DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰতিৱেশী

ভাৰতৰ সৈতে বন্দৰ চুক্তি সম্পাদনত বাংলাদেশ কেবিনেটৰ অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2018 3:30 pm
port-pic-570x320
128
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ভূমি-আবদ্ধ (land-locked) উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আৰু উত্তৰ-পূৰ্বাঞ্চললৈ সামগ্ৰী পৰিৱহণ কৰাৰ বাবে বাংলাদেশৰ অন্তৰ্গত চিটাগং আৰু মংলা সামুদ্ৰিক বন্দৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱিত চুক্তিৰ খচৰাত  বাংলাদেশ কেবিনেটে অনুমোদন জনাইছে।

‘দ্য ইক’নমিক টাইমছ’ত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি বাংলাদেশৰ সংসদীয় সচিব ছাফিউল আলমে ব্যক্ত কৰিছে যে ১৮ ছেপ্টেম্বৰত অনুমোদিত হোৱা এই চুক্তিয়ে ভাৰত-বাংলাদেশৰ ‘বন্ধুত্বপূৰ্ণ সম্পৰ্ক’ আৰু সুদৃঢ় কৰাত সহায় কৰিব।

প্ৰতিৱেদনটোত আৰু ব্যক্ত কৰা হৈছে যে খচৰা চুক্তিখন পাঁচ বছৰৰ বাবে কাৰ্যকৰী থাকিব আৰু পৰৱৰ্তী ৫বছৰৰ বাবে স্বয়ংক্ৰিয় নবীকৰণৰ ব্যৱস্থা থাকিব। ৬ মাহৰ অগতীয়া জননী দি যিকোনো পক্ষই এই চুক্তি ৰদ কৰিব পাৰিব।

এই চুক্তি অনুসৰি আলমে ব্যক্ত কৰিছে যে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ পৰা সামগ্ৰী পৰিবহণ কৰাৰ বাবে  ভাৰতক অতি শীঘ্ৰেই বাংলাদেশৰ চট্টগ্ৰাম (চিটাগং) আৰু মংলা সামুদ্ৰিক বন্দৰ ব্যৱহাৰ কৰাৰ অনমতি প্ৰদান কৰা হ’ব। বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ অধ্যক্ষতাত বহা কেবিনেট সভাৰ পাছত সংসদীয় সচিবগৰাকীয়ে এইদৰে কয়।

চিটাগং আৰু মংলা বন্দৰৰ মাজত যোগাযোগ নেটৱৰ্ক গঢ়ি তোলাৰ এখন খচৰা প্ৰস্তুত কৰি ইতিমধ্যে ভাৰতৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে।আলমে আৰু ব্যক্ত কৰিছে যে যদিহে বিচাৰে নেপাল আৰু ভুটানেও এই চুক্তিত সাক্ষৰ কৰিব পাৰে।

সামগ্ৰী পৰিবহণৰ বাবে ৪টা সামুদ্ৰিক পথৰ পৰামৰ্শ দিয়া হৈছে। পথকেইটা হৈছে— চট্টগ্ৰাম বন্দৰ/মংলা বন্দৰ-আখাউৰা হৈ আগৰতলা, চট্টগ্ৰাম/মংলা- তামাবিল হৈ ডাউকি, চট্টগ্ৰাম/মংলা-শেওলা হৈ সুতাৰকান্দি আৰু চট্টগ্ৰাম/মংলাৰ-সীমান্তপুৰ হৈ বিবেকবাজাৰলৈ।

কিন্তু আলমে কৈছে যে চুক্তি অনুসৰি বাংলাদেশৰ অভ্যন্তৰত কেবল বাংলাদেশী যান-বাহন আৰু জাহাজকহে সামগ্ৰী কঢ়িওৱাৰ অনুমতি দিয়া হ’ব। বাংলাদেশৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজৰ ওপৰত আধুনিক প্ৰযুক্তিৰ ট্ৰেকিং ব্যৱস্থাৰে চকু ৰখা হ’ব। আলমে আৰু কৈছে যে সামগ্ৰী পৰিবহণৰ সময়ত ভাৰতে আন্তৰ্জাতিক আমদানি শুল্ক আৰু বাণিজ্যৰ সমুহীয়া চুক্তি (GATT) মানি চলাৰ উপৰিও বাংলাদেশৰ আইন আৰু নিয়ম মানি চলিব লাগিব।

চুক্তিখনে বাংলাদেশৰ কৰ কৰ্তৃপক্ষক পৰামৰ্শ দিছে যে ভাৰতীয় কোম্পানীসমূহৰ পৰা নিয়মীয়া সীমা-শুল্ক আৰু কৰৰ লগতে ‘আমদানি শুল্ক আৰু বাণিজ্যৰ সমুহীয়া চুক্তি’ অনুসৰি  কৰ, সীমাশুল্ক আৰু সমপৰ্যায়ৰ চুক্তিপত্ৰ ল’ব পাৰিব।

খচৰা চুক্তিখনত আৰু কোৱা হৈছে যে বাংলাদেশী কৰ্তৃপক্ষই জিপিএছ, ই-লক, ই-ছীল আৰু চিনাক্তকৰণ ব্যৱস্থাৰে মালবাহী জাহাজসমূহক চিনাক্ত কৰিব।

আলমে ব্যক্ত কৰিছে যে প্ৰস্তাৱিত এই চুক্তিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে দুয়োদেশৰ মাজৰ আন্তৰিক দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd