• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশী অভিনেতাক “ভাৰত ত্যাগ”ৰ নিৰ্দেশ

চৈয়দ বছিৰ by চৈয়দ বছিৰ
April 16, 2019 10:32 pm
Ferdous-Ahmed-750x375

বিতাড়িত অভিনেতাজন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ছবিজগতত কাম কৰি থকা বাংলাদেশৰ অভিনেতা ফাৰদৌছ আহমেদক আজি ভাৰতৰ কৰ্তৃপক্ষই “ভাৰত ত্যাগ”ৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ বিজনেছ ভিজা বাতিল কৰিছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ অলপতে আহমেদে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ভাৰত আৰু বাংলাদেশৰ বাংলা ছবিৰ অভিনেতা ফাৰদৌছক ব্লেকলিষ্টেডো কৰা হয়, যাৰ পৰিণাম স্বৰূপে তেওঁ খুব সোনকালে ভাৰতৰ বাবে ভিজা পোৱাত বাধা আহিব পাৰে।

Apply Now

ভাৰতৰ গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ পূৰ্বে কলকাতাস্থিত ফৰেইনাৰছ ৰিজিঅ’নেল অফিচাৰৰ (FRRO) পৰা ফাৰদৌছৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছিল।

অভিযোগমতে, ফাৰদৌছ আহমেদে পশ্চিম বংগৰ কেইজনমান স্থানীয় অভিনেতাৰ লগত ৰাজগঞ্জৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কানহায়ালাল আগৰৱালৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছিল।

কলকাতাৰ ফৰেইনাৰছ ৰিজিঅ’নেল অফিচাৰক আহমেদে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ জৰিয়তে ভিজাৰ নিয়ম উলংঘা কৰিছে নেকি সেইটো সন্দৰ্ভত সবিস্তাৰ প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল। ইয়াৰ সঁহাৰিত আহমেদে বিজনেছ ভিজাৰ নিয়মবোৰ স্পষ্ট উলংঘা কৰা বুলি প্ৰতিবেদন দিয়া হয়।

বিজেপিয়ে ফাৰদৌছ আহমেদে তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাটো সহজভাৱে লোৱা নাছিল।

বিষয়টোত পশ্চিম বংগৰ বিজেপি মুৰব্বী দিলীপ ঘোষে তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, “আপোনালোকে অতি সোনকালেই পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ হৈ প্ৰচাৰ চলোৱা দেখিব।”

কিন্তু বিজেপিয়ে কিবা আনুষ্ঠানিক আপত্তি দৰ্শাব নে বা চৰকাৰে নিজাববীয়া প্ৰতিক্ৰিয়া আৰু নিজাববীয়া গোচৰ (suo motto) তৰিব, সেইটো স্পষ্ট হোৱা নাই।

তৃণমূল কংগ্ৰেছ বা ভাৰতত থকা বাংলাদেশ উচ্চায়ুক্তই এতিয়ালৈকে আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

কিন্তু তৃণমূলৰ হৈ ফাৰদৌছৰ প্ৰচাৰ বাংলাদেশৰ শাসক দল আৱামী লীগে সাধাৰণভাৱে ল’ব বুলি আশা কৰিব নোৱাৰি। কাৰণ তিস্তাৰ পানী ভাগ-বাটোৱাৰাৰ সমাধানৰ বাবে মোদী চৰকাৰে কৰা চেষ্টাত মমতা বেনাৰ্জীকে ই প্ৰধান বাধাৰূপে চিহ্নিত কৰিছে।

তৃণমূল নেতা আৰু বাংলাদেশৰ ইছলামী দলসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকা বুলি আৱামী লীগে প্ৰায়েই অভিযোগ উত্থাপন কৰি আহিছে।

এগৰাকী বাংলাদেশী কূটনীতিকে নৰ্থ-ইষ্ট নাও-ক কয়, “ফাৰদৌছৰ পশ্চিম বংগৰ ৰাজনীতিত যুক্ত হোৱাৰ কোনো সকাম নাই।”

“তেওঁ কৰা কামৰ পৰিণাম কি হ’ব উপলব্ধি কৰিব নোৱৰা মানে তেওঁ মূৰ্খ,” নাম প্ৰকাশ কৰিব নুখুজি তেওঁ কয়।

উল্লেখ কৰিব পাৰি যে পশ্চিম বংগৰ চিনেমা উদ্যোগত বহু বাংলাদেশী অভিনেতাই সফলতা আৰ্জিছে।

আনকি ষ্টাৰ আনন্দৰ চেৰা বেংগলী এৱৰ্ডৰ দৰে বঁটা পাবলৈ সক্ষম হোৱা ‘বিসৰ্জন’ৰ দৰে বহুকেইখন জনপ্ৰিয় চিনেমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জয়া এহচানে।

“ফাৰদৌছৰ মূৰ্খামিয়ে আনৰো সমস্যা নকৰাটোৱে আমি আশা কৰিছো,” বাংলাদেশৰ কূটনীতিকজনে কয়।

চৈয়দ বছিৰ

চৈয়দ বছিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd