NORTHEAST NOW (Assamese)

বেংকৰ কেণ্টিনত নিষিদ্ধ গো-মাংস, বাওঁপন্থী শাসিত কেৰালাত তুংগত বিতৰ্ক

August 30, 2025 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী

মাছ হওক বা গো-মাংস হওক, সাধাৰণ মানুহে কি খাব লাগে, কি খাব নালাগে সেই সন্দৰ্ভত ফতোৱা জাৰি কৰি বিজেপি নেতাসকলে বাৰে বাৰে বিতৰ্কত লিপ্ত হৈছে। বিজেপি শাসিত ৰাজ্যত এনেকুৱা প্ৰায়ে ঘটে। কিন্তু এইবাৰ বাওঁপন্থী শাসিত কেৰালাৰ কোচি চহৰৰ কানাড়া বেংকৰ এটা শাখাৰ কেণ্টিনত গো-মাংস নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা জাৰি কৰিছে শাখা পৰিচালকে। এই ঘটনাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

জানিব পৰা মতে, অলপতে বিহাৰৰ পৰা বদলি হোৱা মেনেজাৰজন কোচি শাখালৈ আহিছে। তেওঁৰ আচৰণ আৰু কথা-বতৰাত বেংকৰ সাধাৰণ কৰ্মচাৰীসকল একেবাৰেই সুখী নহয়। যথেষ্ট দিনৰ পৰা মেনেজাৰে কৰ্মচাৰীসকলৰ লগত মানসিকভাৱে হাৰাশাস্তি আৰু অপমানজনক আচৰণ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ প্ৰতিবাদত বেংক কৰ্মচাৰী সংগঠনটোৱেও এক কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। এনে পৰিস্থিতিত শাখা পৰিচালকে কেণ্টিনত গো-মাংস পৰিবেশন কৰাত আপত্তি কৰে। ইয়াৰ ফলত কৰ্মচাৰীসকল আৰু অধিক ক্ষুব্ধ হৈ পৰে। ৰাজহুৱা স্থানত গো-মাংস খাই প্ৰতিবাদ সাব্যস্ত কৰে।

বেংকৰ কৰ্মচাৰী সংঘৰ নেতা এছ এছ অনিলাই কয়, “বেংকত এখন সৰু কেণ্টিন আছে, য’ত নিৰ্দিষ্ট দিনত গো-মাংস পৰিবেশন কৰা হয়। মেনেজাৰে কেন্টিনৰ কৰ্মচাৰীসকলক জনাইছে যে গো-মাংস খোৱা নহ’ব। এই বেংকে সংবিধানৰ নিৰ্দেশনা মানি চলে। ব্যক্তিগত কথা কোনে খায়। ভাৰতত প্ৰত্যেকৰে নিজৰ নিজৰ খাদ্য বাছি লোৱাৰ অধিকাৰ আছে।”

Related News