DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ ভয়াবহ আশংকা! তিনি দিনলৈ কিয় বন্ধ কৰা হ’ল বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2020 12:00 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

830
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ ভয়াবহতাৰ আশংকা কৰি আজিৰে পৰা তিনিদিনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে মহানগৰীৰ গোপীনাথ নগৰস্থিত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান।

সংবাদমাধ্যমৰ আগত এই কথা জনাইছে প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ অমল কটকীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা কোভিড-১৯ আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা দীপিকা বাছফৰ নামৰ ১৬ বছৰীয়া কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ আহিছিল বি বৰুৱা প্ৰতিষ্ঠানৰ কেইবাজনো চিকিৎসক আৰু নাৰ্ছ।

গতিকে সকলো চিকিৎসক নাৰ্ছৰ স্বাৱ চেম্পল সংগ্ৰহ কৰি প্ৰয়োজন সাপেক্ষে কোৱাৰেন্টাইন কৰা হ’ব চিকিৎসক নাৰ্ছক।

সেয়েহে তিনিদিনৰ বাবে চিকিৎসালয়খন বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা বুলি ডঃ কটকীয়ে কয়।

তদুপৰি, লখৰাৰ মৃত কিশোৰী গৰাকী লকডাউন শিথিল কৰাৰ পাছতে আইতাক মালতী বাছফৰৰ ঘৰত ফুৰিবৰ বাবে আহিছিল।

WhatsApp Image 2020-05-08 at 11.25.00 AM
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। ফাইল ফটো

আইতাকৰ ঘৰত প্ৰথমে জ্বৰ, কাহত ভোগাৰ পাছত কিশোৰী গৰাকীৰ সাধাৰণ জ্বৰ হোৱা বুলি ভাবি ই এছ আই হাস্পাতালত চিকিৎসা কৰে।

পাছত বমি হোৱাত কিশোৰীগৰাকীক বি বৰুৱা চিকিৎসালয়ত যোৱা ৪ মে’ৰ দিনা আইতাক মালতীয়ে চিকিৎসাৰ বাবে আনে।

উপস্থিত চিকিৎসকে দীপিকাক এটা চেলাইন দিয়ে বুলি ডঃ কাকতিয়ে জানিবলৈ দিয়ে।

কিশোৰীগৰাকীৰ আইতাক মালতী বাছফৰ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী  ঠিকাভিত্তিক চাফাই কৰ্মী।

বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ আবাসিক এলেকাত নাছিল যদিও প্ৰতিষ্ঠানৰ কাষতে বসবাস কৰিছিল আইতাক মালতী বাছফৰে।

WhatsApp Image 2020-05-08 at 11.52.52 AM
প্ৰতিষ্ঠানটোত দিয়া বন্ধৰ জাননীখন।

ইপিনে, কালি কিশোৰী গৰাকীৰ মৃত্যু হোৱাত লগে লগে সন্দেহ বশত: জি এম চি এইচৰ পৰা কোভিড চিকিৎসকৰ এটা দল গৈ ছোৱালীজনীৰ স্বাৱ চেম্পল সংগ্ৰহ কৰি আনি পৰীক্ষা কৰাত কোভিড-১৯ পজিটিভ ধৰা পৰা বুলি সংবাদ মাধ্যমৰ আগত জনায়।

বৰ্তমান মৃত কিশোৰীগৰাকীৰ আইতাক মালতীক প্ৰতিষ্ঠানৰ ভিতৰতে কোৱাৰেন্টাইন কৰা হৈছে।

আনহাতে, অহা তিনিদিনলৈ প্ৰতিষ্ঠানখন বন্ধ থাকিব বুলি জানিব পাৰি এতিয়া বিমোৰত পৰিছে ৰোগীসকল।

ইপিনে, আজি বি বৰুৱা প্ৰতিষ্ঠানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু জি এম চি এইচৰ এক আৰু পাচঁ নম্বৰ ছাত্ৰাবাসো কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

সেইদৰে চানমাৰীৰ অমিয়নগৰক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়।

Tags: COVID-19

Recent News

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

HS Result 2022 কলা শাখাত দশম স্থানেৰে বঙাইগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে অনন্যা সূত্ৰধৰে

HS Result 2022 কলা শাখাত দশম স্থানেৰে বঙাইগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে অনন্যা সূত্ৰধৰে

DYFI protest বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

DYFI protest বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd