• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামাজিক মাধ্যমৰ পৰা আঁতৰালে ‘বুং’ ছবিৰ জৰিয়তে ইতিহাস সৃষ্টি কৰা লক্ষ্মীপ্ৰিয়া দেৱীৰ ভাষণ: বাফটাৰ বিৰুদ্ধে সৰৱ নেটিজেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 5:39 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২২ ফেব্ৰুৱাৰীত মণিপুৰৰ পৰিচালক লক্ষ্মীপ্ৰিয়া দেৱীৰ ‘বুং’ (Boong) ছবিয়ে চলিত বৰ্ষৰ বাফটা বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ সন্মান লাভ কৰি ভাৰতীয় আঞ্চলিক চলচ্চিত্ৰৰ বাবে এক নতুন ইতিহাস সৃষ্টি কৰিছিল। কিন্তু এই গৌৰৱোজ্জ্বল মুহূৰ্তৰ কেইদিনমান পাছতেই ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছে (বাফটা) নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা পৰিচালকগৰাকীৰ বিজয়ী ভাষণটো আঁতৰাই পেলোৱাক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। মণিপুৰৰ সাম্প্ৰতিক গোষ্ঠীগত সংঘৰ্ষ আৰু অশান্তিৰ কথা উল্লেখ কৰা এই আৱেগিক ভাষণটো পাছত ইউটিউবত পুনৰ আপল’ড কৰা হয় যদিও বাফটাৰ এনে কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, বাফটাৰ এই নিৰ্দিষ্ট শিতানত বঁটা লাভ কৰা ‘বুং’ হৈছে প্ৰথমখন ভাৰতীয় ছবি। সমগ্ৰ দেশৰ লগতে বিশেষকৈ মণিপুৰত এই বিজয়ক খিলঞ্জীয়া কাহিনীকথনৰ এক বৃহৎ স্বীকৃতি হিচাপে ব্যাপকভাৱে উদযাপন কৰা হৈছিল। কিন্তু কোনো ধৰণৰ স্পষ্টীকৰণ নিদিয়াকৈ বাফটাই নিজৰ ইনষ্টাগ্ৰাম আৰু এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টৰ পৰা পৰিচালকগৰাকীৰ বিজয়ী ভাষণটো আঁতৰাই পেলোৱাত এই উদযাপন বহু পৰিমাণে ম্লান পৰে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, শুকুৰবাৰে নিশা বাফটাই নিজৰ ইউটিউব চেনেলত ভিডিঅ’টো পুনৰ আপল’ড কৰে যদিও প্ৰথম অৱস্থাত ইয়াক সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

Apply Now

বঁটা গ্ৰহণ কৰি লক্ষ্মীপ্ৰিয়া দেৱীয়ে প্ৰদান কৰা ভাষণটোৱে উপস্থিত দৰ্শকক বাৰুকৈয়ে আৱেগিক কৰি তুলিছিল। তেওঁ ভাষণত কৈছিল যে এই ছবিখন ভাৰতৰ এক অৱহেলিত আৰু প্ৰতিনিধিত্বহীন অঞ্চলৰ কাহিনীৰ ওপৰত আধাৰিত, যিখন তেওঁৰ মাতৃভূমি মণিপুৰ আৰু ই তেওঁৰ মাতৃভূমিৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। পৰিচালকগৰাকীয়ে লগতে মণিপুৰলৈ শান্তি ঘূৰি অহাৰ কামনা কৰি ছবিখনৰ শিশু শিল্পীসকলকে ধৰি সংঘাতৰ ফলত স্থানচ্যুত হোৱা সকলো শিশুৱে যাতে তেওঁলোকৰ হেৰোৱা আনন্দ, নিস্পাপ শৈশৱ আৰু সপোনবোৰ পুনৰ ঘূৰাই পায়, তাৰ বাবে প্ৰাৰ্থনা জনাইছিল।

এই ভাষণটো সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ লগে লগে শিল্পী, সমাজকৰ্মী আৰু সাধাৰণ নেটিজেনসকল সৰৱ হৈ পৰে। মণিপুৰ ৱমেন গান ছাৰ্ভাইভৰ্ছ নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সমাজকৰ্মী বিনালক্ষ্মী নেপ্ৰামে এই কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এগৰাকী খিলঞ্জীয়া মহিলা পৰিচালকৰ ভাষণ আঁতৰাই পেলোৱাটো খিলঞ্জীয়া লোক আৰু মহিলাৰ কণ্ঠৰ ‘সাংস্কৃতিক বিলুপ্তিকৰণ’ৰ (cultural erasure) সমাৰ্থক। তেওঁ বাফটাক এই ভাষণ তৎকালীনভাৱে পুনৰুদ্ধাৰ কৰিবলৈ দাবী জনায়। একেদৰে আন কেইবাগৰাকীও সাংবাদিকে বাফটাৰ এক্স হেণ্ডেলৰ পৰা এই ভাষণটো হঠাতে অন্তৰ্ধান হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে প্ৰতিনিধিত্ব আৰু বাক স্বাধীনতাৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd