অষ্ট্ৰেলিয়াৰ এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক এৰোন ফিন্সে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক এদিনীয়া ক্ৰিকেটৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ আখ্যা দিয়ে।
”নিশ্চিতভাৱে বিৰাট কোহলী এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বকালৰ সৰ্বেশ্ৰেষ্ঠ ক্ৰিকেটাৰ,” এৰোন ফিন্সে কয়।
”দীৰ্ঘসময় ধৰি কোহলীৰ উল্লেখযোগ্য কথাটো হ’ল তেওঁৰ তিনিওটা ফৰ্মেটতে ফৰ্ম অটুত আছে,” অষ্ট্ৰেলিয়ান অধিনায়ক গৰাকীয়ে লগতে কয়।
আনহাতে, ফিন্সে লগতে কয় যে, প্ৰতিগৰাকী ক্ৰিকেটাৰৰে এটা অথবা দুটা চিৰিজ বেয়া যোৱা দেখা যায় কিন্তু বিৰাট কোহলী কেইয়াও একেৰাহে দুটা শৃংখলাত বিফল হোৱা নায়।
এৰ’ন ফিন্সৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্কেও বিৰাট কোহলীক দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ আখ্যা দিছিল।
বৰ্তমান সময়ত ক্ৰিকেট বিশ্বৰ দুগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ ভিতৰত বিৰাট কোহলী আৰু ষ্টিভ স্মিথৰ নাম প্ৰথমে উচ্চাৰণ হয়। দুয়োগৰাকী ক্ৰিকেটাৰৰ ভিতৰত কোনো শ্ৰেষ্ঠ সেই সম্পৰ্কেও চৰ্চা চলি থাকে।
উল্লেখযোগ্য যে, বৰ্তমান সময়ত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে বিৰাট কোহলী নিজ গৃহতে আৱদ্ধ হৈ থকিবলগীয়া হৈ আছে।