বটদ্ৰৱা থানৰ মহীৰূহ, বৰনাম লগোৱা, বৈষ্ণৱ পণ্ডিত যোগেশ আতৈৰ শুকুৰবাৰে নিশা ১০.১৫ বজাত দেহাৱসান ঘটে। ১৯৭৬ চনৰ পৰা প্ৰায় সুদীৰ্ঘ ৪২ বছৰ গুৰুজনাৰ সেৱাতেই নিমজ্জিত হৈ থকা বৈষ্ণৱ পণ্ডিত যোগেশ আতৈয়ে বটদ্ৰৱা থানৰ চৈধ্য প্ৰসংগৰ কাহিলি পুৱা তাল কোবোৱা প্ৰসংগৰ পৰা নিশা শেষ পাল গোৱালৈকে সম্পূৰ্ণ পৰম্পৰা আৰু ঐতিহ্যক জীপাল কৰি ৰাখিছিল।
বিগত ব’হাগ মাহৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত অসম চৰকাৰৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত হাটীবহাৰ কুটীৰলৈ তেওঁৰ ইচ্ছা অনুসৰি স্থানান্তৰিত কৰা হয়।
চৰকাৰী ব্যৱস্থা অনুসৰি প্ৰতিদিনে এগৰাকী চিকিৎসকে নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰি আছিল যদিও অৱশেষত নিয়তিৰ ওচৰত সকলোৱে হাৰ মানিলে এই সমৰ্পিত বৈষ্ণৱ পণ্ডিতগৰাকী।
আজীৱন কাল অসমীয়া জাতীয় জীৱনৰ পবিত্ৰ ভাদ মাহৰ বটদ্ৰৱা থানৰ মৌলিক পৰম্পৰা ধাৰাবাহিকতা ৰক্ষা কৰি সত্ৰ কৃষ্টিৰ সাধনাক জীৱনৰ মূল ব্ৰত হিচাপে গ্ৰহণ কৰা চিৰ কৌমাৰ্য ব্ৰতাৱলম্বী যোগেশ আতৈয়ে যেন মহা মহাপুৰুষৰ চানেকি ৰাখি শাওন ভাদৰ সংক্ৰান্তিৰ দিনাই ইহলোকৰ পৰা পৰলোকলৈ গমন কৰে।
বৃহস্পতিবাৰৰে পৰা স্মৃতি শক্তি আৰু বাক শক্তি হেৰুৱাই পেলোৱাৰ পাছত শুকুৰবাৰে নিশা বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ লগতে সমগ্ৰ ৰাজ্যখনৰ গুৰুজনাৰ একান্ত সেৱক সকলক শোক সাগৰত পেলাই যোগেশ আতৈ বৈকুণ্ঠলৈ গমন কৰে।
তেওঁৰ পৰলোক গমনৰ বাতৰি বিয়পি পৰাৰ লগে লগে বটদ্ৰৱাৰ আকাশে বতাহে কান্দোনৰ ৰোল উঠে। আনহাতে, বটদ্ৰবাৰ বিধায়িকা আংগুৰলতা ডেকা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক ব্ৰজেন কাকতি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অসংখ্য গুণমুগ্ধই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।