NORTHEAST NOW (Assamese)

ৰাজ্যত এখন শুদ্ধ এন আৰ চি প্ৰকাশ নোপোৱাৰ আশংকা কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ

August 20, 2019 2:17 pm · কল্পজ্যোতি শইকীয়া
আব্দুল খালেক

মঙলবাৰে ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৰাজ্যত এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰকাশ নোপোৱাৰ আংশকা প্ৰকাশ কৰে।

৩১ আগষ্টত প্ৰকাশ পাবলগীয়া নাগৰিকপঞ্জীৰ পৰা কেইবা লাখ ভাৰতীয় লোকৰ নাম বাদ পৰাৰ আংশকা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত জনাই খালেকে।

আনহাতে, এন আৰ চি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ভূমিকাৰ ওপৰত মন্তব্য প্ৰকাশ কৰি খালেকে ৰাজ্য চৰকাৰে নিজ চৰকাৰৰ কৰ্মচাৰীয়ে কৰা কামৰ ওপৰতে সন্দেহ প্ৰকাশ কৰে বুলি মন্তব্য কৰে।

খালেকে লগতে চৰকাৰৰ মন্ত্ৰী, বিধায়কৰ বক্তব্যত এন আৰ চিৰ প্ৰতি থকা অনাস্থা প্ৰকাশ পাইছে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই কাৰ্য্যত ভিলেইন হ’বলৈহে গৈ আছে বুলিও সাংসদ গৰাকীয়ে বিস্ফোৰক স্বীকাৰোক্তি দাঙি ধৰে।

খালেকে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ পুনৰীক্ষণ নকৰিবৰ বাবে দিয়া নিৰ্দেশৰ পাছতো চৰকাৰৰ নিৰ্দেশত এন আৰ চিৰ পুনৰীক্ষণ কৰি আছে বুলি অভিযোগ তোলে।

এন আৰ চি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ স্থিতিক সমালোচনা কৰি খালেকে কয় যে মুখ্য মন্ত্ৰী সোণোৱালৰ মুখত ভাল কথা কিন্তু ভিতৰি ভেজাল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা বিশ্বাস কৰিবই নোৱাৰি বুলিও কয় কংগ্ৰেছ সাংসদগৰাকীয়ে।

Related News