দেশৰ বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই সঞ্চয় একাউণ্টত ন্যূনতম জমা ৰাশি ৰাখিব নোৱাৰিলে বিহা জৰিমনা মাফ কৰাৰ পাছতো, অন্যান্য ৰাজহুৱা খণ্ডৰ বেংকসমূহে ইয়াৰ নামত বৃহৎ ধন সংগ্ৰহ কৰা তথ্য পোহৰলৈ আহিছে। সংসদীয় সমিতিৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি, ২০২০-২১ ৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত বেংকসমূহে একাউণ্টধাৰীসকলৰ পৰা জৰিমনা হিচাপে মুঠ ৮,৬২১.১২ কোটি টকা সংগ্ৰহ কৰিছে।
শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এই জৰিমনা সংগ্ৰহৰ তালিকাত উত্তৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰই শীৰ্ষত স্থান লাভ কৰিছে। যোৱা পাঁচ বছৰত উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক ১,২৩৩.৯৭ কোটি টকা জৰিমনা হিচাপে সংগ্ৰহ কৰা হৈছে। ইয়াৰ পাছতে তামিলনাডুৰ পৰা ১,০২১.৩৮ কোটি টকা (সংশোধিত তথ্য অনুসৰি), মহাৰাষ্ট্ৰৰ পৰা ১,০৮৮.১৮ কোটি টকা আৰু কৰ্ণাটকৰ পৰা ৫২৯.২০ কোটি টকা সংগ্ৰহ কৰা হৈছে। কৰ্ণাটক এই তালিকাত চতুৰ্থ স্থানত আছে আৰু ইয়াৰ পাছতে আছে বিহাৰ।
লোকসভাৰ আবেদন সমিতিয়ে (Petition Committee) বেংকসমূহক গ্ৰাহকৰ পৰা ন্যূনতম জমা ৰাশিৰ নামত জৰিমনা সংগ্ৰহ কৰাৰ এই প্ৰথা বন্ধ কৰিবলৈ আহ্বান জনাইছে। এক বিশ্লেষণত দেখা গৈছে যে ২০২০-২১ আৰু ২০২৩-২৪ বৰ্ষৰ ভিতৰত জৰিমনা সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছিল, যদিও ২০২৪-২৫ বৰ্ষত ইয়াৰ হাৰ কিছু হ্ৰাস পাইছে।
উল্লেখ্য যে ২০২০ চনৰ মাৰ্চ মাহত এছবিআইয়ে সঞ্চয় একাউণ্টৰ ওপৰত লগোৱা জৰিমনা বন্ধ কৰিছিল। তাৰ পাছতো ৰাষ্ট্ৰীয় পৰ্যায়ত এই জৰিমনাৰ পৰিমাণ ২০২০-২১ বৰ্ষৰ ১,১৪৮.৭১ কোটি টকাৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাই ২০২৩-২৪ বৰ্ষত ২,২২৫.১০ কোটি টকা হৈছিলগৈ।
সংসদীয় সমিতিয়ে মত প্ৰকাশ কৰিছে যে সঞ্চয় একাউণ্টত ন্যূনতম জমা ৰাশিৰ জৰিমনা মাফ কৰাৰ সিদ্ধান্ত সকলো পক্ষৰ স্বাৰ্থত হ’ব। লগতে সমিতিয়ে পৰামৰ্শ দিছে যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহে চলিত একাউণ্ট (Current Account) থকা ক্ষুদ্ৰ উদ্যোগী, স্ব-নিয়োজিত ব্যক্তি আৰু সৰু ব্যৱসায়ীসকলৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগে। বাৰে বাৰে জৰিমনা বিহি তেওঁলোকক হাৰাশাস্তি নকৰিবলৈও বেংকসমূহক নিৰ্দেশ দিয়া হৈছে।
উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু পঞ্জাৱত যোৱা বৰ্ষত জৰিমনা সংগ্ৰহৰ পৰিমাণ কিছু হ্ৰাস পোৱা দেখা গৈছে। কিন্তু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত কৰ্ণাটকৰ বাহিৰে বেংকৰ জৰিমনা সংগ্ৰহৰ হাৰ বৃদ্ধি পাইছে।





