• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰসংগ: বাঘ হাজৰিকা, ইতিহাসৰ পুনৰলিখন আৰু সাম্প্ৰতিক ৰাজনীতি

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
March 2, 2026 6:48 pm
124
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত ইতিহাস কেৱল অতীতৰ ধূসৰিত পৃষ্ঠা নহয়, বৰঞ্চ ই বৰ্তমানৰ পৰিচয় আৰু ভৱিষ্যতৰ দিশ নিৰ্ণয়ৰ এক শক্তিশালী সমল। শেহতীয়াকৈ অসমৰ ৰাজনৈতিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত ইতিহাসৰ এক নিৰ্দিষ্ট চৰিত্ৰক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত ইতিহাস আৰু পৰিচয়ৰ এই যুঁজখন নতুন নহয় যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা এক মন্তব্যই এই বিতৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁ কৈছিল, “উচ্চ মাধ্যমিকৰ ইতিহাসৰ পাঠ্যপুথি পুনৰ লিখিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছোঁ। শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাই অংশগ্ৰহণ কৰাৰ কোনো ঐতিহাসিক তথ্য নাই; মিচিং নেতা মিৰি সন্দিকৈহে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰা এজন প্ৰকৃত যোদ্ধা আছিল।”

বাঘ হাজৰিকাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিতৰ্কই কেৱল এটা ঐতিহাসিক চৰিত্ৰৰে নহয়, বৰঞ্চ অসমীয়া জাতি গঠনৰ ধৰ্মনিৰপেক্ষ প্ৰক্ৰিয়াটোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। এফালে যদি ইতিহাসৰ পৰা কোনো বিশেষ চৰিত্ৰ মচি নতুন বীৰক প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলিছে, আনফালে এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ৰাজনৈতিক মেৰুকৰণৰো ইংগিত বহন কৰিছে।

Apply Now

লক্ষণীয়ভাৱে, ইতিহাস পুনৰ্মূল্যায়নৰ এই প্ৰক্ৰিয়া কেৱল অসমতেই সীমাবদ্ধ নহয়; ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে, ২০২৩ চনত ক’ভিডোত্তৰ সময়ত শিক্ষাৰ্থীৰ বোজা কমোৱাৰ যুক্তি দৰ্শাই এনচিইআৰটি-ৰ (NCERT) দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা মোগল সম্পৰ্কীয় অধ্যায়সমূহ কৰ্তন কৰা হৈছিল। একেদৰে, ২০২৫ চনৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত ঔৰংজেৱৰ পৰৱৰ্তী মোগল শাসক, মাৰাঠা আৰু আঞ্চলিক শক্তিসমূহৰ ইতিহাস সংকুচিত কৰি কেৱল ‘বৰ্বৰতা’ৰ দিশটোহে আলোকপাত কৰা হৈছে। সেয়েহে, ইতিহাসৰ বৈজ্ঞানিক চৰ্চা বনাম জনশ্ৰুতিৰ গুৰুত্ব আৰু ইয়াৰ আঁৰত লুকাই থকা সাম্প্ৰতিক কালৰ পৰিচয়ৰ ৰাজনীতিয়ে এতিয়া অসমৰ বৌদ্ধিক মহলক জোকাৰি গৈছে।

প্ৰকৃততে ইতিহাসৰ পৰা কোনো চৰিত্ৰ বিলোপ কৰাৰ প্ৰয়াস নে এয়া এক নতুন ঐতিহাসিক সত্যৰ অন্বেষণ? নে ইয়াৰ আঁৰত আছে আন কোনো ৰাজনৈতিক সমীকৰণ? এই গুৰুত্বপূৰ্ণ দিশসমূহক কেন্দ্ৰ কৰি কেইবাগৰাকীও ইতিহাসবিদ আৰু গৱেষকৰ সৈতে কথোপকথন কৰা হৈছিল।

বাঘ হাজৰিকাৰ ঐতিহাসিক অস্তিত্ব সন্দৰ্ভত ইতিহাসবিদ নবীন বুঢ়াগোহাঁয়ে কয়, “বাঘ হাজৰিকা সম্পৰ্কে মূল বুৰঞ্জীবোৰত পোণপটীয়া তথ্য পোৱা নাযায়। অৱশ্যে ড° সূৰ্যকুমাৰ ভূঞাৰ ‘ৰাজেশ্বৰ সিংহ’ আৰু ‘এনাল্‌ছ অব দ্য দিল্লী বাদশাহেট’ গ্ৰন্থত তেওঁৰ বিষয়ে উল্লেখ কৰা হৈছে। ইংৰাজী গ্ৰন্থখনত ভূঞাই লিখিছে যে মৌলৱী মফিজুদ্দিন আহমেদ হাজৰিকাই কোৱামতে তেওঁ কথাখিনি তাত সন্নিৱিষ্ট কৰিছিল। শিৱসাগৰত বাঘ হাজৰিকাক লৈ এটা জনশ্ৰুতি আছে আৰু সেইটোৱেই বৰ্তমান চলি আছে। ইয়াৰ কোনো সমসাময়িক ঐতিহাসিক প্ৰমাণ নাই, এয়া সঁচা। কিন্তু কোনো প্ৰাথমিক উৎসত নাম নাথাকিলেও, জনশ্ৰুতিক আমি ইতিহাস চৰ্চাত গুৰুত্ব দিবই লাগিব।”

আনহাতে, ইতিহাসবিদ জিতেন বৰপাত্ৰগোঁহাইয়ে বাঘ হাজৰিকাৰ অস্তিত্ব অস্বীকাৰ কৰিব নোৱাৰি বুলি মত প্ৰকাশ কৰে। তেওঁৰ মূল আপত্তি হৈছে বাঘ হাজৰিকাক ‘পালি সেনাপতি’ হিচাপে উপস্থাপন কৰা বিষয়টোক লৈহে। তেখেতৰ মতে, “শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ উপস্থিতি অস্বীকাৰ কৰিব নোৱাৰি, কাৰণ সেই সময়ত হিন্দু-মুছলমান সকলোৱে একগোট হৈ মোগলৰ বিৰুদ্ধে যুঁজিছিল। বাঘ হাজৰিকা চৰিত্ৰটো নাই বুলি মই নকওঁ, কিন্তু তেওঁ পালি সেনাপতি নাছিল। এজন পাইক চলোৱা বিষয়া হিচাপে তেওঁৰ দৰে বহুত মানুহ সৈন্য দলত আছিল। মোৰ দৃষ্টিত সেইটোৱেই সত্য। কাৰণ আহোম যুগত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মিৰ জুমলাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মনথিৰ বেজদলৈক যেতিয়া মোগলৰ প্ৰতিপক্ষলৈ পঠাইছিল, তেতিয়া কায়স্থ মানুহ হোৱাৰ বাবে সৈন্যসকলে যুদ্ধত উৎসাহ হেৰুৱাই পেলাইছিল।”

ইতিহাসৰ এই বিতৰ্কক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ আগবঢ়াই গৱেষক তথা ইতিহাসবিদ লক্ষ্মীনাথ তামুলীয়ে কয়, “অতীতত বাঘ হাজৰিকাৰ অস্তিত্বক লৈ কোনো প্ৰশ্ন উঠা নাছিল। ২০২৩-২৪ চনমানত অধ্যাপক ড° যোগেন্দ্ৰনাথ ফুকনে বুৰঞ্জীত বাঘ হাজৰিকাৰ নাম নাই বুলি এটা সামগ্ৰিক মন্তব্য দিছিল, যিটোক আধাৰ কৰি পৰৱৰ্তী সময়ত বিতৰ্কৰ সূচনা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক এজেণ্ডাৰ বাবে বাঘ হাজৰিকাক লক্ষ্য কৰি লৈছে বুলি মই ভাবোঁ।”

তামুলীয়ে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি কয় যে বাঘ হাজৰিকা মুছলমান হোৱাৰ বাবেই তেওঁ বৰ্জনীয় হ’ব পাৰে নেকি? তেখেতৰ মতে, আটাইতকৈ নিৰ্ভৰযোগ্য বুলি গণ্য কৰা ‘সুকুমাৰ মহন্তৰ ঘৰত পোৱা বুৰঞ্জী’ত বাঘ হাজৰিকাৰ ঐতিহাসিক অস্তিত্বৰ বিষয়ে স্পষ্ট উল্লেখ আছে। সেই বুৰঞ্জীত মোগলৰ টোপসমূহ নিষ্ক্ৰিয় কৰিবলৈ তেওঁ ব্যৱহাৰ কৰা ‘চোৰ বচা’ কৌশলৰ বৰ্ণনা পোৱা যায়। যিহেতু বাঘ হাজৰিকা ধৰ্মীয় সূত্ৰে মুছলমান আছিল, তেওঁ জানিছিল যে মোগল বাহিনীয়ে প্ৰতিদিনে পুৱা ‘ফজৰ’ৰ নামাজ আদায় কৰে। সেই সময়ছোৱাতে মোগলৰ টোপসমূহ নিষ্ক্ৰিয় কৰাৰ পৰিকল্পনা কৰা হৈছিল।

তথ্যৰ অভাৱৰ বিপৰীতে লোকবিশ্বাসৰ গুৰুত্ব ব্যাখ্যা কৰি তামুলীয়ে লগতে কয়, “বুৰঞ্জীত সকলো কথা লিখা নাথাকিবও পাৰে। জয়মতী বা মূলাগাভৰুৰ নামো কোনো নিৰ্ভৰযোগ্য সমসাময়িক ঐতিহাসিক দস্তাবেজত পোৱা নাযায়। আনকি ‘দেশতকৈ মোমাই ডাঙৰ নহয়’— এই প্ৰখ্যাত বাক্যশাৰীও কোনো বুৰঞ্জীত উল্লেখ থকাৰ প্ৰমাণ নাই; বৰঞ্চ বিংশ শতিকাৰ প্ৰথমাৰ্ধত সৰ্বেশ্বৰ শৰ্মা বৰুৱাই তেওঁৰ ‘লাচিত বৰফুকন’ শীৰ্ষক প্ৰবন্ধতহে লাচিতৰ মুখেৰে এই বাক্যটো প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰিছিল। জনশ্ৰুতি ইতিহাসৰ এক অপৰিহাৰ্য সমল। লোকগীত বা লোককথাত কোনো চৰিত্ৰ প্ৰতিফলিত হ’বলৈ হ’লে সেই চৰিত্ৰটো জনমানসত অত্যন্ত জনপ্ৰিয় হোৱাটো প্ৰয়োজন। যিহেতু লোককথাত বাঘ হাজৰিকাৰ উল্লেখ পোৱা যায়, তেনেস্থলত তেওঁক সম্পূৰ্ণৰূপে নস্যাৎ কৰাটো অসম্ভৱ। তদুপৰি শৰাইঘাটৰ যুদ্ধৰ এবছৰ পূৰ্বে বন্ধা ‘মোমাই কটা গড়’ৰ নামকৰণো সৰ্বেশ্বৰ শৰ্মা বৰুৱাইহে কৰিছিল। সাঁচিপাতৰ অসম বুৰঞ্জীৰ ২৬৭ নম্বৰ অনুচ্ছেদ পৰীক্ষা কৰিলে দেখা যায় যে মোমাইক দুছোৱা কৰাৰ বৰ্ণনাটো কেৱল এক আখ্যানৰ দৰেহে। আনকি ড° সূৰ্যকুমাৰ ভূঞাই সম্পাদনা কৰা গ্ৰন্থতো এই বাক্যটোৰ পৰিৱৰ্তন কৰা হোৱা নাই। গতিকে যদি আমি জয়মতী বা মূলাগাভৰুৰ অস্তিত্ব অস্বীকাৰ নকৰোঁ, তেন্তে বাঘ হাজৰিকাৰ ক্ষেত্ৰত বৈষম্য কিয়?” তামুলীৰ মতে, কেন্দ্ৰীয় শাসকীয় শক্তিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা মধ্যযুগৰ এক বৃহৎ অংশৰ ইতিহাস মচি পেলোৱাৰ যি প্ৰচেষ্টা চলাইছে, অসমৰ এই বিতৰ্ক তাৰেই এক অংশ মাত্ৰ।

ইতিহাসবিদগৰাকীৰ মতে প্ৰকৃততে বাঘ হাজৰিকাৰ নামটো সন্মানসহকাৰে স্মৰণ কৰা উচিত। অসমলৈ বাহিৰৰ পৰা অহা মুছলমানসকল ইয়াৰ সমাজ ব্যৱস্থাৰ সৈতে একাত্ম হৈ পৰিছিল। যুদ্ধৰ সময়ত আহি ইয়াত থিতাপি লোৱা ৰণুৱা বা বনুৱাসকলে ইয়াৰ মাটি আৰু পৰিৱেশৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই ইয়াতে সংসাৰ পাতি অসমীয়া হৈ ৰৈ গৈছিল। তেওঁলোকৰ সৰহসংখ্যকেই আছিল ধৰ্মান্তৰিত আৰু অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংশ।

লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ ইতিহাস বিকৃতকৰণৰ প্ৰচেষ্টাক লৈ ইতিহাসবিদসকলৰ মাজত সংশয় স্পষ্ট। লক্ষ্মীনাথ তামুলীয়ে এই পদক্ষেপক পোনপটীয়াকৈ কেন্দ্ৰীয় বিজেপি নেতৃত্বৰ মধ্যযুগীয় ইতিহাস মচি পেলোৱা প্ৰচেষ্টাৰ অংশ হিচাপেহে অভিহিত কৰিছে। তেওঁৰ মতে, কেন্দ্ৰীয় বিজেপিয়ে ভাৰত বুৰঞ্জীৰ পৰা ১১৯২ চনৰ তৰাইনৰ যুদ্ধৰ পৰা ১৭৫৭ চনলৈকে বিস্তৃত প্ৰায় ৫০০-৫৫০ বছৰৰ মধ্যযুগীয় ইতিহাস মচি পেলাব বিচাৰিছে। প্ৰকৃততে ইতিহাসক কেতিয়াও অস্বীকাৰ বা উপেক্ষা কৰিব নোৱাৰি। ইতিহাসৰ বিভিন্ন ব্যাখ্যা বা অপব্যাখ্যা কৰিব পাৰি, কিন্তু ইয়াৰ অস্তিত্বক নস্যাৎ কৰা বা অস্বীকাৰ কৰাটো অসম্ভৱ। গতিকে এনে প্ৰচেষ্টা অবান্তৰ।

ইতিহাসৰ বৈজ্ঞানিক চৰ্চাৰ সন্দৰ্ভত নবীন বুঢ়াগোহাঁয়ে কয় যে, “ইতিহাস পুনৰলিখন হ’ব পাৰে যদিহে নতুন তথ্য-প্ৰমাণ পোৱা যায়, কিন্তু ই বিকৃত হ’ব নালাগে। ৰাজনৈতিক এজেণ্ডাৰ খাতিৰত কোৱা কথাবোৰত গুৰুত্ব নিদি বৈজ্ঞানিক দৃষ্টিভংগীকহে আগস্থান দিব লাগে। যেনেকৈ বিজ্ঞান ধাপে ধাপে আগবাঢ়ি গৈ থাকে, বুৰঞ্জীও তেনেকৈ নতুন তথ্য ওলালে সেইবোৰৰ পুনৰ বিশ্লেষণ হৈ থাকে। গতিকে ইতিহাস পুনৰলিখন হ’ব লাগে, মাথোঁ সেইটো বিকৃত হ’ব নালাগে। আমি বিকৃতকৰণৰ বিৰোধিতা কৰোঁ।”

ইতিহাস-লিখনৰ পদ্ধতিগত দিশটোৰ ওপৰত আলোকপাত কৰি গৱেষক বিকাশ কুমাৰ ভট্টাচাৰ্যই এক গভীৰ বিশ্লেষণ আগবঢ়াইছে। তেখেতৰ মতে, “বাঘ হাজৰিকাৰ ঐতিহাসিক অস্তিত্ব সম্পৰ্কে প্ৰশ্ন তুলি যি বিতৰ্কৰ সৃষ্টি কৰা হৈছে তাক বুজিবলৈ আমি দুটা দিশ লক্ষ্য কৰিব লাগিব। প্ৰথমটো হ’ল অসমীয়া ইতিহাস-লেখন পৰম্পৰাৰ পদ্ধতিগত (methodological) সমস্যা। সততে উল্লেখিত সূৰ্যকুমাৰ ভূঞাই সম্পাদনা কৰা বুৰঞ্জীসমূহৰ প্ৰধান সমল হৈছে ঊনবিংশ শতিকাত ব্যক্তিগত উদ্যোগত লিখিত কিছু পুথি, যিবোৰ আচলতে সমসাময়িক ঐতিহাসিক উৎস নহয়। উদাহৰণস্বৰূপে ‘তুংখুঙীয়া বুৰঞ্জী’ৰ সমল হৈছে ‘তুংখুঙীয়া বংশাৱলী’, যিখন ঊনবিংশ শতিকাত আহোম ৰাজত্বৰ অৱসানৰ পাছত লিখা। যদিও তাত শতিকা পূৰ্বৰ তুংখুঙীয়া ৰজাসকলৰ দিনৰ ঘটনাৱলীৰো বিৱৰণ আছে, তাৰ অৰ্থ হ’ল— ‘তুংখুঙীয়া বংশাৱলী’ত যদি ৰুদ্ৰ সিংহৰ দিনৰ বিৱৰণ আছে, তেন্তে সেয়া লেখকে প্ৰচলিত জনশ্ৰুতিৰ ওপৰত ভিত্তি কৰি দুশ বছৰ পূৰ্বৰ কথা লিখিছে।

ই সমসাময়িক ঐতিহাসিক সমল নহয়। সূৰ্যকুমাৰ ভূঞা সম্পাদিত যিবোৰ বুৰঞ্জীৰ আধাৰত অসমত আহোম যুগৰ বিষয়ে যি ঐতিহাসিক চেতনা (public historical consciousness) গঢ়ি উঠিছে, তাৰ কোনোখনেই ইতিহাসৰ সমসাময়িক উৎস নহয় অথবা সমসাময়িক উৎস আধাৰিত নহয়। তদুপৰি, এই বুৰঞ্জীসমূহ ‘অনানুষ্ঠানিক’। লক্ষণীয়ভাৱে, অসমীয়া ভাষাত জনপ্ৰিয় ইতিহাস চৰ্চাৰ ক্ষেত্ৰত বিশ্বাসযোগ্য আৰু পদ্ধতিগত ঐতিহাসিক সমলসমূহে (যেনে- মোহৰ, শিলালিপি, তাম্ৰলিপি, স্থাপত্য-ভাস্কৰ্য আৰু অন্যান্য পুৰাতাত্ত্বিক ভগ্নাৱশেষ) বিশেষ গুৰুত্ব পোৱা নাই। বাঘ হাজৰিকা, লাচিত বৰফুকন, জয়মতী— এই কোনোটোৱেই সমসাময়িক ঐতিহাসিক সমলৰ দ্বাৰা সমৰ্থিত চৰিত্ৰ নহয়। এই চৰিত্ৰকেইটা সূৰ্যকুমাৰ ভূঞা আৰু অন্যান্য অসমীয়া জাতীয়তাবাদী লেখকে জনশ্ৰুতি অথবা কোনো ঊনবিংশ/বিংশ শতিকাত ব্যক্তিগতভাৱে লিখিত পুথিৰ (obscure texts) ওপৰত ভিত্তি কৰি জনপ্ৰিয় কৰা চৰিত্ৰ। যাক ইতিহাসবিদ এৰিক হবচবমে ‘উদ্ভাৱন কৰা পৰম্পৰা’ (invented tradition) বুলি কৈছে। এই জাতীয়তাবাদী প্ৰকল্পত লাচিত যদি অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, জয়মতী হৈ পৰিল অসমীয়া নাৰীৰ আৰ্হিস্বৰূপ। আৰু বাঘ হাজৰিকা হ’ল অসমীয়া জাতীয়তাবাদৰ ঐতিহাসিক ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ প্ৰতীক।”

ভট্টাচাৰ্যৰ মতে, “বিজেপিয়ে পৰিকল্পিতভাৱে বাঘ হাজৰিকাৰ অস্তিত্বক লৈ প্ৰশ্ন কৰাটো দেখদেখকৈ এক ৰাজনৈতিক কাৰবাৰ। কাৰণ বাঘ হাজৰিকা আৰু আজান ফকীৰৰ দৰে চৰিত্ৰই অসমীয়া সমাজত যি ধৰ্মনিৰপেক্ষ সামূহিক সামাজিক গ্ৰহণযোগ্যতা লাভ কৰিছে, সেয়া বৰ্তমানৰ শাসকীয় শক্তিৰ বাবে এক বৃহৎ আদৰ্শগত প্ৰতিবন্ধকতা (ideological barrier)। দৰাচলতে এইটো হৈছে অসমীয়া জাতীয়তাবাদক আত্মসাৎ কৰাৰ বিজেপি-আৰএছএছৰ যি দীৰ্ঘদিনীয়া প্ৰজেক্ট, তাৰ ক্ষেত্ৰত থকা বাধা অতিক্ৰম কৰাৰ এক প্ৰচেষ্টা। গতিকে ইয়াৰ আঁৰত কোনো প্ৰকৃত ঐতিহাসিক অনুসন্ধিৎসা জড়িত নাই, বৰঞ্চ ই এক ৰাজনৈতিক প্ৰচেষ্টাহে।”

অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোৰ বিষয়ে উল্লেখ কৰি জিতেন বৰপাত্ৰগোঁহাইয়ে সোঁৱৰাই দিয়ে যে অসমীয়া জাতি সকলো জাতি-জনগোষ্ঠী মিলি গঠিত। ১৫৩২ খ্ৰীষ্টাব্দত বন্দী হৈ অহা মুছলমান সৈন্যৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ৰ সকলো জনগোট ইয়াৰ সমাজ ব্যৱস্থাৰ সৈতে একাত্ম হৈ পৰিছিল। বৰাহী, কলিতা, মিচিং আদি সকলো আহোম বা অসমীয়া সমাজত লীন যোৱাৰ প্ৰসংগ টানি তেওঁ কয়, “সকলো টাই মানুহেই আহোম, কিন্তু সকলো আহোম টাই নহয়।”

সামৰণিত, ইতিহাসবিদসকল এই কথাত একমত যে ইতিহাস স্থিৰ নহয়; নতুন বৈজ্ঞানিক তথ্যৰ আধাৰত ইয়াৰ পুনৰ বিশ্লেষণ হ’ব পাৰে। কিন্তু এই পুনৰলিখন যেতিয়া নিৰ্দিষ্ট ৰাজনৈতিক এজেণ্ডাৰ আধাৰত হয়, তেতিয়া ই ‘বিকৃতকৰণ’লৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। ইতিহাস যদিও অতীতক লৈ, ই বৰ্তমানৰ সমাজৰ বাবে ভৱিষ্যতে আগুৱাই যোৱাৰ প্ৰেৰণাৰ উৎস হ’ব লাগে; সমাজক বিভাজিত কৰাৰ ৰাজনৈতিক অস্ত্ৰ নহয়।    

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd