• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলা টাইগাৰ্ছৰ ধৰ্মঘট, সংকটত ভাৰত-বাংলাদেশৰ ক্ৰিকেট শৃংখলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 9:10 pm

2 min read

among-the-11-demands-is-one-th
1k
VIEWS
Share on FacebookShare on Twitter

অহা ৩ নবেম্বৰৰ পৰা ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ঘৰৰ মাটিত তিনিখনীয়া টি-২০ শৃংখলাত অংশ লোৱাৰ কথা আছিল, কিন্তু এতিয়া শৃংখলাটো অনুষ্ঠিত হ’ব নে নহয় তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

সোমবাৰে বাংলাদেশৰ ছিনিয়ৰ ক্ৰিকেট দলৰ একাংশ ক্ৰিকেটাৰে ঢাকাত এক সংবাদমেলৰ জৰিয়তে ক্ৰিকেট ব’ৰ্ডত ধমক প্ৰদান কৰে। ব’ৰ্ডে ক্ৰিকেটাৰ সকলৰ ১১টা দাবী পূৰণ নকৰা পৰ্যন্ত তেওঁলোকে ক্ৰিকেট গতিবিধিৰ সৈতে জড়িত নহয় বুলি হুমকি দিছে।

ক্ৰিকেটাৰ সকলৰ এনে সিদ্ধান্ত তথা প্ৰতিবাদে এতিয়া সংকটত পেলাইছে ভাৰত-বাংলাদেশৰ ক্ৰিকেট শৃংখলা।

আজিৰ সংবাদমেলত চাকিব আল হাছান, মেহমুদুল্লাহ, মুছফিকুৰ ৰহিম আৰু তামিম ইকাবালৰ দৰে ক্ৰিকেটাৰে অংশ লোৱাৰ লগতে যথেষ্ট সংখ্যক ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰে তেওঁলোকক সমৰ্থন দিয়ে।

‘আমাৰ এই কাৰ্যসূচীত ১৯ অনূৰ্ধ্বৰ দলটোক সাঙুৰি লোৱা নাই কিয়নো তেওঁলোকে বিশ্বকাপৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ বাহিৰে সকলো আমাৰ লগত আছে। যেতিয়ালৈ আমাৰ দাবী সমূহ পূৰণ কৰা নহয় তেতিয়ালৈ আমি ক্ৰিকেটত জড়িত নহও’। বৰ্তমান সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ চাকিব আল হাছানৰ মন্তব্য।

ক্ৰিকেটাৰ সকলৰ এনে সিদ্ধান্তৰ বিষয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ চি ই অ’ নিজামুদ্দিন চৌধুৰীয়ে কয়, ‘ক্ৰিকেটাৰ সকলৰ দাবী সমূহ ব’ৰ্ডৰ মজিয়াত আলোচনা কৰা হ’ব আৰু অতি শীঘ্ৰে সমস্যা সমূহ সমাধান কৰাৰ প্ৰয়াস কৰিম’।

বাংলাদেশ ক্ৰিকেটাৰ সকলৰ কেইটামান প্ৰধান দাবী তলত উল্লেখ কৰা হ’ল-

  • শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ ক্ৰিকেটাৰ্ছ ৱেলফেয়াৰ এছ’চিয়েশ্যন অব বাংলাদেশৰ বৰ্তমানৰ সভাপতি আৰু সম্পাদকৰ পদত্যাগ। পদত্যাগৰ পাছত ক্ৰিকেটাৰ সকলে নিৰ্বাচিত কৰিব পৰৱৰ্তি সভাপতি আৰু সম্পাদক।
  • ছিনিয়ৰ ক্ৰিকেট দলৰ লগতে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰ সকলৰ পাৰিশ্ৰমিক বৃদ্ধি।
  • পূৰ্বৰ দৰে ফ্ৰেঞ্চাইজ ষ্টাইলত অনুষ্ঠিত হ’ব লাগে বি পি এল।
  • বাংলাদেশৰ ঘৰুৱা টুৰ্ণামেণ্ট ঢাকা প্ৰিমিয়াৰ লীগত বেতনৰ সীমাবদ্ধতা (salary cap) থকা উচিত নহয়।
  • ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্ট বৃদ্ধিৰো দাবী তোলে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd