অসমত ইউচিচি বা অভিন্ন দেৱানী বিধি বলৱৎ কৰাক লৈ এতিয়া ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। আজমলে ৰাজ্যখনৰ জনস্বাস্থ্য, আন্তঃগাঁথনি আৰু শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইউচিচিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয়। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এই বিধি বলৱৎ কৰাৰ আগতে ইয়াৰ অৰ্থ ভালদৰে বুজি লোৱা উচিত। আজমলে অভিযোগ কৰে যে বিজেপি চৰকাৰে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰি ধৰ্মীয় ৰাজনীতি কৰাত ব্যস্ত আছে। তেওঁৰ মতে চৰকাৰে ধৰ্মীয় মেৰুকৰণতকৈ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিয়াটো দৰকাৰ।
আজমলে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ শোচনীয় অৱস্থাৰ কথা উল্লেখ কৰি কয় যে তেওঁ শেহতীয়াকৈ কেইখনমান চিকিৎসালয় পৰিদৰ্শন কৰিছিল যিবোৰৰ অৱস্থা অত্যন্ত ভয়াবহ। চিকিৎসালয়ত দুৱাৰ-খিৰিকী নাই আৰু পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক বা নাৰ্ছৰো অভাৱ। আনকি চিকিৎসালয়ৰ শৌচালয়সমূহ ইমানেই লেতেৰা যে মানুহে ব্যৱহাৰ কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটীৰ কৃত্ৰিম বানত মানুহৰ মৃত্যু হোৱা ঘটনাক লৈও তেওঁ চৰকাৰক সমালোচনা কৰে। চৰকাৰে আন্তঃগাঁথনি আৰু শিক্ষা খণ্ডৰ উন্নয়নত ব্যৰ্থ হোৱা বুলি দাবী কৰি আজমলে কয় যে আগন্তুক বিধানসভাৰ অধিবেশনত তেওঁৰ দলে ইউচিচিৰ তীব্ৰ বিৰোধিতা কৰিব।
মুখ্যমন্ত্ৰীক উদ্দেশ্যি আজমলে কয় যে ঈশ্বৰ বা আল্লাহৰ আশীৰ্বাদত তেওঁ বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, সেয়েহে ধৰ্ম নিৰ্বিশেষে সকলোৰে প্ৰতি ন্যায় প্ৰদান কৰাটো তেওঁৰ কৰ্তব্য। আজমলে চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰো বিৰোধিতা কৰে। ইয়াৰ উপৰিও তেওঁ সাংসদ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত দুয়োৰে ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু ৰাজ্যৰ বিভিন্ন ঠাইত মাটি দখলৰ সৈতে দুয়ো জড়িত আছিল। তেওঁৰ মতে পূৰ্বে বহু চৰকাৰী মাটি বিক্ৰী কৰা হৈছিল আৰু এতিয়া বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ নামত নাটক কৰিছে।
আনহাতে অল অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে বদৰুদ্দিন আজমলৰ মন্তব্যৰ ওলোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। হকে কয় যে বহুবিবাহ অসমীয়া মুছলমানৰ পৰম্পৰা নহয় আৰু অভিন্ন দেৱানী বিধিয়ে অসমীয়া মুছলমানৰ সংস্কৃতিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলায়। তেওঁ এই বিধিক সমৰ্থন জনোৱাৰ লগতে আজমলৰ দল এআইইউডিএফক এখন সাম্প্ৰদায়িক দল হিচাপে অভিহিত কৰে। ইয়াৰ মাজতে আজমলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে চৰকাৰৰ ধৰ্মীয় আৰু ৰাজনৈতিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব আৰু বিধানসভাত ইউচিচি বিধেয়কৰ বিৰোধিতা কৰিব।





