• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি চৰকাৰৰ অভিযোগ কিমান সত্য? সংখ্যালঘূৰ বিৰুদ্ধে হোৱা অপৰাধৰ তথ্য ৰাজহুৱা কৰিলে বাংলাদেশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 9:00 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৯ জানুৱাৰীত বাংলাদেশত সংখ্যালঘূৰ অৱস্থা আৰু তেওঁলোকৰ ওপৰত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অত্যাচাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছিল ভাৰত চৰকাৰে। ইয়াৰ ১০ দিনৰ পাছত পৰিসংখ্যা প্ৰকাশ কৰিলে বাংলাদেশৰ ইউনূছ প্ৰশাসনে।

২০২৫ বৰ্ষত বাংলাদেশত সংখ্যালঘূৰ বিৰুদ্ধে কিমান অপৰাধৰ ঘটনা সংঘটিত হৈছে আৰু সেই সন্দৰ্ভত কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, তাৰ এক বিতং প্ৰতিবেদন ঢাকাই প্ৰকাশ কৰিছে। তেওঁলোকৰ দাবী অনুসৰি, ২০২৫ চনত বাংলাদেশত যিমানবোৰ অপৰাধৰ ঘটনা ঘটিছে, তাৰ বেছিভাগেই আছিল অসাম্প্রদায়িক আৰু সাধাৰণ অপৰাধমূলক। ধৰ্ম বা জাতিৰ সৈতে অধিকাংশ অপৰাধৰে কোনো যোগসূত্র নাছিল। আৰক্ষীৰ নথিভুক্ত তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

Apply Now

উল্লেখ্য যে, যোৱা ৯ জানুৱাৰীত বাংলাদেশত সংখ্যালঘূৰ অৱস্থা আৰু তেওঁলোকৰ ওপৰত হোৱা আক্ৰমণক লৈ ভাৰত চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনাইছিল যে, বাংলাদেশত সংখ্যালঘূৰ ওপৰত আক্ৰমণৰ এক অস্বস্তিকৰ ধাৰা লক্ষ্য কৰা হৈছে আৰু ইয়াক দৃঢ়তাৰে মোকাবিলা কৰা প্ৰয়োজন। ইয়াৰ ১০ দিনৰ পাছতেই সংখ্যালঘু সমস্যাৰ ব্যাখ্যা দি বিবৃতি প্ৰকাশ কৰিলে ইউনূছ চৰকাৰে।

ঢাকাৰ পৰিসংখ্যা অনুসৰি, ২০২৫ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে বাংলাদেশত সংখ্যালঘূ সংক্ৰান্তীয় মুঠ ৬৪৫টা অপৰাধৰ ঘটনা সংঘটিত হৈছে। তাৰ ভিতৰত ৭১টা ঘটনাক সাম্প্রদায়িক হিচাপে চিহ্নিত কৰা হৈছে। বাকী ৫৭৪টা ঘটনাৰ চৰিত্ৰ অসাম্প্রদায়িক আৰু সাধাৰণ অপৰাধমূলক। এই ৭১টা সাম্প্রদায়িক অপৰাধৰ ভিতৰত ৫০টা গোচৰ আৰক্ষীৰ ওচৰত ৰুজু কৰা হৈছে আৰু সমসংখ্যক লোকক গ্ৰেপ্তাৰো কৰা হৈছে। ইয়াৰ উপৰি ২১টা ঘটনাৰ তদন্তৰ স্বাৰ্থত প্ৰয়োজনীয় প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সংখ্যালঘূ লোক জড়িত থকা বাকী ৫৭৪টা ঘটনাৰ সৈতে ধৰ্মৰ কোনো সম্পৰ্ক নাই বুলি ইউনূছৰ দপ্তৰে দাবী কৰিছে। এইবোৰৰ নেপথ্যত সামাজিক বিবাদ, পাৰিবাৰিক অশান্তি, ভূমি সংক্ৰান্তীয় বিবাদ, চুৰি বা ধৰ্ষণৰ দৰে অভিযোগ থকা বুলি তেওঁলোকে উল্লেখ কৰিছে। এই ক্ষেত্ৰত ৩৯০টা গোচৰ ৰুজু কৰা হৈছে আৰু অস্বাভাৱিক মৃত্যুৰ সংখ্যা হৈছে ১৫৪টা। মুঠ ৪৯৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰি আন ৩০টা ঘটনাত বাংলাদেশ আৰক্ষীয়ে অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিছে।

ইউনূছৰ বিবৃতিত উল্লেখ কৰা হৈছে যে, “প্ৰতিটো ঘটনাই উদ্বেগজনক। কিন্তু পৰিসংখ্যাৰ পৰা স্পষ্টকৈ বুজা গৈছে যে, অধিকাংশ ঘটনাই অপৰাধমূলক আৰু অসাম্প্রদায়িক।”

২০২২ চনৰ লোকপিয়ল অনুসৰি, বাংলাদেশৰ মুঠ জনসংখ্যাৰ ৭.৯৫ শতাংশ হিন্দু, ০.৬১ শতাংশ বৌদ্ধ আৰু ০.১২ শতাংশ অন্যান্য ধৰ্মাৱলম্বী লোক আছে। ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা এই সংখ্যালঘূ সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰৰ ঘটনা বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন হৈছে। সম্প্ৰদায়টোৰ বিভিন্ন সংগঠনেও একাধিকবাৰ এই অভিযোগ তুলিছে। অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে প্ৰকাশিত এই প্ৰতিবেদনে বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd