• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশখনৰ প্ৰধানমন্ত্ৰীৰ ঘোষণা : ২০৩০ চনত এখন দেশত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেলচালিত গাড়ী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2020 10:01 am

2 min read

_107422585_petrolpumppa
366
VIEWS
Share on FacebookShare on Twitter

এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰিছে এক বিশেষ ঘোষণা। দেশখনৰ প্রধানমন্ত্ৰীজনৰ ঘোষণাই সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে প্ৰৱল উৎকণ্ঠা আৰু কৌতুহলৰ।

দেশখন হ’ল এসময়ৰ ঔপনিৱেশিক সাম্ৰাজ্যৰ বেলি মাৰ নোযোৱা গ্ৰেইট ব্ৰিটেইন। আৰু প্ৰধানমন্ত্ৰী গৰাকী বৰিছ জনছন।

প্রধানমন্ত্ৰী জনছনে বুধবাৰে ঘোষণা কৰিছে যে ২০৩০ চনত দেশখনত নিষিদ্ধ কৰা হ’ব পেট্ৰ’ল আৰু ডিজেলৰ গাড়ী। অৰ্থাৎ আৰু মাত্ৰ ৯ বছৰৰ পিছতে ব্ৰিটেইনৰ ৰাজপথত নাথাকিব ইন্ধনচালিত গাড়ী।

প্ৰধানমন্ত্ৰী বৰিছ জনছনে বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰি কৈছে যে ২০৩০ চনৰ পৰা দেশখনত পেট্ৰ’ল আৰু ডিজেলচালিত গাড়ীৰ ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব।

পৰিৱেশ প্ৰদূষণ নিয়্ন্ত্ৰণ কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ব্ৰিটেইনে। ব্ৰিটেইনে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী ‘গ্ৰীণ প্লেন’ নামৰ এক ১০ দফীয়া আঁচনি ঘোষণা কৰিব। আৰু এই আঁচিনৰে এক অংশ হৈছে দেশখনত ইন্ধনচালিত গাড়ী নিষিদ্ধকৰণ।

উল্লেখ্য যে বিগত বৰ্ষত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বৰিছ জনছনে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰা দেখা গৈছে।

ইয়াৰ পিছতে ব্ৰিটিছ চৰকাৰে ২০৪০ চনত দেশত পেট্ৰ’ল আৰু ডিজেলচালিত গাড়ী নিষিদ্ধ কৰাৰ পদক্ষেপ লোৱাৰ কথা আছিল। কিন্তু ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে এই সময়সীমা আৰু দহটা বছৰ আগুৱাই আনি পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত অন্য এক নিৰ্দশন দাঙি ধৰাৰ প্ৰয়াস কৰিছে।

এই ঘোষণা কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়াক সময়ৰ দাবী বুলিও দাবী কৰিছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যে ইন্ধনচালিত গাড়ীৰ বিকল্প হিচাপে পৰমাণু, সৌৰ আৰু বায়ুশক্তিৰে চালিত গাড়ী ব্যৱহাৰ কৰা হ’ব।

ইয়াৰ বাবে ১২০০ কোটি ইউৰো(ভাৰতীয় হিচাপত ১ লাখ ৫ হাজাৰ কোটি টকা)ৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে ব্ৰিটিছ চৰকাৰে। আনকি ইয়াৰ ফলত দেশখনত আঢ়ৈ লাখ লোকে নতুন কৰ্মসংস্থাপন লাভ কৰিব বুলিও দাবী কৰিছে ব্ৰিটেইনৰ শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিয়ে।

আনহাতে ব্ৰিটেইনৰ অন্যটো ৰাজনৈতিক দল লেবাৰ পাৰ্টিয়ে ব্ৰিটিছ চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰা দেখা গৈছে। দলটোৰ মতে ব্ৰিটেইনৰ ৭৪ শতাংশ বাহনেই ইন্ধনচালিত। ক’ৰ’ণাই দেশখনৰ অৰ্থনীতিত মোক্ষম আঘাত সানিছে।

এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী জনছনৰ এই ঘোষণাই দেশখনৰ অ’টোমোবাইল উদ্যোগক আঘাত কৰিব বুলি দাবী কৰিছে লেবাৰ পাৰ্টিৰ নেতৃত্বই।

সমীক্ষাৰ মতে ব্ৰিটেইনত বেটাৰীচালিত বাহনৰ পৰিমাণ ৬ শতাংশ। গেছ(চিএনজি)চালিত বাহনৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাইছে ব্ৰিটেইনত।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd