• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ‘আৱৰণ পৰিযোজনা’ শীৰ্ষক পাইলট প্ৰকল্পৰ শুভ উদ্বোধন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 6, 2021 6:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে নতুনকৈ হাতত লোৱা ‘আৱৰণ পৰিযোজনা’ শীৰ্ষক পাইলট প্ৰকল্প এটিৰ বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই শুভ উদ্বোধন কৰে ৷

এই উপলক্ষ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত উপায়ুক্তগৰাৰীয়ে বন্তি প্ৰজ্বলন কৰি আৱৰণ পৰিযোজনাৰ শুভ উদ্বোধন কৰে ৷

Apply Now

উল্লেখ্য যে প্ৰথম পৰ্যায়ত বঙাইগাঁও আৰু মৰিগাঁৱত এই পৰিযোজনা আৰম্ভ কৰা হৈছে। এই পৰিযোজনাৰ অধীনত চলিত মাহৰ ৫ অক্টোৱৰৰ পৰা ১১ অক্টোৱৰলৈকে আৰু আগন্তুক ২০২২ বৰ্ষৰ ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ প্ৰসৱকালীন যত্নৰ বিশেষ সেৱা উপলব্ধ হ’ব।

গৰ্ভৱতী মহিলাৰ বাবে এয়া স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী। প্ৰথম ত্ৰিমাসিকত প্ৰসৱকালীন পঞ্জীয়ণ বৃদ্ধি কৰা, প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে অন্তত: চাৰিটা নিশ্চিত স্বাস্থ্য পৰীক্ষা, স্ত্ৰীৰোগ বিশেষজ্ঞ বা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সুনিশ্চিত স্বাস্থ্য পৰীক্ষা,বিপদজনক গৰ্ভাৱস্থাৰ চিনাক্তকৰণ আৰু স্বাস্থ্য কেন্দ্ৰত প্ৰসৱৰ বাবে উচিত ব্যৱস্থাপনা কৰাই হৈছে ‘আৱৰণ পৰিযোজনা’ৰ মুখ্য উদ্দেশ্য।উল্লেখ্য যে এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভাও উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়।

স্বাস্থ্য বিভাগৰ জিলা আঁচনি প্ৰবন্ধক আনন্দ শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য , অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া লাৱণ্য কুমাৰ শৰ্মা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল, চেক্টৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল, জিলা সমন্বয়ক, খণ্ড সমন্বয়কসকলৰ লগতে আশা চুপাৰভাইজৰসকল উপস্থিত থকা সভাত উপায়ুক্তগৰাকীয়ে জিলাখনত গৰ্ভৱতী মহিলাৰ চিকিৎসা আৰু প্ৰসৱৰ ক্ষেত্ৰত বঙাইগাঁৱৰ স্বাস্থ্য বিষয়াসকলে দেখুওৱা তৎপৰতা সম্পৰ্কত পৰ্যালোচনা কৰে।

জিলাখনৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত নিয়মীয়াকৈ প্ৰসৱ কাৰ্য চিকিৎসকসকলে কৰি আছে। বিশেষ জটিলতা থকা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত একান্ত গুৰুত্বসহকাৰে চিকিৎসকসকলে কৰা চিকিৎসাক উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই প্ৰশংসা কৰে।জিলাখনত স্বাস্থ্য বিভাগৰ ‘সৌভাগ্য আঁচনি’ৰ জৰিয়তে বিশেষ জটিলতা থকা গৰ্ভৱতী মহিলা যেনে উচ্চ ৰক্তচাপ থকা, ৰক্তহীনতা সমস্যা বা আন জটিলতা থকা গৰ্ভৱতী মহিলাৰ চিকিৎসা কৰি থকা হৈছে আৰু ইয়াৰ ফলত প্ৰসূতিৰ মৃত্যুৰ হাৰ ক্ৰমশ: কমি আহিছে।

আনকি প্ৰয়োজন সাপেক্ষে স্বাস্থ্য বিভাগৰ লোকে গৰ্ভৱতী মহিলা আৰু প্ৰসূতিক ৰক্তদানো কৰিছে আগ্ৰহেৰে আৰু এনেদৰে বহুকেইগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰা হৈছে। এইক্ষেত্ৰত চেক্টৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে বিশেষ দক্ষতা দেখুওৱা চিকিৎসক তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মীক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ দিব বুলিও ঘোষণা কৰে উপায়ুক্তগৰাকীয়ে।

বিগত বৰ্ষত জিলাখনত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা ২৫ গৰাকী আছিল যদিও চলিত বৰ্ষত ৩ গৰাকীৰ মৃত্যু হৈছে ৷ সেইদৰে শিশুৰ মৃত্যুৰ হাৰো হ্ৰাস পাইছে ৷

বিগত বৰ্ষত ২৭০ টি শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে চলিত বৰ্ষত বৰ্তমানলৈকে ৫৩ টিৰ বিভিন্ন কাৰণত মৃত্যু হৈছে ৷ এই ক্ষেত্ৰত জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ কিদৰে একেবাৰে ৰোধ কৰিব পাৰি তাৰ বাবে স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰখা বুলি কয় ৷

সভাত কেইবাগৰাকীও চিকিৎসকে গৰ্ভৱতী মহিলা তথা প্ৰসূতিৰ সফল চিকিৎসা কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে। সভাত ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিকসকলো উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd