NORTHEAST NOW (Assamese)

চামগুৰিৰ আমনিত উদ্ধাৰ হোৱা প্ৰাপ্ত বয়স্ক সুগৰি পহুৰ মৃত্যু

November 13, 2018 6:44 am · বিদ্যুৎ জ্যোতি বৰা
বন বিভাগে উদ্ধাৰ কৰাৰ সময়ত সুগৰি পহুটো। ফটো : নৰ্থইষ্ট নাও

নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আমনি ডিজুবস্তি অঞ্চলত সোমবাৰে এটা সুগৰি পহু বন বিভাগে উদ্ধাৰ কৰে যদিও পৰৱতী সময়ত চিকিৎসাধীন অৱস্থাত সুগৰি পহুটোৰ মৃত্যু ঘটে ৷

জানিব পৰা মতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আমনি ডিজুবস্তি অঞ্চলৰ পথাৰত সোমবাৰে পুৱা স্থানীয় একাংশ লোকে এটা আঘাত প্ৰাপ্ত বয়স্ক সুগৰি পহু দেখা পাই বন বিভাগক খবৰ দিয়ে ৷

বন বিভাগক খবৰ দিয়াৰ কিছু সময় পাছতে উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত সুগৰি পহুটো উদ্ধাৰ কৰি চামগুৰিৰ পৰা যোৱা পশু চিকিৎসক প্ৰশান্ত মজুমদাৰৰ জৰিয়তে পহুটোক  চিকিৎসা প্ৰদান কৰে যদিও পৰৱৰ্তী সময়ত পহুটোৰ মৃত্যু ঘটে বুলি বন বিভাগে জানিবলৈ দিয়ে৷

উল্লেখ্য যে উক্ত সুগৰি পহুটো উত্তৰ ডিজু সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ৷

Related News