NORTHEAST NOW (Assamese)

ডিব্ৰু নদীৰ সমীপত পোৱালী হাতীৰ মৃতদেহ উদ্ধাৰ

October 17, 2020 9:46 am · এন ই নাও নিউজ
ফটো-নৰ্থ-ইষ্ট নাও

উজনি অসমৰ তিনিচুকীয়া জিলাৰ কাকজান সংৰক্ষিত বনাঞ্চলত শুকুৰবাৰে এটা পোৱালী হাতীৰ মৃতদেহ উদ্ধাৰ হয়।

কাকজান সংৰক্ষিত বনাঞ্চলৰ কলিয়ামাটিৰ ডিব্ৰু নদীৰ সমীপতে পোৱালী হাতীটোৰ মৃতদেহটো পৰি থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু এই সম্পৰ্কে বন বিভাগক খবৰ কৰে।

বন বিভাগৰ লোকে খবৰ লাভ কৰাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰু হাতীটোৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

‘‘আমি শুকুৰবাৰে ৰাতিপুৱা হাতী পোৱালীটোৰ মৃতদেহটো উদ্ধাৰ কৰো। বৰ্তমানলৈ আমি হাতী পোৱালীটোৰ কেনেদৰে মৃত্যু হৈছে সেই সম্পৰ্কে জানিব পৰা নাই যদিও মৰোণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছত এই সম্পৰ্কে জানিব পাৰিম। মানুহে বনাঞ্চল ধ্বংস কৰাৰ বাবে হাতী আৰু মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে। হাতীয়ে খাদ্যৰ সন্ধানত মানুহৰ বাসস্থানলৈ নামি আহে,’’ দমদমা বন বিভাগৰ এগৰাকী বন বিষয়াই এইদৰে কয়।

কিছুদিন পূৰ্বে ডিগবৈ তৈল ক্ষেত্ৰৰ সমীপত কাম কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত এগৰাকী লোকৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছিল বুলি দেৱজিৎ মৰাণ নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে উল্লেখ কৰে।

Related News