় লোৱাৰ পাছত ফকৰ জামান আৰু ৰিজৱানে পাকিস্তানৰ ইনিংছ আগবঢ়াই নিয়ে।

Also Read: Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

পাকিস্তানী উইকেটকীপাৰ ৰিজৱানে বিস্ফোৰক ৬৭ ৰাণ কৰি আউট হয়। ৰিজৱান আউট হোৱাৰ সময়ত পাকিস্তানৰ স্ক’ৰ আছিল ১৭.২ অভাৰত ১৪৩ৰাণ।

কিন্তু বাকী বেটাৰকেইজনে আশা কৰা মতে ৰাণ সংগ্ৰহত ব্যৰ্থ হয় আৰু পাকিস্তানে ১৭৬ ৰাণতে ইনিংছ সামৰে। ফকৰ জামানে তিনিটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ৩২টা বলত ৫৫ৰাণ কৰি অপৰাজিত থাকে।

পাকিস্তানৰ দৰে শক্তিশালী বলিঙৰ বিৰুদ্ধে ১৭৬ৰাণৰ লক্ষ্য অৱশ্যে কঠিন বুলিয়েই বিবেচিত হৈছিল। আৰম্ভণিতেই এৰন ফিঞ্চক শূন্য ৰাণতে শাহিন আফ্ৰিডীয়ে আউট কৰি অষ্ট্ৰেলিয়াক আঘাত কৰিছিল।

ইয়াৰ পাছতে অষ্ট্ৰেলিয়াৰ ইনিংছক আগবঢ়াই নিয়াৰ দায়িত্ব লয় ডেভিড ৱাৰ্ণাৰ আৰু মিচেল মাৰ্ছে। শ্বাদাব খানৰ বলত ২৮ ৰাণ কৰি মিচেল মাৰ্ছ আউট হোৱাৰ সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ২ উইকেটত ৫২ৰাণ।

Also Read: Students Suicide in India ভাৰতত ২০২০ বৰ্ষত ১২ হাজাৰতকৈয়ো অধিক শিক্ষাৰ্থীয়ে কৰিছে আত্মহত্যা

তাৰ পাছতে ষ্টিভ স্মিথ (৫) আৰু ৱাৰ্ণাৰ(৪৯) লগালগাকৈ আউট হয়। বিস্ফোৰক বেটাৰ মেক্সৱেলো (৭) বেছি সময় টিকিব নোৱাৰিলে। প্ৰায় একেৰাহে উইকেট হেৰুওৱাৰ ফলত অষ্ট্ৰেলিয়াৰ বাবে ৰিকুয়াৰ্ড ৰাণ ৰেট বৃদ্ধি পায়।

কিন্তু উইকেটৰ দুয়োটা মূৰত ষ্টইনিছ আৰু ৱেড অবিচল ৰূপত বেটিং কৰি থাকি সুযোগৰ অপেক্ষাত ৰয়।

শাহিন আফ্ৰিডীৰ ১৯তম অভাৰত বিধ্বংসী ৰূপ লয় মেথিউ ৱেডে। একেৰাহে তিনিটাকৈ ছয় মাৰি পাকিস্তানৰ স্বপ্নভংগ কৰাই নহয়, অষ্ট্ৰেলিয়াক ফাইনেলত প্ৰৱেশৰ বাটো প্ৰশস্ত কৰে ৱেডে।      

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd