Boost of Virat energy: আইপিএলৰ দ্বিতীয় পৰ্বৰ দেওবাৰে খেলোৱা আন এখন মেচত এইবাৰ উজলি উঠিল বিৰাট কোহলিৰ ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ। মুম্বাইৰ বিৰুদ্ধে হৰ্ষল পেটেলৰ দুৰ্দান্ত হেট্ৰিক আৰু বাকী বলাৰসকলৰ নিখুঁত বলিঙৰ সহায়ত ৫৪ৰাণত বিৰাট বিজয় সাৱ্যস্ত কৰে বাংগালোৰে।
আইপিএলৰ দ্বিতীয় পৰ্বৰ আৰম্ভণিতে কলকাতা আৰু চেন্নাইৰ হাতত শোচনীয় পৰাজয়ৰ পাছত দেওবাৰে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটায় কোহলিৰ আৰচিবিয়ে।
প্ৰথমে বেটিং কৰি কোহলি আৰু মেক্সৱেলৰ আক্ৰমণাত্মক বেটিং আৰু পাছত হৰ্ষল-চাহালৰ দুৰন্ত বলিঙৰ আগত ছন্দ হেৰুৱাই পেলায় মুম্বাই ইণ্ডিয়ানছে।
প্ৰথমে টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত লয় ৰোহিত শৰ্মাই। আৰম্ভণিতে দেবদূতক বুমৰাহে পেভলিয়নলৈ পঠায় যদিও অধিনায়ক বিৰাট কোহলি আৰু তিনি নম্বৰত বেটিং কৰিবলৈ অহা শ্ৰীকাৰ ভৰতে ইনিংছ চম্ভালি লয়।
বিৰাট-ভৰত যুটীয়ে ৬৮ৰাণৰ যুটী বন্ধাৰ পাছত মেক্সৱেলৰ সৈতে লগ লাগি ৰাণৰ গতি বৃদ্ধি কৰে অধিনায়ক গৰাকীয়ে। অৱশেষত মিলনৰ বলত ৫১ৰাণ কৰি আইট হয় বিৰাট। আন্তৰ্জাতিক ক্ৰিকেটত ১০হাজাৰ ৰাণ সম্পূৰ্ণ কৰাৰ অভিলেখো গঢ়ে কোহলিয়ে।
আনহাতে, মেক্সৱেলে ৩৭টা বলত ৫৬ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলে। আৰচিবিয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ৬উইকেট হেৰুৱাই ১৬৫ৰাণ সংগ্ৰহ কৰে।
প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি মুম্বাইৰ দুই অপেনাৰ ৰোহিত আৰু কুইন্টন ডিককে দ্ৰুতভাৱে ৰাণ তোলাৰ চেষ্টা কৰে। কিন্তু প্ৰথম উইকেটৰ যুটীত ৫৭ৰাণ যোগ দিয়েই ব্যক্তিগত ২৪ ৰাণত আউট হয় কুইন্টন।
আৰু পঢ়ক: IPL 2021: চেন্নাইৰ হাতত আত্মসমৰ্পণ কলকাতাৰ! স্নায়ুযুঁজত দুই উইকেটত বিজয়ী ধোনী বাহিনী
কুইন্টন আউট হোৱাৰ কিছুসময় পাছতে ৪৩ৰাণত মেক্সৱেলৰ বলত আউট হৈ যায় ৰোহিতো। তেতিয়া মুম্বাইৰ স্ক’ৰ আছিল দুই উইকেট ৭৯ৰাণ।
ইয়াৰ পাছতে ১১১ৰাণতে মুম্বাই অল আউট হৈ যায়। ইয়াৰ মূলতে আছিল হৰ্ষল আৰু চাহালৰ দুৰ্দান্ত বলিং। হৰ্ষলে হেট্ৰিকসহ ৪টা আৰু চাহালে ৩টা উইকেট দখল কৰে। মেক্সৱেলেও দুটা উইকেট লয়।
মেচখনৰ ১৭সংখ্যক অভাৰত হৰ্ষলৰ হেট্ৰিকৰ চিকাৰ হয় হাৰ্দিক পাণ্ডিয়া, কিৰেন পোলাৰ্ড আৰু ৰাহুল চাহাৰ। এইদৰে মুম্বাইৰ কঁকাল ভাঙি দিয়াৰ পাছত ১৮.১অভাৰতে ৰোহিত বাহিনীৰ আটাইকেইটা উইকেটৰ পতন ঘটে।
সংক্ষিপ্ত স্ক’ৰ
ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ: ২০ অভাৰত ১৬৫/৬ (মেক্সৱেল ৫৬, কোহলি ৫১, বুমৰাহ ৩/৩৬)
মুম্বই ইণ্ডিয়ানছ: ১৮.১ অভাৰত ১১১/১০ (ৰোহিত ৪৩, কুইন্টন ২৪, হর্ষল ৪/১৭, চাহাল ৩/১১, মেক্সৱেল ২/২৩)
ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ ৫৪ ৰাণত বিজয়ী।