• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত বটদ্ৰৱা থান

মিণ্টু দাস by মিণ্টু দাস
September 19, 2018 7:36 pm
237
VIEWS
Share on FacebookShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ৫৭০ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষজনাৰ পৱিত্ৰ জন্মভূমি দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে।

পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন তীৰ্থযাত্রীৰ লগতে ভক্ত-বৈষ্ণৱ, দৰ্শনাৰ্থীৰ সোঁত বৈছে পৱিত্ৰ বটদ্ৰৱা থানলৈ। গুৰু বন্দনা, হৰিন‍ামৰ ধ্বনিৰে আজি দ্বিতীয় বৈকুণ্ঠত পৰিণত হয় বটদ্ৰৱা থান।

আজি গুৰুজনাৰ জন্মতিথি উপলক্ষে পুৱা নিত্য-নৈমিত্তিক প্ৰসংগৰ অন্তত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই উদ্বোধন কৰা শোভাযাত্ৰাটিত শিশুৰ পৰা আৱাল বৃদ্ধা- বনিতালৈকে কেইবা সহস্ৰাধিক ৰাইজে অংশ লৈ হৰিনাম কীৰ্তন, গুৰু বন্দনাৰে মুখৰিত কৰি তোলে বটদ্ৰৱাৰ আকাশ-বতাহ।

এই সাংস্কৃতিক শোভাযাত্ৰাটিত গুৰুজনাৰ অন্যান্য সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ গীত-মাত, নৃত্য, বৰগীত, গায়ন-বায়ন, অংকীয়া ভাওনাকে ধৰি বিভিন্ন সমলসমূহ প্ৰতীকি ৰূপত প্ৰদৰ্শন কৰা হয়।

উল্লেখ্য যে এইবাৰৰ গুৰুজনাৰ জন্মোৎসৱটি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে। আনহাতে নগাঁও জিলাৰ প্ৰতিটো অঞ্চলৰ নামঘৰত মহাপুৰুষগৰাকীৰ জন্মজয়ন্তী উৎসৱটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd