• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত, চীন আৰু ৰাছিয়াই বতাহত বৃদ্ধি কৰিছে প্ৰদূষণ: ডোনাল্ড ট্ৰাম্প

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 17, 2020 9:49 am

2 min read

trump, modi, putin and xi

ডোনাল্ড ট্ৰাম্প, নৰেন্দ্ৰ মোদী, জি জিনপিং আৰু ভ্লাডিমিৰ পুটিন।

451
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰত, চীন আৰু ৰাছিয়াৰ জৰিয়তেই বতাহত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।

এই তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ একেবাৰে তলত আছে বুলিও দাবী কৰিছে বহুবল্কী ৰাষ্ট্ৰপতিগৰাকীয়ে।

নৰ্থ কাৰোলিনাৰ নিৰ্বাচনী সভা এখনত ট্ৰাম্পে কয় যে এই দেশবোৰত বায়ু প্ৰদূষিত হৈছে। কেবল সেয়াই নহয়, ভাৰত, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিজৰ ভূমিকা ঠিকমতে পালন কৰিব পৰা নাই।

ট্ৰাম্পে তেওঁৰ চৰকাৰে ইন্ধন বচোৱাৰ পৰা আৰম্ভ কৰি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত বহু কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি দাবী কৰে।

কিন্তু তেওঁ লগতে দাবী কৰে যে ভাৰত, চীন আৰু ৰাছিয়াৰ বাবে প্ৰদূষণ বৃদ্ধি পাইছে আৰু আন দেশৰ তুলনাত আমেৰিকাৰ পৰিৱেশ উন্নত।

ট্ৰাম্পে ভাৰত, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে পৰিৱেশ কিদৰে সংৰক্ষণ কৰিব লাগে তাকেই নাজানে বুলি উল্লেখ কৰাৰ লগতে এই দেশসমূহৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কে প্ৰাথমিক ধাৰণা নাই বুলিও কটাক্ষ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়,’’ মই কোনো চহৰৰ নাম ক’ব নোখোজো যদিও এনে কিছুমান চহৰ আছে য’ত গ’লে উশাহ পৰ্যন্ত ল’বলৈ কষ্ট হয়।‘’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত চীন আৰু আৰু ৰাছিয়াৰ বিৰুদ্ধে মন্তব্য কৰি আহিলেও ভাৰতৰ বিৰুদ্ধে সমালোচনা কৰা নাছিল।

কিন্তু এইবাৰ ভাৰতকো সাঙুৰি কৰা ট্ৰাম্পৰ মন্তব্যই স্বাভাৱিকতে ৰাষ্ট্ৰপতিগৰাকীৰ মনোভাৱ বুজাত অস্পষ্টতাৰ সৃষ্টি কৰিছে।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd