NORTHEAST NOW (Assamese)

বাবৰ আজমে ভংগ কৰিব বিৰাট কোহলীৰ ৰেকৰ্ড; এইগৰাকী ক্ৰিকেটাৰৰ মন্তব্য

April 13, 2020 7:18 pm · এন ই নাও নিউজ
বাবৰ আজম

পাকিস্তানী বেটছমেন বাবৰ আজমে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিব পাৰিব বুলি অনুভৱ কৰে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰামিজ ৰাজাই।

‘‘বাবৰ আজমৰ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিব পৰা দক্ষতা আছে কিন্তু আজমে মুক্ত হৈ খেলিব লাগিব,’’ ৰাজাই এইদৰে কয়।

আই চি চিৰ টেষ্ট, এদিনীয়া আৰু ট-২০ আটাইকেইটা সংস্কৰণতে শীৰ্ষৰ পাঁচগৰাকী বেটছমেনৰ ভিতৰত স্থান লাভ কৰা বাবৰ আজম একমাত্ৰ বেটছমেন।

বাবৰ আজমে টেষ্টত পঞ্চম, এদিনীয়াত তৃতীয় আৰু টি-২০-ত শীৰ্ষ স্থান অধিকাৰ  কৰি আছে বুলিও ৰাজাই লগতে কয়।

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ৰাজাই বাবৰ আজমক প্ৰশংসা কৰি যুৱ ক্ৰিকেটাৰ গৰাকীৰ বাবে আকাশেই সীমা বুলি উল্লেখ কৰি তেওঁ দক্ষতা অনুসৰি প্ৰদৰ্শন আগবঢ়াই যাব লাগিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিৰাট কোহলীয়ে ইতিমধ্যে নিজকে মহান ক্ৰিকেটাৰৰ স্তৰলৈ উন্নীত কৰিছে বুলি উল্লেখ কৰি ৰাজাই বাবৰ আজমে ভবিষ্যতে কি স্তৰলৈ নিজকে লৈ যাব পাৰিব সেয়া সময়তহে ক’ব বুলিও কয়।

Related News