• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হ’ল আই পি এল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 15, 2020 9:15 am

2 min read

32dd34813d543fc85e703eac6116a648
2.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে বি চি চি আইয়ে আই পি এল ফ্ৰেঞ্চাইজিসকলক অনিৰ্দিষ্ট কাললৈ লীগখন স্থগিত কৰা হ’ল বুলি জনায়।

ক’ৰ’নাৰ ভয়াবহ ৰূপ তথা লকডাউনৰ বৃদ্ধিয়ে এইবাৰ আই পি এল অনুষ্ঠিত কৰাত বাধাৰ সৃষ্টি কৰিলে। অৱশ্যে এই পৰ্যন্ত বি চি চি আইয়ে আই পি এল অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা বুলি কোনো আনুষ্ঠানিক ঘোষণ কৰা নাই।

ইফালে এটা সূত্ৰৰ পৰা জানিব পৰা মতে বি চি চি আইয়ে প্ৰত্যেক ফ্ৰেঞ্চাইজি, ব্ৰডকাষ্টাৰৰ লগতে আই পি এলৰ লগত জৰিত শ্বেয়াৰহল্ডাৰসকলক এই বিষয়ে অৱগত কৰিছে।

এই সন্দৰ্ভত নিজৰ প্ৰকাশৰ বাবে অনিচ্ছুক এটা ফ্ৰেঞ্চাইজিৰ এগৰাকী বিষয়াই পি টি আইৰ আগত কয়, ‍‘বৰ্তমান আই পি এল স্থগিত কৰা বুলি বি চি চি আইয়ে আমাক জনাই দিছে। কিন্তু আমি আশা কৰি আছো যে চলিত বছৰৰে শেষৰ ফালে কিবা এটা হ’ব’।

উল্লেখ্য যে আই পি এল অনুষ্ঠছিত কৰাক লৈ বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে চৰকাৰৰ নিৰ্ধেশৰ বাবে বাট চাই আছিল। কিন্তু মোদীৰ লকডাউন বৃদ্ধিৰ ঘোষণাই এপ্ৰিল-মে’ত আই পি এল অনুষ্ঠিত হোৱাৰ আশাও নিৰ্বাপিত হ’ল।

উল্লেখ্য যে গাংগুলীয়ে স্পষ্ট কৰি দিছিল যে দেশে যি সংকটৰ সন্মুখীন হৈছে সেই সময়ত খেল ডাঙৰ নহয়।

চলিত বৰ্ষৰ আই পি এ ২৯ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ক’ৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথন পৰ্যায়ত লীগখন ১৫ এপ্ৰিললৈকে পিছুৱাই দিয়া হৈছিল।

এতিয়া চলিত বছৰৰ‌ আই পি এল অনুষ্ঠিত হোৱাৰ একমাত্ৰ বিকল্প সময় হৈছে ছেপ্তেম্বৰৰ পৰা নবেম্বৰ মাহৰ ভিতৰত, যদিহে অক্টোবৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ পিছুৱাই দিয়া হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd