• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

চ’কাৰ্ছ প্ৰটিয়াছ: স্বপ্নভংগৰ ব্যথা লৈ বিদায় দক্ষিণ আফ্ৰিকাৰ, ফাইনেলত কেংগাৰু বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2023 6:55 am
Australia defeated South Africa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বপ্নভংগৰ আন এক কৰুণ বেথা! ঐতিহাসিক ব্যৰ্থতাৰ অৱসান ঘটাই ন-ইতিহাসৰ পাতনি মেলিবলৈ গৈ পুনৰ এবাৰ বিফল হৈছে প্ৰটিয়াছ বাহিনী। পুনৰ এবাৰ শিৰ পাতি ল’বলগীয়া হৈছে চ’কাৰ্ছ অভিধা।

নক আউটৰ এই ঐতিহাসিক ব্যৰ্থতাৰ পৰিহাস যেন চিৰসংগী হৈ পৰিছে দক্ষিণ আফ্ৰিকাৰ। লীগ পৰ্যায়ৰ সফল অভিযানৰ অন্তত ছেমিত বৃহস্পতিবাৰে যুঁজ দিয়ো পৰাজয়ৰ গ্লানি লৈ বিশ্বজয়ৰ আকাংক্ষিত স্বপ্ন সামৰি বিদায় ল’লে প্ৰটিয়াছে।

Apply Now

ইডেনৰ টাৰ্ণিং পিটছত বৃহস্পতিবাৰে ক্ৰিকেট বিশ্বই উপভোগ কৰিলে এক ৰোমাঞ্চকৰ যুঁজ। অৱশ্যে স্নায়ুযুঁজৰ অভিজ্ঞ মহাৰথী কেংগাৰু বাহিনীয়ে দক্ষিণ আফ্ৰিকাৰ বাধা নেওচি উপনীত হ’ল ফাইনেলত।

বৃহস্পতিবাৰে দ্বিতীয় ছেমিত প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়ান বলিং শক্তিৰ সমুখত দিশহাৰা হৈ পৰে দক্ষিণ আফ্ৰিকা। বিশেষকৈ ইনিংছৰ প্ৰাৰম্ভিকতে দুই অষ্ট্ৰেলিয়ান পেচাৰ ষ্টাৰ্ক আৰু হেজেলউডে ভাঙি দিয়ে প্ৰটিয়াছৰ বেটিং মেৰুদণ্ড।

প্ৰথমটো অভাৰৰ অন্তিমটো বলতে ষ্টাৰ্কে বিদায় দিয়ে অধিনায়ক বাভুমাক (০)। তাৰ পিছতে নিখুঁত বলিঙেৰে ষ্টাৰ্ক-হেজেলউড যুটীয়ে দক্ষিণ আফ্ৰিকাৰ বেটাৰক ব্যতিব্যস্ত কৰি তোলে। ফৰ্মত থকা ডে ক’কৰ উইকেট দখলেৰে হেজেলউডে দলক দিয়ে বৃহৎ সফলতা।

এনে চমকপ্ৰদ বলিঙৰ সমুখত শলঠেকত পৰা প্ৰটিয়াছ বাহিনীয়ে মাত্ৰ ২৪ ৰাণতে হেৰুৱায় চাৰিটা উইকেট। তাৰ পিছতে অৱশ্যে এক যুঁজাৰু যুটী বান্ধি ক্লাছেন-মিলাৰে দক্ষিণ আফ্ৰিকাৰ ইনিংছ আগুৱাই নিয়ে।

দুয়ো পঞ্চম উইকেটত যোগ দিয়ে ৯৫ ৰাণ। কিন্তু পাৰ্ট টাইম স্পিনাৰ হেডে ক্লাছেনৰ (৪৭) উইকেট দখলেৰে দলটোক আন এক আঘাট হানে। তাৰ পিছৰটো বলতে হেডৰ চিকাৰ হয় জেনছেনো।

এনে বিপৰ্যয়ৰ মাজতে ক’টছীক সাৰথি কৰি মিলাৰে পুনৰ গঢ়ে আন এক যুটী। সপ্তম উইকেটত দুয়ো ৫৩ ৰাণৰ গুৰুত্বপূৰ্ণ এক যুটী বন্ধাৰ সময়তে কামিন্সে ক’টছীক (১৯) বিদায় দিয়ে।

উইকেটৰ এটা মূৰত এইদৰে সঘন উইকেট পতনৰ পাছতো আনটো মূৰত অকলেই দলৰ ত্ৰাণকৰ্তা হৈ থিয় দি ৰয় মিলাৰে আৰু উপহাৰ দিয়ে এক দৰ্শনী শতকীয় ইনিংছ। মিলাৰৰ ১০১ ৰাণৰ এই ইনিংছৰ সুবাদতে দক্ষিণ আফ্ৰিকাই থিয় কৰায় ২১২ ৰাণৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ।

অষ্ট্ৰেলিয়াৰ হৈ ষ্টাৰ্ক, কামিন্সে ৩ টাকৈ আৰু হেজেলউড, হেডে লাভ কৰে দুটাকৈ উইকেট। ইফালে এই সহজ লক্ষ্য অনুসৰণ কৰি দুই অষ্ট্ৰেলিয়ান অপেনাৰ হেড আৰু ৱাৰ্ণাৰে দিয়ে এক বিস্ফোৰক আৰম্ভণি।

দুয়ো প্ৰথম উইকেটত মাত্ৰ ৬.১ অভাৰতে ৬০ ৰাণৰ যুটী বান্ধে। কিন্তু মাৰ্ক্ৰামে ৱাৰ্ণাৰৰ (২৯) উইকেট দখল কৰি সকাহ দিয়ে দলক। তাৰ ঠিক কিছু সময় পিছতে ৰাবাডাৰ চিকাৰ হয় মাৰ্শ্ব।

ইয়াৰ পিছতে যেন দক্ষিণ আফ্ৰিকান বলিং এটেকে ঘূৰাই পায় সঠিক ফৰ্ম। দলীয় স্ক’ৰ ১৩৭ ৰাণৰ অন্তৰালত প্ৰটিয়াছ বাহিনীয়ে হেড (৬২), লাবুচেন (১৮), মেক্সৱেল (১)ৰ উইকেট দখল কৰি প্ৰথমবাৰৰ বাবে গঢ়ে দলৰ জয়ৰ সম্ভাৱনা।

কিন্তু অভিজ্ স্মিথে ধৈৰ্যৰে ইনিংছ আগুৱাই নি পুনৰ অষ্ট্ৰেলিয়াক ঘূৰাই আনে ট্ৰেকলৈ। উইকেট ৰক্ষক ইংলিচ আৰু স্মিথে সংযমেৰে দলৰ বিজয়ৰ ভেটি প্ৰায় মসৃণ কৰি তোলে। স্মিথে ৩০ আৰু ইংলিচে ২৮ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

১৯৩ ৰাণৰ স্ক’ৰত ইংলিচ আউট হোৱাৰ সময়ত অষ্ট্ৰেলিয়াক জয়ৰ বাবে প্ৰয়োজন হৈছিল ২০ ৰাণৰ। দলৰ বেটিং লাইন আপত তেতিয়া বাকী নাছিল কোনো বিশেষজ্ঞ বেটাৰৰ। এনে অৱস্থাত কিঞ্চিত আশা দেখিছিল দক্ষিণ আফ্ৰিকাই।

কিন্তু এই আশাত পানী ঢালি ধীৰে-সুস্থিৰে প্ৰটিয়াছ বলিং এটেকৰ মোকাবিলা কৰি ষ্টাৰ্ক আৰু কামিন্সে পুনৰ কোনো হানি ঘটিবলৈ নিদিয়াকৈ অষ্ট্ৰেলিয়াক লক্ষ্যত উপনীত কৰায় আৰু প্ৰশস্ত কৰে দলৰ ফাইনেলৰ পথ।

এই জয়েৰে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া বিশ্বকাপ ইতিহাসত অষ্টমবাৰৰ বাবে ফাইনেলত উপনীত হয়। অহা ১৯ নৱেম্বৰত দলটোৱে খিতাপ দখলৰ যুঁজত ভাৰতৰ বিপক্ষে প্ৰতিদ্বন্দিতা আগবঢ়াব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd