• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL 2021:ৰোহিতৰ মুম্বাইৰ ছন্দপতন; হৰ্ষলৰ হেট্ৰিক, ৫৪ৰাণত কোহলিৰ বাংগালোৰৰ বিৰাট বিজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2021 9:13 am
WhatsApp Image 2021-09-27 at 8.31.28 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Boost of Virat energy: আইপিএলৰ দ্বিতীয় পৰ্বৰ দেওবাৰে খেলোৱা আন এখন মেচত এইবাৰ উজলি উঠিল বিৰাট কোহলিৰ ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ। মুম্বাইৰ বিৰুদ্ধে হৰ্ষল পেটেলৰ দুৰ্দান্ত হেট্ৰিক আৰু বাকী বলাৰসকলৰ নিখুঁত বলিঙৰ সহায়ত ৫৪ৰাণত বিৰাট বিজয় সাৱ্যস্ত কৰে বাংগালোৰে।

আইপিএলৰ দ্বিতীয় পৰ্বৰ আৰম্ভণিতে কলকাতা আৰু চেন্নাইৰ হাতত শোচনীয় পৰাজয়ৰ পাছত দেওবাৰে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটায় কোহলিৰ আৰচিবিয়ে।

প্ৰথমে বেটিং কৰি কোহলি আৰু মেক্সৱেলৰ আক্ৰমণাত্মক বেটিং আৰু পাছত হৰ্ষল-চাহালৰ দুৰন্ত বলিঙৰ আগত ছন্দ হেৰুৱাই পেলায় মুম্বাই ইণ্ডিয়ানছে।

Apply Now

প্ৰথমে টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত লয় ৰোহিত শৰ্মাই। আৰম্ভণিতে দেবদূতক বুমৰাহে পেভলিয়নলৈ পঠায় যদিও অধিনায়ক বিৰাট কোহলি আৰু তিনি নম্বৰত বেটিং কৰিবলৈ অহা শ্ৰীকাৰ ভৰতে ইনিংছ চম্ভালি লয়।

বিৰাট-ভৰত যুটীয়ে ৬৮ৰাণৰ যুটী বন্ধাৰ পাছত মেক্সৱেলৰ সৈতে লগ লাগি ৰাণৰ গতি বৃদ্ধি কৰে অধিনায়ক গৰাকীয়ে। অৱশেষত মিলনৰ বলত ৫১ৰাণ কৰি আইট হয় বিৰাট। আন্তৰ্জাতিক ক্ৰিকেটত ১০হাজাৰ ৰাণ সম্পূৰ্ণ কৰাৰ অভিলেখো গঢ়ে কোহলিয়ে।

আনহাতে, মেক্সৱেলে ৩৭টা বলত ৫৬ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলে। আৰচিবিয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ৬উইকেট হেৰুৱাই ১৬৫ৰাণ সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি মুম্বাইৰ দুই অপেনাৰ ৰোহিত আৰু কুইন্টন ডিককে দ্ৰুতভাৱে ৰাণ তোলাৰ চেষ্টা কৰে। কিন্তু প্ৰথম উইকেটৰ যুটীত ৫৭ৰাণ যোগ দিয়েই ব্যক্তিগত ২৪ ৰাণত আউট হয় কুইন্টন।

আৰু পঢ়ক: IPL 2021: চেন্নাইৰ হাতত আত্মসমৰ্পণ কলকাতাৰ! স্নায়ুযুঁজত দুই উইকেটত বিজয়ী ধোনী বাহিনী

কুইন্টন আউট হোৱাৰ কিছুসময় পাছতে ৪৩ৰাণত মেক্সৱেলৰ বলত আউট হৈ যায় ৰোহিতো। তেতিয়া মুম্বাইৰ স্ক’ৰ আছিল দুই উইকেট ৭৯ৰাণ।

ইয়াৰ পাছতে ১১১ৰাণতে মুম্বাই অল আউট হৈ যায়। ইয়াৰ মূলতে আছিল হৰ্ষল আৰু চাহালৰ দুৰ্দান্ত বলিং। হৰ্ষলে হেট্ৰিকসহ ৪টা আৰু চাহালে ৩টা উইকেট দখল কৰে। মেক্সৱেলেও দুটা উইকেট লয়।

মেচখনৰ ১৭সংখ্যক অভাৰত হৰ্ষলৰ হেট্ৰিকৰ চিকাৰ হয় হাৰ্দিক পাণ্ডিয়া, কিৰেন পোলাৰ্ড আৰু ৰাহুল চাহাৰ। এইদৰে মুম্বাইৰ কঁকাল ভাঙি দিয়াৰ পাছত ১৮.১অভাৰতে ৰোহিত বাহিনীৰ আটাইকেইটা উইকেটৰ পতন ঘটে।

সংক্ষিপ্ত স্ক’ৰ

ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ: ২০ অভাৰত ১৬৫/৬ (মেক্সৱেল ৫৬, কোহলি ৫১, বুমৰাহ ৩/৩৬)
মুম্বই ইণ্ডিয়ানছ: ১৮.১ অভাৰত ১১১/১০ (ৰোহিত ৪৩, কুইন্টন ২৪, হর্ষল ৪/১৭, চাহাল ৩/১১, মেক্সৱেল ২/২৩)
ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ ৫৪ ৰাণত বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd