অৱশেষত চিকিৎসকৰ বহু চেষ্টাৰ পিছতো বৈকুণ্ঠগামী হ’ল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা। কৃত ৰোগত আক্ৰান্ত হৈ থকা বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যু ঘটে। মহা প্ৰয়াণৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বিয়লি ৪ বাজি ৫৬ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সুন্দৰীদিয়া সত্ৰত ১৯৩৮ চনৰ ১ এপ্ৰিলত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃ দময়ন্তী দেৱী।
বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা বশিষ্ঠ দেৱ শৰ্মাই সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
১৯৯৩ চনত তেওঁ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হৈছিল।
ৰাজ্যৰ বিভিন্ন স্থানত তেওঁ বৰপেটা সত্ৰৰ শাখা সত্ৰ স্থাপন কৰিছিল।উল্লেখযোগ্য কথাটো হ’ল তেওঁ ডঃ ভূপেন হাজৰিকা পৰিচালিত ‘এৰাবাটৰ সুৰ’ত ‘ভোৰ-তাল নৃত্য’ প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল।। তেওঁ বাংলা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কেইখন মান নাট হ’ল – মাটিৰ মানুহ, নহুষ উদ্ধাৰ, মহিষাসুৰ বধ, বেথাৰ পূজা আদি।
তেওঁ নাওখেলৰ গীত, মহোহো গীত, থানৰ বাতৰি সোধা ভবা ৰোগৰ ঔষধ কৃষ্ণ কথা, সত্ৰত শৰণৰ ব্যৱস্থা, ৰাস তথ্য, শকত ব্যঞ্জন, মানৱ জীৱন, চন্দন কথা, ধৰ্ম আদিও ৰচনা কৰি থৈ গৈছে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ কেইখনমান হ’ল ‘সত্ৰীয়া নীতি বিচাৰ’, শংকৰদেৱ, সুন্দৰীদিয়া, থিয় নাম , এক মধুৰ সোঁৱৰণী আদি ।
শংকৰদেৱ বঁটা, সুন্দৰীদিয়া সত্ৰৰ ‘মাধৱদেৱ বঁটা আদিৰে বিভূষিত হৈছিল। ২০১১ চনত ‘সাংস্কৃতিক মহাসভা অসম’-এ তেওঁক ” জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটাপ্ৰদান কৰিছিল। ২০১১ চনত শ্ৰী শ্ৰী দৈত্তাৰী ঠাকুৰ দেৱ বঁটা, গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ বৰপেটা ফেল ‘শ্বিপ, ‘শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতা বঁটা, কমলাবাৰী সত্ৰ, অসমৰ পৰা ” শ্ৰী শ্ৰী বদলা পদ্ম আতা বঁটা”, ২০১৪ চনত যোৰহাটৰ ‘শংকৰ মাধৱ সঞ্চাৰণ বঁটা, হাউলী বঁটা, ২০১৭ চনত ‘কৃষ্ণনন্দ বঁটা “, ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভা, অসম সমিতিৰ লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা আদিৰেও তেওঁক সন্মানিত কৰা হৈছিল।বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুত বহু দল-সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।