• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাছিনাৰ ৰায়দানৰ পূৰ্বে উত্তপ্ত বাংলাদেশ: আৱামি লীগৰ দুদিনীয়া বন্ধৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2025 6:42 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বেখ হাছিনাৰ বিৰুদ্ধে চলি থকা গোচৰসমূহৰ ৰায়দানৰ পূৰ্বে বাংলাদেশত ৰাজনৈতিক উত্তেজনা চৰম সীমাত উপনীত হৈছে। তেওঁৰ দল বাংলাদেশ আৱামি লীগে দেওবাৰে পুৱাৰে পৰা দেশজুৰি দুদিনীয়া বন্ধৰ আহ্বান জনাইছে। ফলত দেশখনত স্বাভাৱিক জীৱন প্ৰায় স্তব্ধ হৈ পৰিছে। সেয়ে এই গুৰুত্বপূৰ্ণ ৰায়ৰ পূৰ্বে দেশখনত কটকটীয়া নিৰাপত্তা বলবৎ কৰা হৈছে।

শিক্ষাৰ্থী আন্দোলনৰ পাছৰ পৰিস্থিতি

২০২৪ চনৰ জুলাই-আগষ্ট মাহৰ শিক্ষাৰ্থী আন্দোলনে সমগ্ৰ বাংলাদেশ অচল কৰি তুলিছিল। ব্যাপক হিংসাত্মক প্ৰতিবাদৰ মাজতে ৫ আগষ্ট, ২০২৪ তাৰিখে তৎকালীন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশ এৰি ভাৰতলৈ পলাই যায়। তাৰ পিছতেই নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ গঠন হয়।

Apply Now

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, সেই সময়ত সংঘটিত আন্দোলনত প্ৰায় ১৪০০ জন লোকৰ মৃত্যু হৈছিল। বৰ্তমান, শ্বেখ হাছিনাৰ বিৰুদ্ধে বিভিন্ন অপৰাধ তথা ক্ষমতাৰ অপব্যৱহাৰৰ গোচৰৰ ৰায়দানৰ বাবে বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ সাজু হৈছে। অৱশ্যে হাছিনাই ইতিমধ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে।

বন্ধৰ প্ৰভাৱ আৰু আৰক্ষীৰ স্থিতি

বন্ধৰ ফলত ঢাকাত যানবাহনৰ সংখ্যা উল্লেখযোগ্যভাবে হ্ৰাস পাইছে। আনহাতে কিছুমান অঞ্চলত ফটকাৰ দৰে শব্দও শুনা গৈছে বুলি স্থানীয়লোকসকলে জানাইছে। স্বাভাৱিক চহৰ জীৱন ব্যাহত হৈছে।অন্তৱৰ্তীকালীন চৰকাৰে আৱামি লীগ আৰু ইয়াৰ সৈতে জড়িত সংগঠনসমূহৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ পিছত, দলৰ শীৰ্ষ নেতাসকলে অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে আন্দোলনৰ আহ্বান জনাইছে। অনলাইনত ব্যাপক প্ৰচাৰ চলাই তেওঁলোকে পুনৰ সংগঠিত হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

অৰ্থনীতি আৰু চলিত অচলা অৱস্থাক লৈ চিন্তা

বাংলাদেশ গাৰ্মেণ্ট মেনুফেকচাৰাৰ্ছ এণ্ড এক্সপ’ৰ্টাৰ্ছ এছ’চিয়েশ্যনৰ (BGMEA) প্ৰাক্তন সভাপতি কাজী মনিৰুজ্জামান চলিত অচলা অৱস্থাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে, “দেশৰ পৰিস্থিতি অত্যন্ত সংকটজনক। আমি আশা কৰোঁ শীঘ্ৰেই মুক্ত আৰু ন্যায়সংগত নিৰ্বাচন হৈ দেশত স্থিতিশীলতা পুনৰুদ্ধাৰ হ’ব।”

ভাৰতৰ সৈতে সম্পৰ্ক:

মনিৰুজ্জামানে ১৯৭১ চনৰ স্বাধীনতা সংগ্ৰামী হিচাপে চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “১৯৭১ চনত ভাৰতে বাংলাদেশক সহায় কৰিছিল। স্বাধীনতা সংগ্ৰামী হিচাপে মই সেই সহায়ৰ স্বীকৃতি দিওঁ। ভাৰতে আমাৰ আবেগ বুজিব বুলি আশা কৰোঁ।”

বস্ত্ৰ উদ্যোগৰ ওপৰত প্ৰভাৱ:

বাংলাদেশৰ মুখ্য বৈদেশিক মুদ্ৰা আহৰণৰ উৎস বস্ত্ৰ উদ্যোগ (Textile Industry)। গতিকে তেওঁ সতৰ্ক কৰি দিয়ে যে, “যিকোনো ৰাজনৈতিক অশান্তিয়ে বস্ত্ৰ উদ্যোগৰ বিদেশী ক্ৰেতাসকলৰ আস্থা হেৰুৱাব পাৰে, যাৰ ফলত বৃহৎ অৰ্থনৈতিক বিপৰ্যয় নামি আহিব।” লগতে তেওঁ স্পষ্টভাৱে কয়, “ধৰ্মৰ ভিত্তিত কোনো বৈষম্য হ’ব নালাগে। আমি বাংলাদেশী সংখ্যাগৰিষ্ঠ, সংখ্যালঘু বুলি কোনো ধৰণে ভাগ হ’ব নালাগে।”

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ:

উল্লখযোগ্য যে, ১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানৰ দায়িত্ববোধৰ অভাৱৰ বাবে শ্বেখ হাছিনা পৰিচালিত চৰকাৰে প্ৰথমে এই ন্যায়াধিকৰণ গঠন কৰিছিল। ইয়াৰ দ্বাৰা যুদ্ধাপৰাধৰ বাবে জামাত–ই–ইছলামীৰ বহু নেতাৰ বিচাৰ হৈছিল। বৰ্তমান সেই ন্যায়াধিকৰণেই হাছিনাৰ বিৰুদ্ধে চলি থকা অভিযোগসমূহৰ বিচাৰ কৰিবলৈ সাজু হৈছে। এই ৰায়ে বাংলাদেশৰ আগন্তুক ৰাজনৈতিক দৃশ্যপট সলনি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd