NORTHEAST NOW (Assamese)

শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোঁসাই উৎসৱ, উদুলি মুদুলি কুমাৰীকাটা

April 19, 2021 5:11 pm · দীপক কুমাৰ পাঠক

অসমৰ উল্লেখযোগ্য  জনগোষ্ঠী শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোহাঁই উৎসৱ আজিৰে পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে ।

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ দৰঙাজুলি আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা এই বাঁহ গোহাঁই উৎসৱক লৈ সম্প্ৰতি এক উদুলি মুদুলি পৰিবেশ বিৰাজ কৰিছে কুমাৰীকাটাত ।

কেন্দ্ৰীয় বাঁহ গোহাঁই উৎসৱৰ আজি প্ৰথম দিন আৰু কাইলৈ দ্বিতীয় তথা অন্তিম দিন ।

অসমৰ ভিন্ন প্ৰান্তৰ পৰা শৰণীয়া কছাৰী জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লোক সমবেত হৈছে এই কেন্দ্ৰীয় বাঁহ গোহাঁই উৎসৱত ।

আক্ষৰিক অৰ্থত এক উছৱ মুখৰ পৰিবেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

Related News