বাবৰ আজমে পৰাভূত কৰিলে বিৰাট কোহলীক।
অৱশ্যে খেলপথাৰত নহয়, আইচিচিৰ এদিনীয়া ৰেংকিঙতহে!
বুধবাৰে পাকিস্তানৰ তাৰকা বেটছমেনজনে আইচিচিৰ এদিনীয়া বেটিং ৰেংকিঙত বিৰাট কোহলীক অতিক্ৰমণ কৰি শীৰ্ষ স্থানত উপৱিষ্ট হয়।
উল্লেখযোগ্য যে সুদীৰ্ঘ তিনি বছৰধৰি কোহলীয়ে শীৰ্ষ স্থান দখল কৰি আছিল।
বিৰাট কোহলীতকৈ বৰ্তমান তেওঁ ৮ পইণ্টত আগবাঢ়ি আছে।
বাবৰ আজম পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ চতুৰ্থজন বেটছমেন, যি শীৰ্ষ স্থানত উপৱিষ্ট হ’বলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বে এই শীৰ্ষ স্থানত উপৱিষ্ট হোৱা দেশখনৰ বেটছমেনকেইজন হ’ল- জাহিৰ আব্বাছ (১৯৮৩-৮৪), জাভেড মিঞাদাদ (১৯৮৮-৮৯) আৰু মহম্মদ ইউচুফ (২০০৩)।
বাবৰ আজমৰ উপৰিও দেশখনৰ আন এজন তাৰকা বেটছমেন ফখৰ জামানেও আইচিচি এদিনীয়া ৰেংকিঙত স্থান উৰ্ধগামী হৈছে।
বৰ্তমান তেওঁ কেৰিয়াৰৰ সৰ্বোচ্চ সপ্তম স্থানত উপৱিষ্ট হৈছে।
কোহলীৰ উপৰিও ৰেংকিঙৰ শীৰ্ষ দহত থকা একমাত্ৰ ভাৰতীয় বেটছমেনজন হৈছে ৰোহিত শৰ্মা।
তেওঁ তৃতীয় স্থানত উপৱিষ্ট হৈ আছে।
আনহাতে, বলিং ৰেংকিঙত শীৰ্ষ দহত স্থান অক্ষত থকা একমাত্ৰ ভাৰতীয় বলাৰগৰাকী হৈছে যশপ্ৰীত বুমৰাহ।
ফাষ্ট বলাৰজন বৰ্তমান চতুৰ্থ স্থানত আছে।
বলিং ৰেংকিঙৰ শীৰ্ষস্থানত থকা বলাৰগৰাকী হৈছে নিউজিলেণ্ডৰ ফাষ্ট বলাৰ ট্ৰেণ্ট ব’ল্ট।